দীপালী শইকীযা গগৈ
সেউজ প্ৰান্তৰত ৰৈ চাই আছোঁ
পাৰ হৈ যোৱা অনেক মানুহ
কৰ্ণগোচৰ হৈছে অনেকজনৰ
প্ৰাণখোলা হাঁহিৰ ধ্বনি
শুনিছোঁ অনেকৰ বেসুৰা গীতৰ চিম্ফনী
ভাবি আছোঁ ঐতিহ্য মন্থৰ
সমাজ জীৱনৰ ইটো সিটো কথা
অনাগত ভৱিষ্যতৰ হিৰণ্ময়
দিনৰ সুখ উপভোগ কৰিবলৈ হ’লে
আগবঢ়াৰ সময় প্ৰশস্ত
দৃষ্টিত থাকিব লাগে সুনীল আকাশ
নীলিমাৰ বিশালতাৰে
বহল মনৰ অধিকাৰী হোৱা
স্বপ্নময়তাৰে আগবাঢ়ি গৈ থাকা
সৃজনৰ সোপান ৰচা
প্ৰতিটো ঋতুৰ বৈচিত্ৰ্যৰ দৰেই
সৃষ্টিকামী কল্পনাৰ দূৰন্ত ডেউকা কোবাই
গতিময়তাৰ উন্মেষ ঘটোৱা
অন্ধকাৰ বুভুক্ষাৰ পৰা
আলোকৰ তৰংগমালাত
ঐতিহ্যময় জীৱনৰ সেঁতু গঢ়ি
মহিমামণ্ডিত হোৱাৰ প্ৰয়াস
কৰা মোৰ উত্তৰপুৰুষ