Type Here to Get Search Results !

ধৰ্ম আৰু সামাজিক ধাৰণা

    অনামিকা বুঢ়াগোহাঁই ফুকন


     যি ধাৰণ কৰে সেয়েই ধৰ্ম ।ধাৰণ কৰা মানে মানুহৰ সমাজ।ব্যৱস্থাটোকে ধৰি থকা বুজায় ।বিশৃ‌ংখল,প্ৰতিবাদ, প্ৰচলিত বিশ্বাস, মতবাদ, আচাৰ-অনুষ্ঠান, ৰীতি-নীতি, আৰু ধ্যান-ধাৰণাৰ প্ৰতি বিৰোধিতা নোহোৱাকৈ সমাজ- ব্যৱস্থাটো ভাগি নপৰাকৈ ধৰি ৰখাৰ নগৰলস প্ৰয়াস কৰে কাৰণেই ধৰ্ম বুলি কোৱা হয়।উল্লিখিত বাক্যসমূহক "যাহা ধাৰণ কৰে সেয়ে ধৰ্ম" ধৰ্মৰ এই স‌ংজ্ঞা ভাৰতীয় ধৰ্মীয় সাহিত্য‌ই নিজে দিয়া।ভাৰতৰ ব্ৰাহ্মণ্য সাহিত্যই দিয়া সংজ্ঞা হলেও বিশ্বৰ প্ৰায় প্ৰতিটো ধৰ্মৰ হ্মেত্ৰতে ই  প্ৰযোজ্য।এই সংজ্ঞা ভাৰতভূমিৰ কোনো ধৰ্মগুৰু, কোনো ধৰ্মপ্ৰাণ ব্যক্তি কিম্বা বিদ্বানে নাকচ কৰা নাই

    ধৰ্মৰ এই ধাৰণ কৰা সৰ্বজনস্বীকৃত শাশ্বত আৰু সনাতন বুলি ভবা সমাজ-ব্যৱস্থা, সেই সমাজৰ সামাজিক, আধ্যাত্মিক আৰু নৈতিক প্ৰমূল্যসমূহক ধৰ্ম‌ই চিৰন্তন কৰি ৰখাৰ  বাহিৰে পৰিৱৰ্তন কৰাত কাহানিও সমৰ্থন কৰা নাই। সমাজৰ বিকাশ আৰু পৰিৱৰ্তনৰ চালিকাশ‌ক্তি সম্পৰ্কে বিভিন্ন দাশৰ্নিক ভাৱাদৰ্শত বিশ্বাস কৰা লোকৰ মাজত মতানৈক্য থাকিব পাৰে; কিন্তু বিকাশ আৰু পৰিৱৰ্তনে সমাজৰ চলিঞ্চু চৰিত্ৰৰ বাস্তৱতাক অস্বীকাৰ কৰা মানুহ নাই বুলি য়েই কব পাৰি।মানুহৰ সমাজ বিকশিত আৰু পৰিৱৰ্তিত হৈ আধুনিক  স্তৰত প্ৰবেশ কৰাৰ বয়স শতিকা অতিক্ৰম কৰি গৈছে সেয়ে আজিৰ থসমাজক বহু তেই উত্তৰ-আধুনিক বুলি আখ্যা দিছে। আমি এহাতে নিৰৱচ্ছিন্নভাৱে পৰিৱৰ্তনশীল সমাজত আধুনিক, অত্যাধুনিক স্তৰ অতিক্ৰম কৰি উত্তৰ-আধুনিক স্তৰৰ সমাজত বিজ্ঞান আৰু প্ৰযুক্তিয়ে যোগান ধৰা  সা-সুবিধাবোৰৰ সোঁতত নিজকে উটুৱাই দিছোঁ, আৰু আনহাতে পৰিৱৰ্তনৰ বিৰোধীতাৰে সমাজক একোটা নিদিষ্ট স্তৰত চিৰন্তন্নতাৰ খুটিত খামুচি ধৰি থকা ধৰ্মৰ বিস্বাস আৰু আচাৰ- অনুষ্ঠানৰ অভ্ৰান্ততাত নিজস্বতা চিন্তা-ভাৱনাৰ সৰ্বস্বতা উছৰ্গা কৰিছোঁ। 
      ধৰ্ম নিঃসন্দেহে সংস্কৃতিৰ অন্তৰ্গত, সাংস্কৃতিক ঐতিহ্য হিচাপে সন্মান কৰিয়েই আমি বহুবোৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰোঁ।কিন্তু সাংস্কৃতিয়ে সমাজ নগঢ়ে,সমাজেহে সংস্কৃতি গঢ়ে। সংস্কৃতিত সমাজৰ চৰিত্ৰ প্ৰতিভা ত হয়।সমাজৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰো ৰূপান্তৰ অনিবাৰ্য্য। ধৰ্ম‌ই কিন্তু কোনো ধৰণৰ ৰূপান্তৰ কে সমৰ্ণন নকৰে। বিৱৰ্তিত সমাজৰ লগত খোজ মিলাই ভাষাই শৃংখল চিঙি আগুৱাই যায়, খোজে খোজে ব্যাকৰণে সূত্ৰ- তত্ব আৰু বিধি-বিধানৰ জিঞ্জিৰি পিন্ধায়।পৰিৱৰ্তনশীল আৰু বিকাশশীল সমাজকো ধৰ্মই তেনেদৰেই ধৰি ৰখাৰ প্ৰয়াস কৰে।তৎসত্বেও কিন্তু সমাজৰ বিৱৰ্তনৰ গতিত যতি পৰা নাই।
      আনহাতে ধৰ্ময়ো সমাজক ধৰি ৰখাৰ প্ৰয়াস পৰিহাৰ কৰা নাই।তাৰ পৰিৱৰ্তে ধৰ্মই"তত্ব"আৰু বিশ্বাসৰ ব্যাখ্যা, শিকণিৰ সুৰ আৰু নিয়ম-নীতিৰ অৰ্থৰ ব্যাখ্যা নতুন কৰি আনি আছে।আধুনিক কালৰ ভাৰতবৰ্ষত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশ্ববিখ্যাত দাৰ্শনিক পণ্ডিত ড° °সৰ্বপলী ৰাধা-কৃষ্ণণৰ বক্তব্য অনুসৰি পুৰণি বিশ্বাস সমূহ ভাঙি মানুহে নৱ অভিযানৰ পাতনি প্ৰস্তুত কৰে।ধৰ্মক সমালোচনাৰ বাহিৰত ৰাখিলে একো সুফল নহয়। গতানুগতিক নৈতিকতাৰ দৰেই নীৰস  নাস্তিকতাৰো কোনো ভৱিষ্যত নাই।আমি কেতিয়াও ধৰ্মৰ পৰা আঁতৰি থাকিব নোৱাৰো।অদৃশ্য শক্তিক উপলব্ধি কৰাৰ কাৰণে মানৱ অন্তৰত(ধৰ্মৰ)প্ৰয়োজনীয়তা বহুত আছে।জীৱনৰ অৰ্থ আৰু দায়িত্ব সম্বন্ধে আশা আৰু আকাংক্ষা ৰাখি চিন্তা কৰি মানুহ যেতিয়া লৈকে মানুহ হৈ থাকিব, তেতিয়ালৈকে ধৰ্মনাশৰ কোনো ভয় নাই।কেৱল আমি ধৰ্মক সংশোধন কৰিব লাগিব।আধুনিক জ্ঞান আৰু বিচাৰৰ লগত খাপ খুৱাই আমি বিশ্বজনীন সত্য সমূহৰ নতুন ব্যাখ্যা দিব লাগিব।
        এতিয়ালৈকে বৰ্তি থকা পৃথিৱীৰ প্ৰধান ধৰ্মবোৰে কোনোটো ধৰ্মই মানুহক নিজৰ পৰিৱৰ্তে প্ৰতিপক্ষ বা শত্ৰুৰ ,সমাজৰ আন মানুহ, ওচৰ-চুবুৰীয়া নিকটাত্মীয় আদিৰ হকে মংগল প্ৰাৰ্থনা কৰাৰ বিধান দিছে খাটাং জনা নাযায়। যিমান দূৰ জনা যায়, কোনোটো ধৰ্মই নিজক বাদ দি আনৰ মংগলৰ হকে প্ৰাৰ্থনা কৰাৰ উপদেশ দিয়া নাই।মই সুখেৰে থাকোঁ ,মোৰ উন্নতি হওঁক ,কেৱল মোকেই ৰূপং দেহি ,ধনং দেহি , যশং দেহি বুলি দিনে- নিশাই আমি কেৱল নিজৰ বাবেহে প্ৰাৰ্থনা কৰো,পূজা কৰো,উপাসনা কৰো।সমাজৰ সকলো মানুহৰে সুখ-শান্তি বা শ্ৰীবৃদ্ধি হওঁক বুলি পূজা -উপাসনা বা প্ৰাৰ্থনা কৰাৰ বিধান কোনো ধৰ্মই দিয়া নাই।এইফালৰ পৰা ধৰ্ম অত্যন্ত সংকীৰ্ণ ভাৱে ব্যক্তিবাদী বা ব্যক্তিকেন্দ্ৰিক।
       সেয়ে ধৰ্মই কেৱল ব্যক্তিৰ মংগলৰ বাহিৰে সামাজিক মংগলৰ কোনো ব্যৱস্থা ৰখা নাই।সেয়ে বোধকৰোঁ মানুহ মানুহৰ প্ৰতি ইমান হিংস্ৰ   আৰু নৃশংস হব পাৰে।সমাজৰ বিকাশৰ লগে লগে পৰিৱৰ্তিত পৰিস্থিতি আৰু পৰিবেশত মানুহ বোধকৰোঁ এই কাৰনেই ইমান বেছি নিঃসংগ হৈ আহি আছে ।মানুহে নিজে সৃষ্টি কৰা এই নিঃসীম ,নিঃসংগতা বোধৰ পৰা আধুনিক মানুহক বোধকৰোঁ কোনো ভগৱানেই ৰক্ষা কৰিব নোৱাৰিব।