অৰুণ দুৱৰা
তোমাৰ আবেগ ভৰা সেমেকা চকুযোৰি
মোৰ এতিয়াও বাৰে বাৰে মনত পৰে
আত্মীয়তাৰ সংজ্ঞাতীত আকৰ্ষণত
তোমাক মোৰ বুকুত স্থান দিলো।
ৰূপৰ অতীত ৰূপময় বাঙ্ময় ব্যঞ্জনা তুমি,
শুক্লা প্ৰতিপদৰ পৰা কলা কলাকৈ বাঢ়ি অহা
পূৰ্ণিমাৰ জোনৰ দৰে ষোড়শী লাৱণ্য তোমাৰ,
হৃদয়ৰ আত্মীয়তাত কাৰাৰুদ্ধ মই।
এজাক আৱতৰীয়া বৰষুণৰ কোমল পৰশত
ঠন ধৰি উঠা শ্যামল ঘেঁহু ডৰাৰ দৰে
তোমাৰ হৃদয়ৰ পথাৰ,
এতিয়া তেনেই লঠঙা, কেৱল গা- গছডালহে
চৰহা পোকে খোৱা ।
তথাপি কি বিচিত্ৰ মন:সংযোগ
দুয়ো দুয়োকে নজনাকৈ বিলীন হলো
যেন পুঁৱতি নিশাৰ সপোন ।
ফটিকাৰ মজলিচৰ বন্ধুৱে আগবঢ়াই দিয়া
পেগবোৰ আগত লৈ ঘণ্টাৰ পিছত ঘণ্টা
গুজৱ কৰি আপোন পাহৰা ক্ষণবোৰৰ দৰে।
জোনাক ৰাতি জোনৰ লগত
অভিশপ্ত নিশাৰ তোমাৰ বাসনাৰ নিৰ্লিপ্ত সেমেকা চকুযোৰি সোঁৱৰি সোঁৱৰি
শেষ ৰাতিলৈ উজাগৰে ছটফটাই মৰো ।
তোমাৰ জীৱন গামোচাখনৰ প্ৰতিটো বুটা
এটি এটি কথা, স্মৃতিৰ শিখা।
দুৰু দুৰু কম্পিত ওঁঠৰ শেষ শ্বাসৰ মুকুট
বিবেকহীন ভাগ্য দ্ৰষ্টাৰ প্ৰহাৰত হেলান দিলে
মোৰ একান্ত ইচ্ছা আৰু প্ৰাৰ্থনাকো বিফল কৰি ।
জীৱনৰ মুকুট খহি পৰা অন্তিম ক্ষণত
তোমাৰ বাসনাৰ মুকুট মোৰ শিৰত
আৰু এতিয়া মোৰ দুচকুৰ চকুপানী
অজানিতে বৈ গৈ গঢ় দিলে বিশাল সাগৰ ।
ভুল হব কলে ,ককবক কৰি আছোঁ বা মৰি মৰি জী আছোঁ .......,এই দৰে কলে
তোমাৰ বিদেহী আত্মাই কোনো দিন ক্ষমা নকৰিব ।
বঠা মাৰো আজিও সাগৰৰ পাৰ বিচাৰি
তোমাৰ স্মৃতিক কৰিবলৈ জীৱন্ত প্ৰতীক
মোৰ একাকী নিৰ্ভীক জীৱন সংগ্ৰামত।