Type Here to Get Search Results !

গ্ৰন্থ আন্দোলন আৰু অসমত গ্ৰন্থ ক্ৰয়ৰ অনলাইন মাৰ্কেটিং এজেঞ্চিসমূহ

 ধীৰেন শইকীয়া


     গ্ৰন্থক অতীজৰে পৰাই ভগৱান আখ্যা দিয়া হয়৷ সেয়ে গীতা,ভাগৱতৰ সেই অমৃতময় বানী শুনিবলৈ আজিও মানুহৰ উৎসাহৰ অন্ত নাই৷ সকলো ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহত থকা প্ৰেম আৰু ভাতৃত্ববোধৰ বিষয়টোলৈ চালে গ্ৰন্থৰ মহান উদ্দেশ্যৰ কথা বুজা যায়৷পৃথিৱীখনত সকলোৱে সুচাৰুৰূপে শান্তিৰে জীয়াই থকাই গ্ৰন্থৰ উদ্দেশ্য৷ বিদ্যালয় পৰ্যায়ত থাকোতেই পঢ়িছিলো কিতাপ নোহোৱা কোঠালি আত্মাহীন দেহৰ নিচিনা বুলি৷ বিভিন্ন মাধ্যমত পঢ়িছিলো  গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা সম্বন্ধে৷ তাৰ ভিতৰতঃ গ্ৰন্থ অধ্যয়ন মানসিক ব্যায়াম,কিতাপ জীৱনৰ সঞ্জীৱনী সুধা,ই আমাৰ উত্তেজিত মনক শান্ত সমাহিত কৰি ৰাখে,অকলশৰীয়া তথা আশাহীনজনক আশাবাদী কৰি তোলে,গ্ৰন্থই মানুহক সামাজিক কৰাৰ উপৰিও মনতো বহল কৰি মানুহৰ ওচৰলৈ মানুহক লৈ যায় আদি৷ হয়তু,সেয়ে ৰামায়ণ,মহাভাৰতৰ যুগৰে পৰা আমাৰ সমাজত গ্ৰন্থৰ আদৰ৷

     আজি মোবাইলৰ যুগত এমাজন,ফ্লিপকাৰ্ট আদিৰ দৰে অনলাইন মাৰ্কেটিং এজেঞ্চিবোৰেও পাঠকক আজিকালি অন্য সামগ্ৰীৰ দৰে গ্ৰন্থ ক্ৰয়ৰ সুযোগ দিয়াটো নিঃসন্দেহে এটা ইতিবাচক কথা৷ নিজৰ পচন্দৰ সামগ্ৰীৰ দৰে নিজৰ প্ৰিয় কিতাপখন কিনিবৰ বাবে কোনো পাঠকেই আজিকালি  কিতাপৰ বিপনীয়ে বিপনীয়ে সময় খৰচ কৰি ঘূৰি ফুৰিব নালাগে, এটা ফোন কৰিলেই বা এটা অনুৰোধ সূচক বাৰ্তা পঠিয়াই ঘৰতে বহি কেইদিনমানয ভিতৰতেনিজৰ দৰকাৰী কিতাপখন কিনিব পাৰে৷ উল্লেখ্য যে,অসমৰ বহু 'বুক এজেঞ্চি'য়ে ঘৰতে কিতাপ দি অহাৰ এক নীৰৱ আন্দোলন আৰম্ভ কৰিছে কোভিড আক্ৰান্ত সময়ৰ পৰা৷  উদাহৰণস্বৰূপে,বৰ্ণ, অংকুৰণ বুক এজেঞ্চী, জাগৰণ সাহিত্য প্ৰকাশন,চাইঞ্চিয়া বুক চপ : এছামিছ বুকচ অনলাইন,পুবেৰুন গ্ৰন্থ যাত্ৰা,খোজ আদি এনে কাম কৰা অসমৰ অন্যতম সংগঠন৷ অৱশ্যে ইয়াৰ আগৰ পৰাই অসমত এই প্ৰচেষ্টা আছিল যদিও এতিয়াৰ দৰে উৎসাহী নাছিল৷প্ৰতি বছৰে অসমীয়া জনসাধাৰণৰ গ্ৰন্থমেলাৰ পৰা কিতাপ কিনাৰ অভ্যাস আশীৰ দশকৰ এটা সুন্দৰ উপহাৰ ৷

     গ্ৰন্থ এখন ঘৰত যোগান ধৰাৰ পক্ৰিয়াও এটা ইতিবাচক কথাই৷ আনহাতে ছছিয়েল মিডিয়াৰ ফেছবুক গোট যেনেঃ কিতাপ,গ্ৰন্থ মেলা,গ্ৰন্থ যাত্ৰা,কিতাপৰ কথাৰে,কিতাপ- অসমীয়া কিতাপৰ কথাৰে,গ্ৰন্থ বাৰ্তা,গ্ৰন্থ সুবাস আদিয়ে গ্ৰন্থ আন্দোলন গঢ়াত এক অভিনৱ প্ৰচেষ্টা গঢ়ি আহিছে৷ বহুতো আগ্ৰহী পাঠকে এই গোটসমূহৰ সদস্য হৈ এই প্ৰকাশিত গ্ৰন্থবোৰৰ  বিষয়বস্তু সম্বন্ধে জানি লৈ উক্ত গ্ৰন্থসমূহ ডাকযোগে কিনাও দেখা গৈছে৷আমিয়েই কেইবাগৰাকীও লেখকৰ গ্ৰন্থ এনেদৰে ছছিয়েল মিডিয়াত পঢ়িব পাৰি কিনিছো৷ এই জনপ্ৰিয় ফেছবুক গোটসমূহে জনসাধাৰণৰ মাজত কিতাপ এখনৰ বিভিন্ন বিষয়(কিতাপৰ নাম, প্ৰকাশক,মূল্য, বিষয়বস্তু আদি) পাঠকক জনাই সেইখন কিতাপ পঢ়াৰ প্ৰতি পাঠকৰ মাজত এক আগ্ৰহ সৃষ্টিৰ ওপৰত এক সজাগতা সৃষ্টি কৰি আহিছে৷এয়াও এক ইতিবাচক কথাই৷আজিকালি গ্ৰন্থ এখন পঢ়াৰ পিছতেই ছছিয়েল মিডিয়াৰ গোটসমূহত গ্ৰন্থখন পঢ়ি হোৱা অনুভৱ সম্বন্ধে বহু প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে, গ্ৰন্থ এখনৰ জনপ্ৰিয়তা গঢ়াত ইও সহায় কৰে৷ অসমৰ চুকে কোনে অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হয়,তাতো উন্মোচিত গ্ৰন্থ এখনৰ বিষয়ে থুলমূল ধাৰণা এটা পাঠকক দিয়া হয়,এনে বাতৰিয়েও গ্ৰন্থ এখনৰ জনপ্ৰিয়তা গঢ়াত ভালেখিনি সহায় কৰে৷সংবাদ মাধ্যমত গ্ৰন্থ এখনৰ বিজ্ঞাপন প্ৰকাশ কৰাও দেখা যায়,ইও গ্ৰন্থ এখনৰ জনপ্ৰিয়তা গঢ়াত ভালেখিনি সহায় কৰে৷ গ্ৰন্থমেলাসমূহেও পাঠক সৃষ্টি,গ্ৰন্থ প্ৰকাশ,পঢ়ুৱৈ সৃষ্টিত অৰিহণা যোগাই আহিছে৷ কিছুমান ছছিয়েল মিডিয়া গোটত গ্ৰন্থ পাঠৰ ( বিশেষকৈ উপন্যাস পাঠৰ) ব্যৱস্থা কৰি মহৎ গ্ৰন্থসমূহৰ সোৱাদ লোৱাৰ বাবে সুযোগ দিয়ে,ইও গ্ৰন্থ আন্দোলনৰ পথত সীমাহীন বৰঙনি যোগায়৷আকাশবানীয়েও অতীতৰে পৰা সাহিত্য অনুষ্ঠানত পুথি আলোচনা বা উপন্যাস পাঠৰ আয়োজন কৰি আহিছে,ইও গ্ৰন্থ আন্দোলন সৃষ্টিত অতুলনীয় অৰিহনা যোগাইছে৷ অঞ্চলে  অঞ্চলে হোৱা সাহিত্য বৈঠক বা সাহিত্য আলোচনা সমূহতো গ্ৰন্থ সম্পৰ্কীয় বহু কথা আলোচিত হয়৷শদিয়াৰ পৰা ধুবুৰীলৈ গ্ৰন্থ প্ৰকাশন বিষয়টোকে জীৱিকা হিচাপে লৈ  নিষ্ঠাবান প্ৰকাশকে গ্ৰন্থ আন্দোলন কৰি থকাটোও কম কথা নহয়৷ এই বিষয়ত দত্তবৰুৱা এজেঞ্চী, বনলতা, ষ্টুডেন্টচ ষ্টোৰ,বীনা লাইব্ৰেৰী,লয়াৰ্চ বুক ষ্টল, জ্যোতি প্ৰকাশন, ৰেখা প্ৰকাশন,বৰুৱা এজেঞ্চী,বান্ধৱ আদিৰ নাম শ্ৰদ্ধাৰে উল্লেখ কৰিবই লাগিব৷ 2019 বৰ্ষৰ আগষ্ট মাহত  বিশিষ্ট লেখক, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীদেৱে কিতাপ পঢ়াৰ আন্দোলনৰ  পৰিবেশ এটা গঢ় দিয়াৰ বাবে লোৱা প্ৰচেষ্টাও শলাগিবলগীয়া। তেখেতৰ প্ৰচেষ্টাই কিতাপ ভালপোৱাসকলৰ মনত ইতিমধ্যে এটা আশা জগাই তুলিছে। উল্লেখ্য যে,এনে অনুষ্ঠানৰ প্ৰতি আগ্ৰহী হৈ গুৱাহাটীৰ বাহিৰতো এনে আৰ্হিত কিতাপ পঢ়াৰ আন্দোলন এটা গঢ়ি উঠিছিল বুলি জানিব পাৰিছিলো। ফেছবুকৰ কিতাপ সম্বন্ধীয় গোটত গ্ৰন্থ প্ৰতিষ্ঠানসমুহে বিচৰা কিতাপ ঘৰতে যোগান ধৰাৰ  কথাটো জানিব পাৰি নিজৰ দৰকাৰী কিতাপকেইখন অৰ্ডাৰ দি  বহু অপেক্ষাৰ অন্তত সেই কেইখন হাতত পৰাত বহুতে ফেছবুকত পৰিৱেশক বা প্ৰেৰকক ধন্যবাদ জনাই আগবঢ়োৱা পোষ্টবোৰেও গ্ৰন্থ আন্দোলন সফল কৰাৰ বাবে উপকাৰ সাধে বুলি কব লাগিব৷ সত্তৰ আশীৰ দশকত উৎসৱ অনুষ্ঠানত গ্ৰন্থ উপহাৰৰ পৰম্পৰাটো আজি আকৌ উভতাই আনিব পাৰিলেও  গ্ৰন্থ আন্দোলন ভালেখিনি সফল হব। গ্ৰাম্য পুথিভৰাল,জিলা পুথিভৰাল,বিদ্যালয়-মহাবিদ্যালয় পুথিভৰালেও কিতাপ পঢ়াৰ আন্দোলনখনত যথেষ্ট বৰঙনি যোগাই আহিছে। আজি বহুতে 'কিতাপ কোনে পঢ়ে,মোবাইলতে সকলো পাই বোলা' কথাষাৰৰ বিপৰীতে এনেদৰে কিতাপ পঢ়াৰ আন্দোলন এটা গঢ়ি তোলা সকলোলৈকে আমাৰ হিয়াভৰা শুভেচ্ছা জনাই এই লেখা সামৰিলো৷