Type Here to Get Search Results !

দিৱস উদযাপন; বিশেষ দিন

 অপূৰ্ব নাথ


        সময় সলনি হ'ল,আগৰ সময়বোৰ নোহোৱা হ'ল,মানুহৰ মন-মগজুৰো বহু বিকাশ হ'ল।আগৰ মানুহৰ জীৱন-ধাৰণৰ প্ৰনালী আৰু বৰ্তমান মানুহৰ জীৱন ধাৰনৰ প্ৰনালী ৰ মাজত আকাশ-পাতাল প্ৰভেদ। পিন্ধা-উৰা ,থকা খোৱা আদি সকলোতে এক ব্যাপক পৰিৱৰ্তন হৈছে।

           দিন যোৱাৰ লগে লগে, সময় সলনি হৈছে। লগে লগে নতুন নতুন দিৱসৰ জন্ম হবলৈ ধৰিছে।কিছুমান দিন উদযাপনৰ দিৱসলৈ ৰূপান্তৰিত হ'ল । উদাহৰণস্বৰূপে যদি কও , মাতৃ-দিৱস, পিতৃ-দিৱস, ভাতৃ-দিৱস, ভগ্নী-দিৱস, প্ৰেমৰ দিৱস, বন্ধুত্বৰ দিৱস ইত্যাদি ইত্যাদি ।। আমি কোনো দিৱসৰ বিৰোধিতা কৰা নাই, অথবা এই দিনবোৰ কিয় উদযাপন কৰিব লাগে বুলিও প্ৰশ্ন কৰিব বিচৰা নাই।সমপৰিমানে এই দিৱসবোৰৰ সহযাত্ৰী ময়ো । কিন্তু মই কব বিচাৰিছোঁ যে এই বচা বচা দিৱসবোৰতহে ব্যক্তিসকলক মনত পেলাওঁ নেকি? বছৰৰ ৩৬৪ টা দিনত আমি সেই জন ব্যক্তিৰ অস্তিত্ব বুজি নাপাওঁ নেকি? মই এইটোও কব খোজা নাই যে এই দিৱসবোৰত তেওঁ লোকক মনত পেলোৱাটো ভুল ,শ্ৰদ্ধা-মৰম দেখুওৱা টো ভুল ।কিন্তু আমি বছৰৰ অন্য কেইটাদিন  খৱৰ খাতি নোলোৱাকৈ সেই বিশেষ দিনটোতহে মনত পেলাওঁ কিয় ???

           পিতৃ বা মাতৃ দিৱসৰ দিনা এখন ফটো Facebook বা আন কোনো মাধ্যমত Upload কৰিলেই পিতৃ-মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা প্ৰকাশ নাপায় বা বন্ধুত্ব দিৱসৰ দিনা বন্ধুৰ ফটো WhatsApp ত Status বা Facebook ত দিলেই ভাল বন্ধুত্ব ৰ ছবি প্ৰকাশ নাপায়।যদিহে আমি বিপদ -বিঘিনিৰ সময়ত বা দুখ-সুখৰ সময়ত ওচৰত নাথাকো । বন্ধু দিৱসৰ দিনা Social Media ত Status  দিয়া বিষয়টোৰ বিৰোধিতা মই কোনো কাৰনতে কৰা নাই।কিন্তু মই কব বিচাৰিছোঁ বছৰৰ আন কেইটা দিনটো তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰাটো জৰুৰী ।হাজাৰ হাজাৰ টকা খৰচ কৰি জাকত-জিলিকাকৈ বছৰৰ ৫ ছেপ্টেম্বৰৰ দিনা শিক্ষক-শিক্ষয়ত্ৰীক গলত গামোচা পিন্ধাই Facebook বা WhatsApp ত ফটো দি লাভ নাই যদিহে আমি বছৰৰ অন্য কেইটা দিনত সেই ছাৰ বা বাইদেউ গৰাকীক সন্মান দিব নাজানোঁ বা কৰবাত লগ পালে এষাৰি মাত নিদিওঁ ।।।

           গতিকে, শেষত কও দিৱস উদযাপন কৰক কিন্তু বছৰৰ অন্য কেইটা দিনতো তেওঁলোকক শ্ৰদ্ধা কৰিবলৈ শিকক , তেওঁলোকক সময় দিবলৈ শিকক ।।
##

  ছাত্র, কটন বিশ্ববিদ্যালয়

যোগাযোগ: ৬০০৩৪৬৫৭১৪