জয়ন্ত ৰাজবংশী
সকলোবোৰ ঠিকেই আছে
মাথোন আমি ঠিকে ৰাখিব পৰা নাই
হৃদয়ৰ বাবে হৃদয়ৰ সুখী সংলাপ
লাহে লাহে যে আমাৰ পৰাই
আমি হেৰাই গৈ আছোঁ এঙাৰৰ মাজত ।
হৃদয় এখনৰ বাবে কোনো দিনেই
সহজে কোনোৱে নকৰে অনুসন্ধান
দুখৰ চকুলোৰ অজুহাতত পোখাই
হৃদয়হীন মানুহৰ আৰণ্যক চিঞৰৰ উৎস।
আজিকালি বৰষুণ আৰু ৰʼদৰ নাই প্ৰেম
হৃদয়বোৰতো যে অশুচি অশুচি ভেম
যি ভেমত গোন্ধাই বকুল খহা পদূলি
নোগোন্ধাবই কিয় বাৰু !
হৃদয়ক সজাইছো এক কেনভাচ
চহাইছো হৃদয়ৰ নিপোটল বাকৰি
যি বাকৰিৰ সমতলত নিঃসঙ্গ শালিকীৰ ঠোঁট ।
হৃদয় এখন আপোনাৰো আছে
এতিয়া লাহে লাহে আছিল বুলি কয়
কাৰণ আপুনি যে আপোনাৰ পৰা আঁতৰিছে
তাৰ বাবে কোনো দিন নকৰে গুণা- গঠাঁ ।
পথাৰ চন পৰে কʼব ভাল
বৰষুণেও পথাৰ নুবুজা হʼল
শুনিবলৈ অʼ
মেঘৰ নাচোনত চিপ্- চিপ শব্দ
কিন্তু হৃদয় চন পৰোতাজনেহে বুজিব
হৃদয় ক্ষীনালে কিমান বিশাল শূন্যতা ।
আপুনি চাগে ভাবে-
কাৰোবাৰ হৃদয় চন পৰিছে
তাত কি আহে বা যায় !
নিজৰ হৃদয়খনত ঘূন পোকে নাকোমাৰিলেই হʼল
কাৰণ-------
হৃদয়হীনৰ মাজত হৃদয় চন পৰিবলৈ নালাগে
কোনো ৰাজযজ্ঞৰ বিশাল আয়োজন ।।