Type Here to Get Search Results !

আৰক্ষণ

 


: ভাত কেইটা খোৱাৰ পিছত  গগণ আৰু অনিতাই নিজৰ নিজৰ ল’ৰা দুটাক বেলেগ বেলেগ দুখন বিচনাত   শুৱাই  দিলে ৷ তিনিবছৰীয়া গগণৰ ল’ৰাটো সোনকালে টোপনি গ’ল ৷পাতল কাপোৰখন জাপি সি উঠি গ’ল বাহিৰলৈ ৷ ৷নিজৰ পাঁচবছৰীয়া ল’ৰাটোৰ চুলিৰ ফাকেৰে হাতখন বুলাই আছে যদিও তাই মন কৰি আছে গগণে কি কৰি আছে ৷ ৷এইটো তাৰ অভ্যাস ,মাকে মুৰটো লাৰি লাৰি সাধুকথা  ক’লেহে তাৰ টোপনি আহে ৷


আজি অনিতাৰ বুকুখন কপি আছে ৷৷৷
 ৷জীয়া সাধুৰে মনটো তাইৰ ভাৰাক্ৰান্ত ,যি সাধু শুনাৰ বয়স ল’ৰাটোৰ হোৱা নাই ৷

আজি গগণ আৰু অনিতাৰ মধুযামিনীৰ নিশা ৷৷৷

দুয়ো দেহমনৰ কঁপনিৰে পাৰ কৰি আহিছে এনেকুৱা একোটা একোটা দিন ,যিটো দিনত প্ৰেমৰ আৰক্ত মনেৰে আাবিৰ সানি  দুটা দেহ দুটা মন লুতুৰিপুতুৰি হৈছিল ৷

আজি তাইৰ দেহ-মনত প্ৰেমৰ উত্তাল জোঁৱাৰ নাই , যদি আছে প্ৰেমৰ আৰক্ষণৰ   চুক্তি ৷ বিচনাৰ ওপৰত নিৰ্ভীক আৰু সগৌৰৱে জিলিকি থকা গগন আৰু মৃত পত্নী মমতাৰ ডাঙৰ ফটোখন চাই তাইৰ এনেকুৱা লগা নাই যে সিহতৰ মাজত প্ৰেম নাছিল বা ভালপোৱা নাছিল ৷ফটোখনত থকা মমতালৈ 
খঙ কিম্বা ঈৰ্ষা তাইৰ একো নহ’ল বৰঞ্চ সহানুভূতি জাগিল ,আৰু গগনলৈ দুগুণ খঙ ৷সন্তানটো জন্ম দিয়ে প্ৰসূতিজনিত কাৰণত মুত্যু হোৱা মমতাৰ ল’ৰাটোক মমতাৰ মাকেই এই তিনিবছৰলৈ চোৱাচিতা কৰিলে ৷কিন্তু মাকৰ পিছলি পৰি কঁকালখন ভাঙি এতিয়া নিজেই বিচনাত ৷সেয়েহে নিজৰ চাকৰি আৰু সন্তানটো ডাঙৰ কৰাৰ অজুহাততে পুনৰ বিয়াৰ যো জা চলালে ৷ইয়াতে সাৰপানী যোগালে  অনিতাৰ নিজৰ ভায়েক বৌৱেকে ৷

ব্যৱসায় কৰা সমৰৰ মুত্যু হৈছিল কেন্সাৰত ৷মাছৰ কাইটৰ খোচা খোৱাৰ আচিলাতে ভয়াবহ ৰূপ লৈ মৃত্যু হৈছিল ৷ঘৰৰ মাটি পৰ্যন্ত বিক্ৰী কৰি চিকিৎসা কৰালে যদিও শেষপৰ্যন্ত বচাব নোৱাৰিলে অনিতাই আৰু সমৰৰ ভায়েকে বিক্ৰী কৰা মাটিৰ ভাগ নিজৰ নামত ৰাখি ঘৰৰ পৰা উলিয়াই দিছিল দুবছৰীয়া ল’ৰাটোৰে সৈতে ৷মাক বাপেক নাই যদিও ভায়েকে সামৰি লৈছিল ৷লাহে লাহে বৌৱেকে তাইক বোজা বুলি ভাবিব ধৰিলে ৷আৰু একমাত্ৰ ভনীয়েকৰ পুনৰ বিয়া দিবলৈ ভায়েক বদ্ধপৰিকৰ ৷ এই মহঙা দিনত তাইৰ যোগ্যতাৰে নিজাকৈ একো কৰিবলৈ সক্ষম হব নোৱাৰিলে আৰু ভায়েকৰ কথামতেই বিয়াত বহিবলৈ বাধ্য হ’ল ৷
বন্ধুপত্নীক মন্দিৰত বিয়া কৰাই  লৈ আহিল ঘৰলৈ ৷

এয়া দুয়োখন বিচনাত দুখন হৃদয়ৰ প্ৰেমৰ স্বাক্ষৰ ৷৷

তাইৰ ভয় লাগি আছে , যদি গগনে আহি তাইক সাবটি ধৰে ! যদি তাইৰ অনিচ্ছাসত্বেও পত্নী নোহোৱাৰ পৰা লাগি থকা ভোক গুচাবলৈ -------৷
নাই , নাই তাই আৰু ভাবিব নোৱাৰিলে ! !

এতিয়াও গগণ ৰুমলৈ অহা নাই ৷লাহে লাহে উঠি তাই বাকচটো খুলিলে ৷উলিয়াই ল’লে তাইৰ আৰু সমৰৰ বিয়াৰ পিছত উঠা ফটোখন ৷লাহে লাহে হাতেৰে চুই চালে মৃত স্বামীৰ সৰ্বশৰীৰ ৷
----- তোমাক মনত ৰাখিবলৈ ফটো নালাগে সমৰ ৷মোৰ দেহে মনে সৰ্বত্ৰ তোমাৰ স্থিতি ৷ মোৰ প্ৰতিটো উশাহ নিশাহত সোমাই আছে তোমাৰ প্ৰেম ভালপোৱা ৷নতুন সম্বন্ধৰে বান্ধ খালেও জানো খুলি  পেলাব পাৰিম আমাৰ ভালপোৱাৰ আৱৰণ ৷

হুকহুকাই কান্দি পেলালে তাই ৷
বহুত হেৰুৱালে তাই !
নতুন সম্বন্ধত আৰু বা কি কি হেৰুৱাব লগীয়া হয় !!
দৰজাখন খোলাৰ উমান পালে ৷খৰধৰকৈ ফটোখন সুমুৱাই উঠিব ধৰোতে মুখামুখি হ’ল গগণৰ ৷হাতত টোপোলা এটা ৷কিবা ভবাৰ আগতেই তাইৰ ফালে টোপোলাটো আগবঢ়াই ক’লে ,
---- এইখন আজিৰ পৰা তোমাৰ বিচনাৰ ওপৰত আৰি থোৱা ৷

টিঙিচকৈ অনিতাৰ খঙ এটা উঠি আহিল ৷--মানে দুয়োৰে যুগ্মজীৱনৰ নতুন ফটো আৰি তাইক সি প্ৰলোভিত কৰা নাইতো ???
লাহে লাহে খুলি এৰুৱাই দিলে কাগজখন ৷ বিস্ফোৰিত চকুৰে চাই অবাক হ’ল--- সমৰৰ ফটো !!

অ’ তুমি লুকাইচুৰকৈ সমৰক মনত পেলাব নালাগে , মোৰ দৰে মুকলিকৈ পূজা কৰা ৷মোৰ বাবে মমতা দেৱী ৷পত্নীৰ স্থান আৱৰি আছে তাই ৷তাৰ পিছত তোমাক দিবলৈ একো নাই , কিন্তু তোমাৰ স্বাভিমানক সন্মান কৰিম বুলি কথা দিব পাৰো ৷ তুমিও অসন্তুষ্ট বুলি জানিও তোমাৰ বৰ্তমান অৱস্থা চাই মই তোমাক বিয়া কৰোৱাৰ সিদ্ধান্ত ল’লো  ৷ কাৰণ সমৰ মোৰ ভাল বন্ধু আছিল ৷আমি দুয়ো দুয়োৰে ভাল বেয়া সুখ দুখ আনকি আমাৰ একান্ত গোপন কথাবোৰো আলোচনা কৰিছিলো ৷ সেয়ে  বন্ধুপত্নী হিচাপে তোমাক পচন্দ কৰিলো ,ইয়াতে দুটা কথা আছে ---- 

মই এজনী গাভৰু ছোৱালী বিয়া কৰাব পাৰিলো হয় , কাৰণ মোৰ ভাল চাকৰি আছে কিন্তু তুমি ? 

হয়তো বিধৱা বুলি সমাজত উপলুঙাৰ পাত্ৰী হিচাপেই ৰব লাগিল  হয় আৰু এজন ল’ৰা আগবাঢ়ি আহিবলৈ হাজাৰবাৰ  চিন্তা কৰিলেহেঁতেন ৷
 
আৰু দেখিছো যে দেউতাক নোহোৱাকৈ সন্তানবোৰক মাকে ভাল মানুহ কৰে , সেইক্ষেত্ৰত মই হয়তো অপৰাগ হম বুলিয়েই তোমাক বিয়া কৰালো ৷
আজি মোৰ ল’ৰাটো মোৰ লগতে শুব ৷মোৰ বিশ্বাস আছে অতি কমদিনৰ ভিতৰত সি তোমাৰ বুকুৰ মাজত ঠাই পাব ৷

--- চকুপানীখিনি খৰধৰকৈ মছি গগণে ক’লে ,---- বহুৰাতি হ’ল তুমি সেইখন বিচনাতে শোৱা ৷মোৰ টোপনি ধৰা নাই ৷ মই বাহিৰৰ পৰা আহো----৷

অ ’ আৰু এটা কথা ,ৰুমটো ঠেক হৈছে লাহে লাহে পিছফালে আৰু দুটামান ৰুম সাজিব লাগিব ৷

দৰজাখন বন্ধ কৰি ওলাই যাওঁতে খটককৈ এটা শব্দ হ’ল মানে অনিতাৰ হৃদয়খনো খটককৈ খোল খালে-----  সেইফালে বাট এটাই পোখা মেলিলে -----সেইটো বাট পোহৰৰ বাট , সন্মানৰ বাট আৰু এবাৰ নিজকে নিজে জুমি চোৱাৰ বাট ----- ৷

আলফুলেৰে  ফটোখন সাবটি ধৰিলে তাই ৷
মুকলিকৈ লোৱা উশাহ এটাই বুকুখনৰ পাতল কৰিলে----- দুখবোৰৰ আজিৰ পৰা ভৰ কমিব ৷৷ 
তাই এবাৰ খিৰিকীখন খুলি দিলে ৷ আন্ধাৰ হ’লেও তৰালি ভৰা আকাশখনত নতুনকৈ জিলমিলাইছে ৷৷ 

তাতেই আছে মমতা আৰু সমৰ ----

দুয়ো হয়তো সুখী ৷ পোহৰৰ বাটত সদায় সিহত যুগমীয়া হব ৷