গীতাঞ্জলি দেৱী
বিশ্বকৰ্মা পূজাৰ দিনা
কাগজৰ ফুলেৰে সজাই তোলা বিভূতি বৰদেউতাহঁতৰ বগা চিক্- চিকীয়া গাড়ীখন সেই দিনা আৰু বেছি ধুনীয়া লাগিছিল ।
আমাৰ পিতায়েও পুৱাতে মচি-কাচি নতুন যেন কৰি তুলিছিল পুৰণি চাইকেলখন ।
বুধবৰীয়া হাতৰ পৰা আইলৈ অনা নাৰিকল তেলৰ টেমাটোৰ পৰা অকণ-অকণকৈ তেল বাকি লৈ ফটাকাণি এডোখৰত ।
হাটলৈ বাট বুলি পিতায়ে জীয়াইছিল চাৰিটা জীৱন ,
ঠিক যেন কেৰ-মেৰ কৰি থকা চাইকেলখন ।
কেৰ-মেৰ কৰি চলিব নোখোঁজা চাইকেলখনত কেতিয়াবা মোক , কেতিয়াবা ভাইটিক তুলি তেওঁ লৈ যায় চহৰলৈ ।
চাইকেলৰ হেণ্ডেলডালত আমি জোৰকৈ খামুচি ধৰোঁ ব্যস্ত নগৰীৰ আলিবাটত পৰি নাযাবলৈ ।
চাইকেলখন পিতাইৰ জীৱন ।
বিশ্বকৰ্মা পূজাৰ দিনা সেইখন পিতায়ে নকৈ সজাইছিল । সেৱা কৰিছিল । আমোল-মোল ধূপ এডাল গুজি দিছিল চাইকেলখনৰ হেণ্ডেলডালত ।
কাগজৰ ফুল পিতায়ে আনিব পৰা নাছিল । মই আৰু ভাইটিয়ে ৰঙা জৱা ফুলেৰে সজাই তুলিছিলোঁ পুৰণা চাইকেলখন ।
বছৰি অহাৰ দৰে আজি বিশ্বকৰ্মা পূজা ।
সজাবলৈ আজি একো নাই ।
বাৰীৰ ঢাপত পৰি আছে তিনিডাল লোহাৰ এটা জঁকা । পিতাইৰ জীৱন ।
বুকুত মোৰ দোঁ খাই ফুলি উঠিছে দুখৰ হুমুনিয়াহ ,
ঠিক যেন আইৰ কপালৰ পৰা নোহোৱা হোৱা ৰঙা ৰং টোৰ দৰে এপাহ ৰঙা জৱা ।