নৱনীতা ডেকা
জীৱনৰ ভয় শংকা,
মনত অবুজ এটি বেদনা,
হৃদয়ত পোনাকনলৈ মৰম,
দুচকুত জীয়াই থকাৰ সীমাহীন আশা,
কিন্তু উপায়হীন,
মানৱৰ দাসত্বৰ বান্ধোনত আজি অবুজ প্ৰাণী।।
ব্যথিত সিহঁতৰ জীৱন,
হেৰাই যায় জীৱনৰ ছন্দ,
বিচাৰি নাপাই জীয়াই থকাৰ মাধুৰ্যতা।।
মানৱৰ মানৱীয়তাত সিহঁতৰ আবেগ তথা অনুভূতি মূল্যহীন।।
মানৱতাক ভৰিৰে মোহাৰি ,সততাক জলাঞ্জলি দি,
এনেকৈয়ে ৰক্তাক্ত কৰিছে মানৱে
বহুতো অবোধ প্ৰাণীৰ দেহ,
ক্ষণিকতে নিথৰ হয়,
বহুতো নিৰীহ প্ৰাণীৰ জীৱন।।
যন্ত্ৰনাত ককবকাই সাৱটি ল'ব লগা হয়
এটি অনিচ্ছাকৃত অপমৃত্যুক।।
বিনা দোষে সৰ্বস্ব ত্যাগী,
সংসাৰৰ মায়া মোহ সকলোবোৰ এৰি।।
-- কলাইগাঁও(ওদালগুৰি)