Type Here to Get Search Results !

সুস্থ শৰীৰত সুস্থ চিন্তাই বাস কৰে

 অজয় বৰুৱা


      "A Sound mind is a sound body is a source of happiness" এটা সুস্থ শৰীৰত এটা সুস্থ মন থাকে।ই জ্ঞান আৰু আনন্দৰ ভঁৰাল। ইয়াৰ দ্বাৰা সুস্থ চিন্তা,ভাল কর্ম কৰি নিজৰ লগতে দহৰ,দেশৰ উন্নতি আৰু সুখ-শান্তি বজাই ৰাখিব পাৰি।মানুহক অসত্যৰ পৰা সত্যলৈ , আন্ধাৰৰ পৰা পোহৰলৈ , অজ্ঞানৰ পৰা জ্ঞান ফালে ধাৱমান হব'লৈ এটা সুস্থ দেহ,সুস্থ মন আৰু জ্ঞানৰ একান্ত প্রয়োজন।স্বাস্থ্য‌ই পৰম ধন।স্বাস্থ্য অবিহনে জীৱনৰ সুখ-শান্তি নাই।আন সম্পদৰ দৰে স্বাস্থ্যৰ যত্ন নল'লে ই বিনষ্ট হয়।সেয়ে স্বাস্থ্যৰ প্রতি সজাগ হোৱাৰ প্রয়োজন।
     এজন মানুহ সুন্দৰ আৰু সুস্থ বুলি ক'লে মানুহজনৰ শাৰীৰিক আৰু মানসিক স্বাস্থ সুস্থ-সবল হোৱাটো বুজাই।মানুহ নামৰ এটা পৰিপূর্ণ সত্তা নির্মাণ কৰিবলৈ প্রয়োজন শৰীৰ আৰু মন এই দুই উপাদানৰ সুস্থ সবল সংযোগ।ইয়াৰ এটাৰো হীন-ডেৰি হলেও মানুহজনক সুস্থ বুলি কব নোৱাৰি।মানসিক স্বাস্থ্যৰ প্রতি আমি সকলো উদাসীন,অসচেতন।মনটো সুস্থ কৰি ৰাখিবলৈ মানুহে স্বাস্থ্য চর্চা অব্যাহত ৰাখিব লাগিব‌ই।আজিৰ ব্যস্ত জীৱন তথা জিলমিলীয়া পৃথিৱীখনৰ লগত খোজ মিলাবলৈ  গৈ আমি আমাৰ আৱেগসমূহ প্রাণখুলি প্রকাশ কৰিব নোৱাৰা হৈছো,পাহৰিছোঁ।পৃথিৱীখনত সকলো কথা জটিল দৃষ্টিৰে নাচাই সৰল, সুস্থ তথা সন্তুলিতভাৱে জিৰণি আৰু কর্মৰ মাজেৰে জীৱন -যাপন কৰাজনহে মানসিক সুস্বাস্থ্য অধিকাৰী হয়।ভাৰতীয় দর্শনে মনক নিয়ন্ত্রণ শিক্ষা দিয়ে কিয়নো এই বিশ্বাস আৰু পৰম্পৰা অনুসৰি সকলো অর্থ আৰু অনর্থৰ আৰম্ভণি মনৰ পৰাই আৰম্ভ হয়।সেয়ে আধ্যাত্মিক চিন্তা চর্চা অতিকে প্রাসংগিক।মানুহৰ মনৰ সুস্থতাৰ বাবে যিদৰে এক নিৰন্তৰ সজাগ আৰু সুস্থ জীৱন প্রণালীৰ প্রয়োজন ঠিক সেইদৰে ইয়াক নিয়ন্ত্রণৰো প্রয়োজন সজাগ সচেতনাৰ।পৃথিৱীত সুখে সন্তোষে চলিবলৈ বৰ বেছি একোৰে প্রয়োজন নাই।কিন্তু অদমিত মনৰ আকাংক্ষাৰ বাবে আমাৰ অভাৱৰ শেষ নাই।যাৰ বাবে অসৎ কার্য কৰিবলৈ কুণ্ঠাবোধ নকৰো।যদিহে মনক নিয়ন্ত্রণ কৰিব পাৰি এই সমস্যা,দুশ্চিন্তা নোহোৱা হৈ যাব।মানুহে মানসিক ভাৱে নিলোর্ভ আৰু নিলোপ্ত হ'ব পাৰিলে বহু সামাজিক সমস্যাৰ সমাধান হয়।সেয়ে আধ্যাত্মিক চিন্তা চর্চাৰে মনটো স্থিৰ কৰি সুস্থ শৰীৰ গঢ়ি পাৰি বুলি সাম্প্রতিক সময়ৰ বিজ্ঞানী সকলে কয়।
      সুস্থ স্বাস্থ‌ই সুস্থ মন গঢ়ে।সুস্থ মনে গঢ়ে সুস্থ সমাজ।এজন ব্যক্তিৰ সুস্থিৰ মানসিক -শাৰীৰিক স্বাস্থ্যৰ লগত জীৱন নির্বাহৰ পদ্ধতি , অভ্যাস বা আচৰণৰ ওত -প্রোতভাৱে সম্পর্ক আছে।সুস্থ দেহৰ অধিকাৰী হ'বলৈ প্রয়োজন কিছু কষ্ট,কিছু অভ্যাসৰ।দৈনিক ব্যায়াম, যোগাভ্যাসে এজন মানুহক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি ৰাখে।ভাৰতীয় মনীষীসকলে যোগ অভ্যাসৰ দ্বাৰা শৰীৰ এটা নিৰোগী কৰিব পাৰি বুলি বিভিন্ন বিধান,আসন প্রাণায়াম দি গৈছে।ইয়াৰ দ্বাৰা শাৰীৰিক,মানসিক,আধ্যাত্মিক দিশত উৎকর্ষ সাধন হয়।শৰীৰৰ উন্নতি আৰু মন পবিত্র হয়।এই অভ্যাসৰ দ্বাৰা মনটো স্থিৰ কৰিব পাৰি।
    আধুনিক যুগৰ ঋষি বিনোৱাভাৱে কৈছিল  *" আমাৰ সকলো কর্ম‌ই হ'ল আমাৰ মনৰ মূর্তি,যদি মন সুন্দৰ হয় সেই কর্মযয় মূর্তিও সুন্দৰ হয়।"* বাহিৰৰ কর্মৰ শুদ্ধি মনৰ দ্বাৰা আৰু মনৰ শুদ্ধি বাহিৰৰ কর্মৰ দ্বাৰাই নিৰূপন  হয়।আকৌ *"Nourish your mind with noble thought"* অর্থাৎ সৎ চিন্তা,সৎ কর্ম,সৎ অধ্যয়ন,সৎ সংগ আদিয়েই এটা উত্তম মনৰ পুষ্টি।সেয়ে আমি আমাৰ মনটো সদায় স্থিৰ, পৰিস্কাৰ, চাপশূণ্য কৰি ৰাখিব লাগে ।ইয়াৰ বাবে আমাৰ স্বাস্থটো নিৰোগী,স্বাস্থ্যবান কৰি অতিকে প্রয়োজন।