Type Here to Get Search Results !

কাঁইট

 কল্পতৰু চৌধুৰী



দুখৰ জাঁজীত কলিজা দুফাল
নাই আজি পাৰপাৰ ।

উদং পথাৰত
ভয়াৰ্ত কালৰ উচুপনি
হৃদয় নদী বৈ গ'ল
আকাশ ঢাকি ।

এই পৃথিৱীত নিজৰ
বুলিবলৈ দেখোন একোৱেই নাই পাৰভঙা এৰাসূঁতিত কেনেকৈনো চপাওঁ সাউদৰ পালতৰা নাওঁ ।

ৰিব ৰিব মলয়া বতাহ
চপৰা চপৰি খহে তেজলগা  নদীৰ ঘাট বাৰিষাৰ বান
কাঁইটৰ আচোৰ ।

জিলিৰ মাতত
নিজম তমসা ৰাতি বুকুৰ ভিতৰত বাজি উঠে অহৰহ
বেদনাৰ নুপুৰ ।।
      ###
 

মাৰফৎঃবিষ্ণুজ্যোতি পথ, ৱাৰ্ড নং ৬ মৰিগাঁও টাউন, মৰিবুঢ়াগাঁও 
ডাকঃজিলা-মৰিগাঁও(অসম)
পিনঃ৭৮২১০৫ ফোনঃ৯৪০১৩১৭৯১১