Type Here to Get Search Results !

অকনমান চিন্তা-চৰ্চা~

 মালবিকা শৰ্মা


   মাজতে ৱাটস-এপ’ত সুধা মূৰ্তিৰ এটা লিখা পঢ়িছিলো.... Attachment in Detachment (বিচ্ছিন্নতাৰ মাজত যোগসূত্ৰ)।লিখাটোৱে মন চুই গৈছিল ৷ একেবাৰে সচাঁ কথা ৷ 

          আগৰ দিনত মানুহবোৰে একেলগে থাকি ভাল পাইছিল। বেলেগকৈ থাকিবলগীয়া যাতে নহয়, সেয়ে ঘৰৰ ওচৰে পাজৰে থকাকামবোৰ কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। লাহে লাহে সকলোৰে দৃষ্টিভংগী সলনি হৈ আহিল। সংযুক্ত পৰিয়ালৰ পৰিবৰ্তেসকলোয়ে সৰু পৰিয়াল পচন্দ কৰা হ’ল। এক আৰামদায়ক জীৱনৰ আশাত অধিকাংশই চহৰৰ পিনে ঢাপলি মেলিলে।

           কিন্তু ইয়াতে কথা শেষ নহ’ল। একক তথা সৰু পৰিয়ালত কেৱল মাক-দেউতাক আৰু এটা দুটা সন্তানহে থাকে। তাতো উচ্চশিক্ষা আৰু সুবিধা বিচাৰি ঘৰৰ লৰা-ছোৱালীবোৰে নিজৰ ঘৰ এৰি দূৰলৈ যোৱা আৰম্ভ কৰিলে। কব নোৱাৰাকৈয়ে অথবানিবিচৰাকৈয়ে পিতৃ-মাতৃ আৰু সন্তানৰ মাজত এক ব্যৱধানৰ আৰম্ভ হৈ আহিল। আজৰি সময়ত একেলগে বহি কথা পাতা, একেলগে টেবুলত ভাত খাবলৈ বহা, চুটিৰ দিনত লগে-ভাগে কৰবাত ফুৰিবলৈ যোৱা, পূজাৰ বন্ধত নতুন ঠাই চাবলৈ যোৱাইত্যাদিবোৰ নোহোৱা হৈ আহিল।

  নতুনকৈ চাকৰি কৰি এটা বেলেগ পৰিবেশত খাপ খাই লোৱাৰ পিছত বিয়া-বাৰু কৰাই নতুন সম্পৰ্কবোৰ লৈ ব্যস্ত হই পৰোতেপুৰনি সম্পৰ্কবোৰ ম্লান পৰি আহে। এয়াই প্ৰকৃতিৰ নিয়ম। পিছে এই পৰিবৰ্তন মাক-দেউতাকৰ বাবে বেছ কষ্টদায়ক।পুৰনাস্মৃতিয়ে খুউব আমনি কৰিলেও লাহে লাহে নতুন পৰিবেশৰ সৈতে তেওঁলোকে নিজকে খাপ খোৱাব চেষ্টা কৰে। অধিকাৰৰসংজ্ঞাবোৰো লাহে লাহে সলনি হয়। কথা এষাৰ কোৱাৰ আগত অকনমান চিন্তা কৰিহে কবলগীয়া হয়।এই সময়ছোৱাত প্ৰত্যেকমাক বাপেকে নিশ্চয় নিজৰ মাতৃ-পিতৃক দি অহা মানসিক কষ্টৰ কথা মনত পেলাই পৰিতাপ কৰে।

        এনে এটা পৰিবেশত যেতিয়া মানুহবোৰে এই আবেগ, দুখ-কষ্টবোৰক একাষৰীয়া কৰি নিজৰ মনটোক বিভিন্ন ধৰনৰ চখ্ কিম্বাভাল পোৱা কামবোৰত ব্যস্ত ৰাখে, তেতিয়া এক ধৰনৰ শান্তি অনুভৱ কৰিব পাৰে।ৰাতিপুৱা বা গধূলি বাহিৰত অকমান ফুৰিঅহা, পাহৰি যোৱা আত্মীয়-স্বজন তথা পুৰণি বন্ধুৰ সৈতে নতুনকৈ যোগাযোগ, নিজে কৰি ভাল পোৱা কাম এটা, অসম্পূৰ্ণ ইচ্ছাএটা পূৰণ কৰা ইত্যাদিবোৰ লৈ সদায় ব্যস্ত হৈ থাকিলে আৰু কোনো ধৰনৰ দুখ কষ্টই মনবোৰ সেমেকাব নোৱাৰে।কাৰো পৰাএকো আশা নকৰি ভাল পাই যাব পৰাটোৱে এক সুন্দৰ অনুভূতি।

ভূৱনেশ্বৰ