Type Here to Get Search Results !

ইদু মিচিমি- এক চমু অৱলোকন

 দিব্যজ্যোতি ৰাজখোৱা



    ভাৰতৰ ভিতৰতে উত্তৰপূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এক বিশেষত্ব আছে ৷ এই আঠোখন ৰাজ্যত বিভিন্ন বৈচিত্ৰতাই বিৰাজ কৰে ৷ প্ৰাকৃতিক সৌন্দৰ্যৰ অন্যতম তীৰভূমি হ'ল উত্তৰপূৰ্বাঞ্চলৰ অৰুণাচলপ্ৰদেশ ৷ অৰুণাচল প্ৰদেশৰ ডিবং উপত্যকা ইদু মিচিমিৰ প্ৰধান বাসভূমি ৷ সাধাৰণতে মিজু মিচিমি,ডিগাৰু মিচিমি আৰু উদু মিচিমি এই তিনিটা প্ৰধান ভাগ আছে মিচিমিসকলৰ ৷ এই ইদুসকল ভাৰতৰ অনুসূচিত জনজাতিৰ তালিকাভুক্ত ৷ ইদুসকলৰ গাওঁবোৰ নৈ বা দেৱ দেৱীৰ নামেৰে ৰখা হয় ৷ ইদুসকলে চাংঘৰ পাতি বসবাস কৰে ৷ 

   ভাত হৈছে ইদুসকলৰ প্ৰধান খাদ্য ৷ তাৰোপৰি গম,যৱ আৰু অন্যান্য থলুৱা দাইল তেওঁলোকে খাদ্যহিচাপে গ্ৰহণ কৰে ৷ ইদুসকলৰ বিশ্বাস মতে বাঘ আৰু হলৌবান্দৰ পূৰ্বপুৰুষ সম্বন্ধীয়, সেইবাবে এই দুয়োবিধ জন্তুৰ খাদ্য বৰ্জন ৷ ইয়াৰ বাহিৰে সকলো জীৱ জন্তুৰ মাংস ইদুসকলে ভক্ষণ কৰে ৷ ইদুসকল চিকাৰ আৰু সংগ্ৰাহক বৃত্তিধাৰী ৷ ইদুসকলে 'য়ু' নামৰ পৰম্পৰাগত পানীয় সেৱন কৰে ৷
    সময়ৰ অগ্ৰগতিৰ লগে লগে ইদু সকল কৃষিকাৰ্যৰ লগতো জড়িত হৈ পৰিছে ৷ বৰ্তমান ইদু সকলে ঝুম কৃষিৰ সলনি স্থায়ী কৃষি অৱলম্বন কৰিছে ৷ 
     ইদু মিচিমি পুৰুষসকলৰ পৰম্পৰাগত পোছাক হ'ল 'কৌপিন' বা 'লেংটি' ৷ পুৰুষসকলে ব্যৱহাৰ কৰা এই দীঘলীয়া কৌপিনখনক 'কাঠো' বুলি কোৱা হয় ৷ এই কাথোক নস্কাৰ পয়োভৰ থকা আৰু নক্সাবিহীন( লাৱে) দুটা ৰূপত ভাগ কৰা হয় ৷ 'ইটোকোজা' হৈছে ইদু পুৰুষসকলে পৰিধান কৰা হাতবিহীন জেকেট ৷ ইদু পুৰুষসকলে পৰম্পৰাগত সাদসজ্জাত বাঁহ-বেতেৰে নিৰ্মিত গোলাকাৰ টুপী পৰিধান কৰে ৷ ইয়াৰ নাম 'আপটালা' ৷ 
      ইদু সমাজত পুৰোহিতৰ বিশেষ মৰ্যদা আছে ৷ পুৰোহিতসকলৰ বেশভূষা অন্য পুৰুষতকৈ বেলেগ ৷ 'আয়ুলা' নামৰ মূৰত মৰা 'বেণ্ড' এডাল ইদু পুৰোহিতে পৰিধান কৰে ৷ 'আমৰালা' নামৰ বিশেষ অলংকাৰ পৰিধান কৰে ৷  এই অলংকাৰ ভালুক আৰু বাঘৰ দাঁতেৰে সজোৱা হয় ৷
    ইদু পুৰুষৰ সাজত 'দা' অন্যতম ৷ 'অহোকোচী','অমব্ৰপাহ','ইৰোপ্টা' ইদুসকলৰ তিনিপ্ৰকাৰৰ দা৷
      ইদু মহিলাসকলে এখন দীঘল কাপোৰ কঁকালত মেৰিয়াই পিন্ধে ৷ এই কাপোৰখনৰ দুটা ভাগ আছে প্ৰথমখন হ'ল 'ঠোৱা' দ্বিতীয়খন হ'ল 'ঠোমাজো' ৷ এই কাপোৰৰ বৰণ ক'লা ৷ ইদু মহিলাই 'আটোপোলা' নামৰ এক ক'লা জেকেট পৰিধান কৰে ৷ ইদু মহিলাই ৰূপেৰে নিৰ্মিত  'আজিব্ৰো' নামৰ খাৰু আৰু 'আটাচু' নামৰ আঙঠি পিন্ধে ৷ ডিঙিত 'অৰুল্যয়া' আৰু 'লেকোপোন' এই দুবিধ মনি পিন্ধে ৷ 
     ইয়াৰ উপৰিও পুৰুষ মহিলা উভয়ে বাঁহৰ ঘূৰণীয়া তথা দীঘলীয়া 'আকাচু' কাণফুলি পিন্ধে ৷ পুৰণি টকাৰে নিৰ্মিত 'আনদেচু' মনি পিন্ধে ৷
    ইদু মিচিমি জনজাতিসকল বৰঅসমৰ এক অন্যতম ধ্বজ্বাবাহক ৷ বৰ্তমান সভ্যতাৰ অগ্ৰগতিৰ লগে লগে ইদু মিচিমি সকলৰ জীৱন শৈলীত আধুনিকতাই প্ৰাণ পাইছে ৷ বৰ্তমান উন্নত প্ৰযুক্তি আৰু গোলকীকৰণৰ বাবে ইদু মিচিমিসকলৰ সংখ্যাও তাকৰ হ'বলৈ ধৰিছে ৷ বৰ্তমান বহুতেই নাজানে ইদু মিচিমিসকলৰ কথা ৷ জীৱন শৈলী আগবাঢ়ি গ'লেও আমি অতীতত উপেক্ষা কৰিব নোৱাৰোঁ, গতিকে ইদু মিচিমিসকলৰ দৰে আন বহুতো জনজাতি আছে যিবোৰ বৰ্তমান বিলুপ্তিৰ পথলৈ ধাৱিত হৈছে ৷ এনেক্ষেত্ৰত বৰ্তমান সমাজৰ বহুবোৰ কৰ্তব্য আছে ৷ আমি গুৰুত্ব প্ৰদান কৰা উচিত যাতে এনেধৰণৰ আদ্যজনগোষ্ঠীসমূহ আমি জীয়াই ৰাখিব পাৰোঁ ৷