Type Here to Get Search Results !

শেলুৱৈ ধৰা বেঙুনীয়া জীৱন

সঞ্জীৱ কুমাৰ বাইলুং

(ধাৰাবাহিক উপন্যাস) 

           এই যে দেখিছা যুৱ উশৃংখলতা   সেইয়া সিহঁতৰ দোষ নহয় । দোষ আমাৰ । দোষ অভিভাৱকৰ, পিতৃ মাতৃৰ , শিক্ষা ব্যৱস্থাৰ ।

        কথাবোৰ শুনি ইপ্সিতাক এগৰাকী ভাল দাৰ্শনিক যেন লাগিল । প্ৰকৃততে পিংগলে যিটো বিচাৰি ফুৰিছিল তাকে যেন পাইছে ।পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায় ।
         যথা  সময়ত বহু ক্ষীপ্ৰ গতিত মোবাইল ফোনৰ যোগেদিয়েই আলোচনাৰ মাধ্যমেদি  সু- পৰিকল্পিত  , তথ্য সম্বলিত তথা সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ এখন আঁচনি প্ৰস্তুত কৰি উলিয়াইছে পিংগলহঁতে । অহা মাহৰ দুই তাৰিখে সকলো সমবেত হোৱাৰ দিন ধাৰ্য কৰি সকলোৰে জ্ঞাতাৰ্থে বাৰ্তা প্ৰেৰণ কৰিছে যদিও  সকলোৰে সুবিধা অসুবিধা জানি লৈহে মূল দিনটো ধাৰ্য্য কৰা হ'ব । মুঠতে এপ্ৰিল মাহৰ ভিতৰত সিহঁতৰ get together হোৱা টো নিশ্চিত কৰিছে । সিহঁতৰ আঁচনি খনে নিশ্চিতভাৱে সমাজলৈ আমূল পৰিৱৰ্তন আনিব পাৰিব বুলি মোৰ বিশ্বাস ।     বহাগ বিহুৰ আগতে হৈ গ'লে ভাল হ'ব । কাৰণ এপ্ৰিলৰ এক তাৰিখে শ্ৰীমতী বাৰ দিনিয়া ছুটীত পুতেক বোৱাৰীয়েকৰ ওচৰলৈ যাব নহলে আকৌ কেতকেতনি আৰম্ভ হ'ব ।
                             (সোতৰ )
          কাইলৈ পিংগলহঁতৰ গাঁৱত "ৰাম বিজয় " ভাওনা হ'ব । দিনৰ ভাগত ধৰ্মালোচনী সভা । পুৱা এঘাৰ বজাৰ পৰা  শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ গ্ৰন্থ "নামঘোষা"ৰ ওপৰত বিষদভাৱে আলোচনা হ'ব ।
নামঘোষা পিংগলৰ আটাইতকৈ প্ৰিয় গ্ৰন্থ । নামঘোষা বিষদভাৱে অধ্যয়ন কৰাৰ পাছত সি মানৱ জীৱনৰ বহু তত্ত্ব উদঘাটন কৰিবলৈ সক্ষম হৈছে । এসময়ত নামঘোষা গভীৰতম পৰ্যায়লৈ হৃদয়ঙ্গম কৰি চকু পানীৰে বাট নেদেখা পৰিস্থিতিৰ সূচনা হৈছিল । মানুহৰ সমস্ত জীৱনটো নামঘোষাত অংকন কৰি থোৱা সি দেখা পাইছিল । মই তাক নামঘোষাৰ বিষয়ে প্ৰশ্ন কৰাত সি কৈছিল আধ্যাত্মিক ভাৱসম্পন্ন গ্ৰন্থ সমূহ পঢ়িবলৈ হলে ষষ্ঠ ইন্দ্ৰিয় আৰু তৃতীয় নয়নে চাব পাৰিব লাগিব । তেতিয়া হে আচল তত্ত্ব উদঘাটন কৰিবলৈ সক্ষম হ'ব । আগতে শিক্ষক হৈ মই তাক শিক্ষা দিছিলো । এতিয়া শিক্ষা দীক্ষাৰে পৰিপূৰক হৈ ছাত্ৰই শিক্ষকক শিক্ষা দিছে । কিমান যে আনন্দৰ  কথা । তাৰ যুক্তিসংগত কথাত মই গদ গদ ।
         পিংগলে ৰামৰ ভাও লৈছে । পিংগলৰ  ককাকৰ প্ৰিয় শিষ্য পৰিমল বাপজনাৰ পৰিচালনাত প্ৰদৰ্শন কৰিব লগা ভাওনা ভাগি সন্ধিয়া সাত বজাত আদৰিবলৈ নগৰৰ সত্ৰীয়া সংস্কৃতি  কেন্দ্ৰৰ বায়ন দলটি নিমন্ত্ৰণ কৰিছে । ইতিমধ্যে সমগ্ৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত  আলোড়ন সৃষ্টি কৰি থকা দলটো চোৱা অদম্য হেঁপাহ বুকুত বান্ধি থৈছো কাৰণ সেই দলটোত পিংগলৰ  ককাকৰ হাতৰ পৰশ পোৱা শিষ্যৰ হাতৰ পৰশ আছে  । ভাওনা ভাগি শুভ উদ্বোধন কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ,নাট্যকাৰ ,বিশিষ্ট সাহিত্যিক, সমালোচক শ্ৰীযুত বি. বি. ফুকন ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছে । কেইবাবছৰ বিৰতিৰ মূৰত পিংগলহঁতৰ গাঁৱত এই অনুষ্ঠান ভাগিয়ে নিশ্চয় শান্তি শৃংখলাৰ বাতাবৰণ কঢিওৱাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ মাজত উত্সাহ উদ্দীপনা বঢ়াব ।
          মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট ভাগ পিংগলৰ বৰ প্ৰিয় । সেয়েহে সি প্ৰাণঢালি ৰামৰ অভিনয় কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে । সৰুতে পিংগলৰ ভায়েক অভিয়ে ৰামৰ ভাও লৈছিল । বৰ ধুনীয়া অভিনয় কৰাৰ উপৰিও ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল ।
            পিংগলে এক বিশেষ সূত্ৰৰ পম খেদি গম পাইছে যে তাৰ ভায়েকক আৰ্মিয়ে ধৰি নিছিল হয় কিন্তু সি যে উগ্ৰপন্থী নহয় সেয়া প্ৰমাণ পোৱাৰ পাছত এৰি দিছিল বুলি কৈছে । কিন্তু গ'ল ক'লৈ? আজিও তো তাৰ সন্ধান পোৱা নাই ।
          মাকৰ মৃত্যুৰ ছমাহ নহওতেই দেউতাকক হেৰুৱাব লগা হৈছিল । ককায়েকক বিচৰাৰ নামত ঘৰখনত অলপখন নগুৰ নাকটি কৰিলেনে ।
দেউতাককো এসময়ত ঘৰৰ পৰা চোঁচৰাই নি চোতালত গুৰাগুৰ পিটন দি কোঙা কৰি পেলাইছিল । সেই লেহুতে অতি সোনকালে দেউতাকে  মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল ।

                              ( ওঠৰ )
আজি পিংগলহঁতৰ ঘৰলৈ ইপ্সিতা আহিব । কথাহ'ল ইপ্সিতাৰ দেউতাকক  ধৰ্মালোচনী সভালৈ মুখ্য আলোচক হিচাপে নিমন্ত্ৰণ কৰিছে । ইপ্সিতাই পিতৃ মাতৃ সহ পুৱা ন বজাত পোৱাহি কথা । পিংগলে বৰমাকক  ৰন্ধা বঢ়াৰ ব্যৱস্থা কৰিবলৈ কৈছে । পিংগলে আজি উপবাসে থাকিব । অতিথিৰ বাবে নিৰামিষ ৰান্ধিবলৈ কৈছে ।
              বৰমাকে পিংগলৰ মাক দেউতাক নোহোৱা দিন ধৰি ঘৰখন চোৱা চিতা কৰিব লগা হৈছে । মানুহ গৰাকী বৰ সাদৰি । জীয়েক জোঁৱায়েক  দুয়ো দিল্লীৰ AIMS ৰ ডক্টৰ । জীয়েক পল্লবীয়ে পিংগলক নিজৰ ভায়েকতকৈ বেছি মৰম চেনেহ আদৰ সাদৰ কৰে । কাৰণ ভায়েক অলপ বেলেগ প্ৰকৃতিৰ । তাৰ দাদাগিৰি অলপ বেছি । গোমোৰা । বৰকৈ কথা বতৰা মানুহৰ লগত নাপাতে । নগৰ তিনিআলিত নহলে চাৰিআলি চকত সিহঁতৰ দৈনিক আড্ডা । কি কথা আলোচনা কৰে সিহঁতেহে জানে । কাকো সমীহ নকৰাকে ধূমপান কৰা দৃশ্য বৰ অসহ্যকৰ হৈ পৰে ।  কলেজীয়া শিক্ষা শেষ নকৰিলে । পিংগলৰ সমবয়সীয়া হলেও বিয়া বাৰু কৰালে । ছোৱালী নিজৰ পচন্দৰ মতে চোৰ কৰি আনিলে । তেতিয়া বায়েকে এম ডি কৰি আছিল । বিয়া হোৱাই  নাছিল । সেয়েহে বায়েকৰ খং আজিও হজম হোৱা নাই । ঘৰলৈ আহিলে পিংগলৰ ঘৰতহে বেছি সময় অতিবাহিত কৰে । তাতে ভাই বোৱাৰী লগত এখুন্দা লাগি হৃদয়ত বৰ আঘাত পাই থৈছে  । যাৰ বাবে আজিও সহজ হ'ব পৰা নাই । মাজতে ভাবিছিল দুয়োটাকে বুজাব । কিন্তু ভায়েক কাষেই নাচাপে । বোৱাৰীয়েক ক্লাছ নাইনত পঢ়ি থাকোঁতেই মনে মনে পলাই আহিছিল । মাকৰ ঘৰৰ মানুহে ত্যাজ্য পুত্ৰী বুলি কাকতে পত্ৰই ৰাজহুৱা কৰিলে । মুঠতে বৰদেউতাকৰ ঘৰখনত এসময়ত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল একমাত্ৰ পিংগলে বুজাই বঢ়াই কোনো মতে ঘৰখনত এটা মাত্ৰা প্ৰদান কৰিছিল ।
                                 (ঊনৈশ )
"তেজৰে কমলাপতি পৰভাতে নিন্দ 
তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ .........."

ৰাতি পুৱা পাঁচ বজাতেই গাঁওখনত ভকতি গীতত মুখৰিত হৈ পৰিল আলি পদুলি সমস্ত গাঁও । ধৰ্মালোচনী সভালৈ অতিথি আদৰিবলৈ সকলোবোৰে  পুৱাতেই যা-যোগাৰ কৰি সাজু হৈ উঠিছে । ভকতিৰ অমিয়া ৰসেৰে ৰসাল হৈ পৰিছে জনজীৱন । ধূপ ধূনাৰে সুগন্ধিত হৈ পৰিছে চাৰিওফালৰ পৰিৱেশ । কন কন শিশু সকলৰ মাজতো উঠিছে আনন্দৰ ৰোল । উলাহতে শিশু সকলেও ধূতি কূৰ্তা , ছোৱালী বোৰে মেখেলা চাদৰ পিন্ধি সাজোন কাচোন । সিহঁতে একো নুবুজিলেও ভগৱানৰ নাম গুণ কীৰ্ত্তন যে হ'ব সেইটো বুজি পাইছে ।
           পিংগলে পুৱাতে শৌচ শুদ্ধি স্নান কৰি আহি ককাদেউতাকৰ দিনতে সাজি থৈ যোৱা হৰিমন্দিৰ ভাগিত এগচি বন্তি প্ৰজ্বলন কৰি ভগৱানৰ আশীৰ্বাদ লৈছে । এয়া তাৰ নিত্য নৈমিত্তিক কত্তৰ্ব্যৰ ভিতৰতে পৰে যদিও আজিৰ দিনটো তাৰ বাবে এটা উল্লেখযোগ্য দিন হ'ব । উদিত সূৰুযক এভাগি প্ৰণাম জনাই চকু মেলি দেখে ঘৰৰ সন্মুখত এখন গাড়ী আহি ৰৈছে । সি ভাবিলে ইপ্সিতাহঁত ন বজাতহে পোৱা কথা আছিল । বহুত সোনকালে আহিল । সি বৰমাকক চিঞৰিবলৈ লওঁতেই দেখা পালে দুজন পাহুৱাল ডেকা, এগৰাকী বোৱাৰী আৰু এটা আঠ/ন বছৰীয়া ল'ৰা । কোন হ'ব পাৰে ? হঠাত্ এজনৰ সৈতে চাৰিচকুৰ মিলন হোৱাত পিংগলে চিঞৰি উঠিল অ....ভি... দুয়োটাই সাৱটি ধৰি হুকহুকাই কান্দি উঠিল । 
          হে ভগৱান কিনো তোমাৰ লীলা? তোমাক কি বুলি কৃতজ্ঞতা জনাওঁ । ইজনৰ মুখলৈ চাই দেখে মানবেন্দ্ৰ .....অ' মানৱ! মই কলৈ যাওঁ কি কৰোঁ .....বৰ মা ...ব... ৰ.. মা বুলি টেটু ফালি চিঞৰিবলৈ ধৰিলে । বৰমাকে কিবা হৈছে নেকি বুলি ভাবি দৌৰি আহি দেখে এইয়া কি?  অভি তই বুলি কৈ সাৱটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে । নিমিষতে পৰিৱেশটো গমগমীয়া হৈ পৰিল । ৰাষ্টাত যোৱা মানুহে কি হৈছে ততকে ধৰিব পৰা নাই । সকলোকে ভিতৰলৈ সোমাই যোৱা দেখি কোনোবা অতিথি অহা বুলি ভাবি ল'লে ।
           অভিয়ে বৰমাক আৰু পিংগলক তাৰ পত্নীৰ সৈতে চিনাকি কৰি দিলে । শেৱালিয়ে দুয়োকে চৰণ চুই সেৱা জনালে । সন্ন্যাস অভিৰ ল'ৰা । সিও আইতাক আৰু বৰতাকক সেৱা আগবঢ়াই নিৰৱে চকুলো টুকিলে । অভিৰ মুখত পৰিয়াল বৰ্গ কথা শুনিছে যদিও প্ৰথম সাক্ষাতত তাৰ শিশু সুলভ অন্তৰখনে আনন্দতে উচুপি উঠিছে ।
          অভি ওৰফে মন্যু এতিয়া তেজপুৰৰ বাসিন্দা । তাত সকলোৱে মন্যু বুলি জানে কিন্তু ঘৰ ক'ত কি কথা কাৰোৰে জ্ঞাত নহয় । কাৰণ তাৰ শহুৰেক আৰ্মি ডিপাৰ্টমেন্টৰ চাকৰিয়াল আছিল বাবে সুধিবলৈও সমীহ কৰি চলে  । যিদিনা অভিক আৰ্মিয়ে ধৰি লৈ গৈছিল সেইদিনাই কাহিলি
পুৱাতে খুব তত্পৰতাৰে অভিক পইচা পাতি আৰু ঠিকনা সহ তেজপুৰলৈ পঠিয়াই দিছিল । তাৰ প্ৰকৃত নাম গোপনে ৰাখি মন্যু সজাই বেহুৰ ভিতৰৰ পৰা উলিয়াই দিছিল । তেজপুৰৰ ঘৰলৈ যে সি গৈ আছে তাকো ফোনেৰে আগতীয়াকৈ জনাই দিছিল । একমাত্ৰ জীয়েক আৰু পত্নী থকা ঘৰখনত অতি কম সময়ৰ ভিতৰতে অভি হৈ পৰিছিল সেই ঘৰখনৰ এজন সদস্য আৰু পাছলৈ জোঁৱাই । ভগৱানৰ দান হিচাবে পালে এটি দেৱ শিশু যাৰ নাম থলে সন্ন্যাস । 
           অভিৰ শহুৰেক বৰ চতুৰ ব্যক্তি । নাম পলাশ বৰা ।   নিজৰ দেশ জাতিৰ প্ৰতি আছে অসীম শ্ৰদ্ধা । তাৰোপৰি মানৱপ্ৰেমী । তেখেতে যিহেতু আমাৰ নগৰৰ কেম্পত থাকে আলেঙে আলেঙে এইফালৰ খৱৰ বোৰ নি অভিক দি থাকে । অভিক তেতিয়া most wanted বুলি ঘোষণা কৰিছিল যদিও কোনোৱে বিচাৰি উলিয়াবলৈ সক্ষম নহৈছিল । তেজপুৰৰ বাসিন্দা সকলে সন্দেহ কৰাৰ থল নাছিল কাৰণ আৰ্মি কামাণ্ডাৰৰ ঘৰত থকা অতিথি ।   তেতিয়া ষোল্ল /সোতৰ বছৰীয়া । কম বয়সীয়া  ল'ৰা । তাতে গজিন্দ । চেহেৰা দুবছৰতে পৰিবৰ্তন হ'ল। দাড়ি গোফেৰে মুখ ঢাকি পেলালে । কাৰো সাধ্য নাই তাক চিনি পোৱাৰ । আনকি নিজৰ পৰিয়ালৰ মানুহেও ।
         এদিন নগৰ তিনিআলিত বৰা ডাঙৰীয়াই  মানবেন্দ্ৰক তেনেকুৱা অবস্থাত দেখি বৰ দুখ পালে । এমহীয়া ছুটীত ঘৰলৈ যাওঁতে গাড়ী এখন ভাড়া কৰি মানবেন্দ্ৰকো ৰাতি মনে মনে উঠাই নি তেজপুৰৰ মানসিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাই দিলেগৈ । চোৱা চিতা কৰা দায়িত্ব দিলে অভিক । খৰচ পাতি তেওঁ নিজে বহন কৰিলে । অতি কম দিনতে মানবেন্দ্ৰ সুস্থ হৈ উঠিল । লাহে লাহে স্মৃতি শক্তি ঘুৰাই পাবলৈ সক্ষম হ'ল । বিশেষকৈ অভিক লগত পাই সি পুৰণি কথাবোৰ সহজতে ৰোমন্থন কৰিব পৰা হ'ল আৰু নতুন জীৱন লাভ কৰিলে ।
          ইতিমধ্যে ন বাজিবৰ হ'ল । পিংগলে ডিঙি মেলি ৰাষ্টালৈ চাই পঠিয়ালে । গাঁৱৰ ৰাষ্টাৰে ধূলি উৰুৱাই এখন Safari আহি থকা দেখি পিংগলে গম পালে ইপ্সিতাহঁত আহিছে.......... ক্ৰমশ