Type Here to Get Search Results !

নদী পৰীয়া গাঁওখনি

       নাৰ্জী বেগম



অস্পৃশ্যতা আন্তৰিকতাৰে ভৰা
নদী পৰীয়া বহুধৰ্মীৰ মোৰ ল'ৰালিৰ গাঁও খনিয়ে
আজি পৰ্য্যন্ত ৰাখিছে ধৰি
মোৰ হিয়াত এক আকৰ্ষিত স্থান।
যাৰ তাড়নাত গাঁও খনিলৈ বাৰে বাৰে মই হওঁ ধাৱিত ।
অস্পৃশ্যতাত বুৰ গৈ থকা মাছমৰীয়া ককাৰ আইতাজনীয়ে
বান্ধিছিল আমালৈ দিখৌৰ মাছেেৰে মৰমৰ টোপোলা ।
সত্ৰৰ অধিকাৰী আটাই কৰিছিল  আমাৰ জন্ম পত্ৰিকা ।
কেঁচা অৱস্থাত আমি ধৰিলে লাগিব চুৱা বুলি ভৱা
মামী গৰাকীয়ে দিছিল সাজি কলহ , কাঁহী , টেকেলি এসোপা ।
বৰঠাকুৰ মামায়ে আজৰি পৰত দিছিল আমাক
মানৱতাৰ বহু জ্ঞান ।
এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ক জুইশাল গচকিবলৈ নিদিছিল ।
আগচোতালতে সাজিছিল দিয়া-লোৱাৰ আন্তৰিকতাৰ
এক বিচিত্ৰ ইতিহাস ।
পুৱা আজানৰ সুৰতে উঠি বাহিবন কৰি
লৈছিল আটায়ে গোহাঁইৰ নাম ।
বিহু আহিলে ডেকা-গাভৰুহঁতে গাইছিল আহি হুঁচৰি এভাগ ।
মূৰ দোৱাই লৈছিলো আটায়ে আশীৰ্বাদ ।
দিপ্তী , সুনীতি , দেইজী , ৰুকেয়া , চামিনা আমি
আটায়ে মিলি একেটা খৰাহিতে বুটলিছিলো কচু , ঢেকীয়া
খেলিছিলো তেতিয়া জাতি নথকা বহু খেলা ।
নিতৌ নামঘৰত ( ভিন্ন সম্প্ৰদায়েৰে ভৰা ) গাঁও বাসীৰ মঙ্গলৰ বাবে
আটায়ে মিলি বঢ়াইছিল ভাওঁনা এভাগ ।
কিন্তু , হঠাৎ আজি দেখিলো তাত
বিশেষ এজনে ইটো সম্প্ৰদায়ে সিটো সম্প্ৰদায়ক 
প্ৰতাৰণাৰ আৱাজ চলাইছে ।
এই বিশেষ জনক উলিয়াই দিয়াৰ 

লওঁ আহা সবে প্ৰতিশ্ৰুতি