শিৱানী বৰা
স্মৃতিৰ বলুকাত
বিয়লিটো ও চোন হালধীয়া
আন্ধাৰত হে জোনতো জিলিকে
গাপদি থোৱা কলথোকাত আকৌ
বাদুলী কিয় পৰে
কালৰ কটাক্ষত জ্ঞানাঙ্কুৰ ভাপ হৈ উৰে
সাধনাই দেখোঁ লোৰ জিঞ্জিৰী পিন্ধে
ৰৌপ্যবৰ্ণে মন কিয় উপঙে
স্বৰ্ণালী আভাত
লক্ষ্য উপবিষ্ট ষ্মশান অপেক্ষাৰে .....!