Type Here to Get Search Results !

অনিচ্ছা মৃত‍্যু

 জিলমিল বৰদলৈ ধীৰেণপাৰা, জ‍্যোতিপথ , উপপথ ১ ,ঘৰ নং ৯ গুৱাহাটী ২৫ ফোন নং

৯১০১১১২৩৬৯ 




আজি দহন

দহন আজি মোৰ সকলো আশাৰ

দহন আজি মোৰ সকলো আকাংক্ষাৰ

দহন আজি মোৰ অস্তিত্বৰ

শিৰত ৰঙা ৰং আঁকি যাৰ বাবে সঁপিলো সকলো

ভেৰা সাজত  বাঘ হৈ  নেফা নেফ কৰিলে মোক 

দহি গ'ল মোৰ দেহ, মোৰ আত্মা‌‌ ।


জুইৰ লেলিহান শিখাই ছানি ধৰিছেহি মোক

দগ্ধ বিশ্বাসৰ নিস্প্ৰভ প্ৰেমৰ এঙাৰত

মাথোঁ দেখি আছো কালিকা সনা নৰপিশাচৰ 

মাতাল চক্ষু কেইটিমান 


আই অ' বোপাই অ' কি ভুলৰ পৰিণাম এয়া ?

মই জানো তহঁতৰ মাজনী নাছিলোঁ

এতিয়া  যে পলে পলে ছাই হৈ আছো

মোলৈ পুতৌ নাহিল আই ইহঁতৰ অকণো!


স্ৰষ্টা জনলৈ হেজাৰ বাৰ সোধো

নাৰীৰ জীৱন কিয় এনে কণ্টকময়?

তোমাৰেই মৰমৰ সন্তান আছিলো আমিওটো।