Type Here to Get Search Results !

চেৰী ফুলৰ সপোন নাই চকুত

  জুৰী গোস্বামী



বেলিটো ডুব যোৱাৰ সময়তে আকাশ খন হেঙুলীয়া হয়
এটা আপেলৰ দৰে ৷
চকুদুটা হয় আকাশৰ প্ৰতিবিম্ব ৷
ৰঙা হৈ আহে সমস্ত সত্বা ৷
ক’ৰবাত এপাল ভেৰাখেদি
ছদ্মবেশী জলহু কোট পিন্ধা মানুহ এটা পাহাৰ তলিৰ বাট এটাৰে নেদেখা হয় ৷

আকাশ খন ক’লা হৈ আহিলে
জৰাজীৰ্ণ কোনোবা পঁজাত
পোহৰ অনাৰ কুচকাৱাজ আৰম্ভ হয় ৷
পোহৰ বোৰ  মটিয়া ৰঙৰ ব্লাব এটাৰ মাজত বেৰটো ওলমি ৰ’ব পাৰে
নহলেবা টিপ চাকিহৈ মাটিতো গোমোঠা মাৰিব পাৰে ,

আন্ধাৰত খেপিয়াই অলস হাত এটাই এটুকুৰা ৰুটী মুখলৈ নিয়াৰ আখৰা কৰে ৰুটীত পোহৰ নপৰে ৷
তেওঁ দেখাই নাই চেৰী ফুলৰ বাগিছা ৷
সেয়ে হয়তো দুচকুত সন্ধিয়া হ’লেই ঠুপ খাই পৰেহি এহেজাৰ জেতুলীপকা ৷
ক্ষোভহৈ জ্বলে, দুখহৈ জ্বলে
জুই হৈ জ্বলে৷
মুঠতে উজ্বলে
তেওঁৰ ভৰিৰ পতাত আশাহত এটা পৰুৱা  ঠৰ লাগে ৷
তেওঁৰো হয়তো
যাবলৈ ইচ্ছা আছে দুৰলৈ ৷

এই সকলো আওকাণ কৰি তেওঁৰ
কাণত অহৰহ বাজি থাকে
অসংখ্য  বিজয়ী হৈ
উভতি অহা
অশ্বাৰোহীৰ শাণিত অষ্ট্ৰৰ ঝনঝননি ৷
ক’ত ধুব তেজ লগা তৰোৱালৰ চেকা ?
কোন নদীত বৈ যাব
ৰঙচুৱা পানী ?
দিখৌতনে দৰিকাত?
কদবট কদবট
ঠমকি ৰোৱা
ঘোঁৰাৰ ভৰিৰ শব্দ
আৰু আস্তাবলৰ
বিবৰ্ণ চৌপাশ ৷
তথাপিও
লেকাম লগাই ধূলি উৰুৱাই অকস্মাৎ অন্তৰ্ধান হোৱাৰ দূৰ্বাৰ বাসনা আছে তেওঁৰ হিয়াত  ৷
চকুদুটাত এহেজাৰ জেতুলিপকা ৷
বুকুখন বাৰুদৰ জুইৰ বুৰঞ্জীৰে আধাপোৰা ৷