ৰীতা সভাপণ্ডিত
ঘনঘোৰ আউসীৰ নিশা
নিসংগ আৰু মৌন হৃদয়ত
অস্থিৰ সপোন এটাৰ উচ্ পিছ্নি ।
এৰি অহা চহৰখনত
এতিয়া
নিগৰি নিগৰি বিয়পি আহে ৰাতিৰ নিচা ।
শাৰি শাৰিকৈ
পৰি থাকে মৃতদেহ বোৰ,
ক'ৰবাত মুখ থেকেচা খাই পৰি
আছে মানৱতা ।
অহংকাৰী বিবেকে
পাহৰিলে পোহৰৰ সংজ্ঞা
অন্তহীন দুঃসময়বোৰ
বুকুত বান্ধি
বাট চাই আছে
প্ৰভাত হোৱালৈ ।