Type Here to Get Search Results !

শৰতৰ আগমনত কহুৱাৰ নাচোন

ৰুনু শর্মা


   শৰত আহে কহুৱা ফুলে। ফিৰ ফিৰ বতাহত কহুৱাই নাচে। আকাশৰ নির্মলতাক কহুৱাই  আৰু সুন্দৰ ৰূপত  তুলি ধৰে। 

   কহুৱা ফুলৰ নতুন সাজযোৰ পিন্ধি আকৌ আহিল শৰৎ।শৰৎ অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে  সুকীয়া পৰিবেশ। শেৱালি ফুলৰ সুবাসে সকলোৰে মন আনন্দময় কৰি তোলে। প্ৰকৃতিক সুন্দৰ ৰূপত কৰি তুলিবলৈ যেন শৰতৰ আগমন। নৈৰ কাষে কাষে ফুলা এই ফুলবোৰ হালি জালি শাৰী শাৰীকৈ ফুলে অসংখ্য  কহুৱা। কহুৱা বিহীন গীত, কবিতা, প্রকৃতিৰ মাদকতা কোনোটোৱেই সম্পূৰ্ন নহয়। শেৱালি আৰু কহুৱা ফুলিলেহে যেন শৰৎ আহে ,শৰৎ আহিলেহে আহে 

শাৰদীয় দুৰ্গা পূজা, আনন্দৰ সম্ভাৰ হ'ল দূৰ্গা পূজা। 

কহুৱাই সকলোকে হাত বাউল  দি মাতে।

প্রকৃতিৰ বুকু‌লৈ  ঋতুৰানী শৰতে কঢ়িয়াই আনে অনুভূতিৰ চৌপাশৰ এক মাদকতাৰ উমান। এখন শুভ্ৰ নীলা আকাশৰ তলত ন ন সৌন্দৰ্য্যৰে ভৰা আবেলিটোৱে  সন্ধিয়াটোলৈ অপেক্ষা কৰি থাকে। লুইতৰ পাৰৰ কহুৱাৰ নাচোন, বাগন দেখি মন অশান্ত কৰিব পাৰে, ভূপেন হাজৰীকাই কোৱাৰ দৰে------"

কহুৱা বন মোৰ অশান্ত মন

আলফুল হাতেৰে লোৱা সাৱটি"

অস্তগামী বেলিটিক বিদায় দি 

সন্ধিয়াই আচলত বান্ধি  থোৱা 

জাক জাক জোনাকী পৰুৱা 

আহিব, জোনটিয়েও যেন মিচিকিয়া হাঁহি মাৰি তৰাবোৰৰ সৈতে শৰতক আদৰিবলৈ জোনাকী জোনাকী হৈ উঠিব। নিবিড় জোনাকত জোনটিয়েও শুকুলা মেঘঁৰ বোকোচাত উঠি‌   আহিব শৰতৰ চোতাললৈ। 

শৰতৰ আজন্ম প্ৰেয়সী শেৱালিজোপাই পুৱতি নিশা 

এটি- দুটাকৈ নিয়ৱ সনা দুবৰিৰ ওপৰত পৰিব। শেৱালি ফুলৰ শুভ্র দলিছাত

নিয়ঁৰৰ টোপালবোৰ মুকুতাৰ দৰে জিলিকিব। শৰতৰ সুবাদত দেহ মনবোৰ উন্মনা হৈ উঠিব।  শাৰদীয় দুৰ্গা পূজা নিচেই ওচৰত, দূৰ্গা দেবীৰ প্রতিমাৰ খনিকৰ সকলৰ হাতৰ পৰশ লাগি মূর্তিবোৰ সঞ্জীৱিত অর্থাৎ প্রানৱন্ত হৈ উঠে। 

শৰতৰ কথা কৈ শেষ কৰিব   নোৱাৰি৷ শৰতে লৈ আহে ঐক্য শান্তি, একতা, সংহতি 

আৰু সমাজৰ মাজত ঐক্য--সংস্কৃতি আৰু হৃদয়ৰ  বান্ধোন এক অনাবিল প্ৰশান্তি।