জগবন্ধু কলিতা
বৰ বেছি একো বিছৰা নাছিল তেওঁ
ধাননি দৰাক সোণালী সাজ পিন্ধাবলৈ
এটা সহজ সমীকৰণতে সীমাবদ্ধ আছিল জীৱন
তেওঁ মাথো নদীবোৰৰ বাবে
এটা গান হব বিচাৰিছিল
আকাশখনৰ বাবে এটা সৰল কবিতা
মানুহবোৰৰ বাবে চকুলোৰ লুনিয়া খিনিৰেই
উৰ্বৰ কৰি তু্লিছিল খেতিৰ মাটিডৰা
বাণে তেওঁৰ টোপনি কাঢ়িছিল
খহনীয়াই খান্দিছিল বুকু
বিলাসী চহৰৰ কোলাহল কাতি কৰি
অৰণ্যৰ সেউজীয়াক বুকুত সাৱটি
দাৰিদ্ৰতাৰ উপকুলত বিচাৰিছিল সমিধানৰ বোধিদ্ৰুম
কি অপৰাধত বাৰু
প্ৰকৃতিয়ে অকস্মাৎ বন্ধ কৰি দিলে
তেওঁৰ ভাগৰ অম্লজান
আৰুতো লিখিব নোৱাৰো মই
সেই ভৰুণ নদীৰ কৰুণ মালিতা
কেনেদৰে বাৰু বুজাওঁ এতিয়া
জ'ইপৰা সোপনৰ বাগিছা এখন
বুকুৰ পেৰাত লুকুৱাই থৈ
জীয়াই থকাটো কিমান যন্ত্ৰণা!