সদানন্দ শইকীয়া
অতীজৰে পৰা অসম থলুৱা মাছৰ ভড়াল৷ বিভিন্ন কাৰণত এতিয়া আগৰ দিনৰ সেই মাছবোৰ দেখা পোৱা নাযায় ৷ দবাপিটা বৰষুণত কাৱৈ, মাগুৰ, শ’ল আদি মাছবোৰ একালত চিপচিপীয়া পানীত ওপৰলৈ উঠি আহিছিল আৰু গাৱঁৰ মানুহবোৰে খালৈ ভৰাই সেই মাছবোৰ ধৰিছিল৷ এতিয়া এইবোৰ যেন সাধুকথা ৷ শাওণ, ভাদ মাহৰ ৰাতি হাতত জোৰ লৈ মাছ কাটিব যোৱাৰ সৌভাগ্য আজিৰ ডেকা গাভৰুৰ ভাগ্যত নাই ৷ চেপা,ঠোহা আদি পতা সেইবোৰ যেন আগৰ দিনৰ কামহে আছিল তেনে লাগে৷ জাকৈ,প’ল আদি মাৰিবলৈ খাল,বিলবোৰ নোহোৱা হ’ল৷ হৈ হাল্লা কৰি নদী খেদিবলৈ যোৱা উৎসাহী ডেকাও আজি কেইজন? খাল,বিলবোৰ আজি মেচিন লগাই সিঁচাতো বহুলাংশে থলুৱা মাছবোৰ বিলুপ্তি ঘটিছে৷
থলুৱা মাছৰ ভড়াল
অসমৰ জলাশয়, খাল-বিল, পুখুৰী, নদ-নদী আদিবোৰত দেখিবলৈ পোৱা কাৱৈ, গৰৈ, পুঠি, খলিহনা, দৰিকণা, চেলেকনি, মাগুৰ, শিঙি, শিঙৰা, তুৰি, বতিয়া, ককিলা, শ’ল, শাল, বৰালী, ৰৌ,ভকুৱা, চিতল, আৰি, কুচিয়া, নাৰ, টিঙৰা, বাট, পাভ, চেনী-পুঠি, মিছা, চন্দা, বেচা ইত্যাদি আজি
আচৰিতজনকভাৱে হ্ৰাস হৈ আহিছে। গোটেই দেশৰ বজাৰত থলুৱা প্ৰজাতিৰ মাছবোৰৰ বজাৰ
চাহিদাও যথেষ্ট বেছি। এই মাছবোৰ বিলুপ্তি হোৱাৰ কাৰণবোৰ হ’ল এই মাছবোৰে চ’ত-বহাগ মাহৰ পৰা
আহাৰ মাহলৈকে উপযুক্ত মতা আৰু মাইকী মাছবোৰ প্ৰজননক্ষম হৈ উঠে। চ’ত বহাগত প্ৰকৃতিয়ে
ধৰাৰ বুকুত বৰষুণৰ পানীৰে উপচাই দিয়ে৷ বৰষুণৰ চাফা পানীত কণী থকা মাইকী মাছবোৰে
কণী এৰি দিয়ে। সকলো ধৰণৰ মাছৰ প্ৰজনন প্ৰক্ৰিয়া একে নহয়। বিভিন্ন প্ৰজাতিৰ মাছৰ
প্ৰজনন প্ৰক্ৰিয়া আৰু প্ৰজন্মৰ সময় বেলেগ বেলেগ। কিছু প্ৰজাতিৰ মাছে বন্ধন পানীত
কণী পাৰে। কম ধাৰ থকা পানীত কিছুমান প্ৰজাতিৰ মাছে কণী পাৰে। দ ধাৰ বেছি থকা পানীত
আন কিছু প্ৰজাতিৰ মাছে কণী পাৰে। কিছুমান মাছৰ কণীবোৰ পানীত উপঙি থাকে আৰু
কিছুমানৰ কণীবোৰ পানীৰ তলত থকা জলজ উদ্ভিদ বা শিপাত লাগি ধৰি থাকে। মাছৰ কণীবোৰৰ আকৃতি
যথেষ্ট ক্ষুদ্ৰ হোৱা হেতুকে এজনী মাইকী মাছে ৫০০০ পৰা ১৫০০০-২০০০০ লৈকে কণী দিব
পাৰে। এই ক্ষুদ্ৰ ক্ষুদ্ৰ কণীবোৰে এটা সময়ত ক্ষুদ্ৰ ক্ষুদ্ৰ পোৱালি হৈ পৰে ৷
তেতিয়াই সাপ, ভেকুলী,পানীকাউৰী, বগলী, চিলনী, মাছৰোকা আদিয়ে সেই পোৱালিবোৰ খায় ৷ আনহাতে, কণীবোৰৰ আকাৰ ক্ষুদ্ৰ
ক্ষুদ্ৰ বাবে কণীৰ পৰা হোৱা পোনাবোৰৰ আকাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ হয়। পানীৰ উষ্ণতা
অনুসৰি মাইকী মাছে মতা মাছৰ সহায়ত কণী এৰি দিয়াৰ ১২ ঘন্টাৰ পৰা ২৪ ঘন্টাৰ ভিতৰত
উপযুক্ত কণীবোৰৰ পৰা পোনাৰ জন্ম হয়। সৰু সৰু পোনাবোৰে প্ৰথম দুদিন পিছৰে পৰা খাদ্য
বিচৰা আৰম্ভ কৰে। পানীত থকা একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাকৃতিক আহাৰ, উদ্ভিদ প্লাৱক আৰু
প্ৰাণী প্লাৱকবোৰ খাদ্য হিচাপে ধৰি খাই। পোনাবোৰ ১৫০ পৰা ২০ দিন পিছত যেতিয়া
কিছুপৰিমাণে ডাঙৰ হয় তেতিয়াৰ পৰাই পানীত থকা সৰু পোক-পৰুৱা, কেচু আৰু সৰু সৰু
মাছবোৰ ধৰি খাই। থলুৱা জাতৰ মাছবোৰ সাধাৰণতে সৰ্ব্বভক্ষী প্ৰকৃতিৰ হোৱা হেতুকে এটা
প্ৰজাতিৰ মাছে আনটো প্ৰজাতিৰ মাছক ধৰি খাই আৰু খাদ্যৰ অভাৱত একে প্ৰজাতিৰ মাছে মাছ
খাই জীয়াই থাকে। ইয়াৰ পিছত আহাৰ মাহৰ শেষৰ ফালে প্ৰাকৃতিক জলাশয়ৰ বিভিন্ন উৎসৱত
থলুৱা প্ৰজাতিৰ মাছবোৰেৰে উপচি থাকে। মাছৰ বেলেগ বেলেগ প্ৰজাতি মাছবোৰে আকাৰ আকৃতি
অনুযায়ী বেলেগ বেলেগ ধৰণেৰে ডাঙৰ-দীঘল হোৱা দেখিবলৈ পোৱা যায়।
এনেধৰণৰ মাছবোৰক আকৌ
প্ৰকৃতিৰ বুকুত থকা সাপ, ভেকুলী, বিভিন্ন ধৰণৰ জন্তু, বগলী, পানী কাউৰী, মাছৰোকা, চিলনী আদি জীৱবোৰে
প্ৰধান খাদ্য হিচাপে ধৰি খোৱা দেখিবলৈ পোৱা যায়। যদিও চৰকাৰী ভাবে বহাগ মাহৰপৰা
শাওণ মাহলৈকে পোৱালি দিয়া মাছবোৰ ধৰাৰ নিষেধাজ্ঞা আছে তথাপিও অসমৰ বজাৰত সেইসময়ত
তেনে মাছবোৰ দেখা পোৱা যায়৷
অসমত দৈনিক মাছৰ
প্ৰয়োজনীয়তা থলুৱা মাছে পূৰণ কৰিব পৰা নাই বাবে বাহিৰা ৰাজ্যৰ পৰা দৈনিক ট্ৰাকে
ট্ৰাকে মাছ আমদানি কৰিব লগা হৈছে৷ বিলুপ্তি হ’ব ধৰা থলুৱা মাছবোৰ
সুস্বাদু খাদ্যৰ লগতে প্ৰচুৰ কেলৰি আৰু প্ৰটিন যুক্ত খাদ্য৷ এই মাছবোৰ উৎপাদন
কৰিবৰ বাবে চৰকাৰৰ মীন বিভাগৰ কৰণীয় বহুতো আছে৷ অসমৰ জলাশয়, খাল-বিলবোৰ সিঁচা
বন্ধ কৰি ইয়াৰ খনন কাৰ্য চলাই মাছ পোহাৰ বাবে উপযোগী কৰি গঢ়ি তুলিব লাগিব৷ অসমৰ শিক্ষিত
নিবনুৱা সকলক মাছৰ ওপৰত উন্নত প্ৰশিক্ষণ দি মাছ উৎপাদনৰ বাবে ঋণ প্ৰদান কৰি থলুৱা
মাছৰ প্ৰতি আকৰ্ষিত কৰিলে মৎস উৎপাদনেৰেও স্বাৱলম্বী হোৱাৰ সুযোগ আছে৷ দুই এজন
শিক্ষিত নিবনুৱাই ইতিমধ্যে এই কামত আগবঢ়াও দেখা গৈছে৷এই জাগৰণ বিয়পি পৰাৰো
প্ৰয়োজনীয়তা আছে৷
খান্দাজান, দৰং