Type Here to Get Search Results !

বৃন্দাবনী বস্ত্ৰঃ ইতিহাস আৰু ঐতিহ্য

 জুৰী গোস্বামী৷



     ষোল্ল শতিকাত কোচ ৰজা নাৰায়ণৰ ৰাজ সভাত বিৰাজ মান হ’ল ৰাজৰোষত পৰা ভক্তৰ উদ্ধাৰৰ দায়িত্ব মুৰ পাতি লোৱা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ ৷গদ গদ কণ্ঠেৰে গাই গ’ল টোটয় .....
৷"মধু দানৱ দাৰণ দেৱবৰং "৷ তন্ময় হৈ  ৰজা নৰনাৰায়নেও শুণিলে ভগৱান শ্ৰীকৃষ্ণৰ অমৃত ৰূপৰ বৰ্ণনা ৷ অনুপম গীতমালা শুনি চকু দুটি মুদি হৃদয়ত কল্পনা কৰিলে  অমিয়া অপৰূপ ৰূপ ৷ কৃষ্ণ কথাত ইমানেই বিমুগ্ধ হৈ পৰিল যে ভগৱানৰ অপৰূপ জীৱন গাথা ছবিৰ আকাৰে চোৱাৰ প্ৰচণ্ড আগ্ৰহ হ’ল ৷ৰজা নৰনাৰায়নে সেই কথা ব্যক্ত কৰিলে গুৰুজনাৰ সন্মুখত ৷ গুৰুজনায়ো ৰজা নৰনাৰায়ণক ভগৱানৰ শ্ৰীৰূপ চিত্ৰ আকাৰত ৰজাক দেখুৱাৰ প্ৰতিশ্ৰুতি বদ্ধ হৈ উভটি আহিল ৷ উভটি আহি পৰিকল্পনাত মনোনিবেশ কৰিলে ৷তাঁতী কুচীৰ ছশ ঘৰ তাঁতী  আৰু ওছৰ পাজৰৰ গাওঁ সমুহত কথাটো জনাই দিয়া হ’ল যে তাঁতৰ পাটত বহি তাঁতি সকলে মাকোৰে চিত্ৰায়ণ কৰিব লাগে সাত বৈকুণ্ঠৰ চিত্ৰপট৷বাৰ জন মৰলৰ ওপৰত এই দায়িত্ব অৰ্পণ কৰা হ’ল ৷সেই মৰল সকলৰে অন্যতম আছিল তাঁতী কুচীৰ গোপাল বৰুৱা ৷মাধৱ দেৱে প্ৰতিস্থা কৰা ৰঙীয়াল গৃহটি ভকতৰ চুৱাপাত পেলাই পৰিস্কাৰ কৰিছিল গোপালবৰুৱাই৷ "মঠুৰাপুৰ" বৰপেটা ধামক পৰিস্কাৰ কৰি গোপাল বৰুৱাই নাম পালে মঠুৰাদাস বুঢ়া আতা ৷যিজন বৃন্দাবনী বস্ত্ৰ বয়নৰ উদ্যোগটিৰ অন্যতম তত্বাবধায়ক ৷
     গুৰুজনাৰ সেই নিৰ্দেশ অনুযায়ী দুজনা গুৰুৰ চিত্ৰকল্পৰ আধাৰত প্ৰস্তুত হ’ল ফুলৰ চানেকী ৷অঁকাহ’ল ভগৱান শ্ৰীকৃষ্ণৰ সুতিকা গৃহৰ পৰা আৰম্ভ কৰি সমস্ত কৃষ্ণ লীলাৰ দৃষ্টিনন্দন চিত্ৰ সমুহ ৷সেই চিত্ৰ সমুহেৰে তাঁতীয়ে প্ৰস্তুত কৰিলে ফুলৰ চানেকি ৷ চুবুৰীয়া গাওঁ সমুহৰ জংঘলৰ পৰা গোটাই আনিলে বিভিন্ন গছৰ শিপা গুটি আদি সূতাত নানাৰঙী ৰং বোলাব পৰাকৈ ৷ সেই সমুহৰ পৰা ৰস আদি প্ৰস্তুত কৰি সূতাবোৰ ৰং কৰি কপাহৰ বগা সূতা বোৰক ৰঙা নীলা হালধীয়া সেউজীয়া আদি অজৰ অমৰ হৈ আজিও জিলিকি থকা ৰংবোৰ ৷ এশ বিশ হাত দীঘল কৈ গুৰুজনাই তাঁতীক তাঁত বাটি কৰিবলৈ নিৰ্দেশ দিলে ৷তাঁতীয়ে  এশ বিশটা কাঠিৰে  এখন ৰাচ নিৰ্মাণ কৰি উলিয়ালে ৷যিহেতু ৰাচত প্ৰতিটো ঘৰত দীঘে দুদালকৈ সূতা সোমাই সেয়েহে দুশ চল্লিছ দাল সূতা সূমাই দীঘ ব’বৰ বাবে তাঁত তৰা হ’ল ৷পুতলে তিনি হাত অৰ্থাৎ চাৰে চাৰি ফুট বহল কৈ বস্ত্ৰ ভাগি শালত ববৰ বাবে তৰি লোৱা হৈছিল ৷বস্ত্ৰ ভাগী বোৱাৰ সময়চোৱাত মহাপুৰুষ জনাই পাটবাউসীৰ পৰা ৰঙীয়া জানেৰে নাৱেৰে আহি কমাৰ কুচী পাইছিলহি আকৌ তাৰ পৰা আন এটি জানেৰে আহি নিতৌ তাঁতী কুচীত বস্ত্ৰ বয়নৰ তদাৰক কৰিছিল ৷
      বস্ত্ৰ ভাগি বয়নৰ সময়চোৱাত সেই অঞ্চলত বহু কেইটা আলৌকিক ঘটনা  ঘটিছিল ৷ যিবোৰ ঘটনাৰ আলমত মানুহৰ মনত প্ৰতিস্থিত হৈছিল যে গুৰুজনা সামান্য মানৱ নহয় ,তেখেত ভগৱান শ্ৰীকৃষ্ণৰ মানৱ অৱতাৰ বুলি ৷সম্পূৰ্ণ ছমাহ এই বয়ন কাৰ্য্য চলি আছিল ৷যি এশ আশী ফুট আদিতে তাঁত ব’বৰ সময়ত সূতাৰ দীঘ লোৱা হৈছিল তাৰ অৰ্ধেক অলেখ ফুলৰ চানেকিতে সোমাল অন্তত বস্ত্ৰ ভাগি ষাঠি হাত অৰ্থাৎ নব্বৈ ফুটহে দীঘল হ’ল ৷ পাটবাউসী সুন্দৰীদিয়া আদি দাঁতিকাষৰীয়া গাঁও বোৰত কথাটো প্ৰচাৰ হোৱাৰ পাছত সকলোৱে সেই অনুপম সৃষ্টিক চকুৰে চোৱাৰ মানস কৰাত গুৰুজনে বস্ত্ৰ ভাগি ৰাইজক দেখুৱাবৰ বাবে এখন বাঁহৰ চাং সাজি তাৰ ওপৰতে বৃন্দাবনী বস্ত্ৰ খনি মুকলি পৰি ৰাইজক প্ৰথম বাৰৰ বাবে সাত বৈকুণ্ঠৰ পট দেখুৱালে ৷তাৰ এবছৰৰ পাছত গুৰুজনাৰ পুত্ৰ ৰামানন্দ দেৱৰ হাতত সেইখন নৰনাৰায়ণৰ ৰাজ সভালৈ ৰজাক প্ৰদান কৰা হয় ৷ তাৰো কেইবা শতিকাৰ পাছটো বৃন্দাবনী বস্ত্ৰৰ অস্তিত্ব লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট সংগ্ৰহালয় আৰু পেৰিছৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে ৷চীনৰ মাজেদি এই আলৌকিক বস্ত্ৰ ভাগৰ পৃথিৱী পৰিভ্ৰমনৰ বুৰঞ্জীও অতি আলৌকিক ৷ চৰকাৰী উদ্যোগত বস্ত্ৰ ভাগী দৰ্শনাৰ্থীৰ বাবে অলপ দিনলৈ অসমলৈ অনাৰ যোযা চলিছিল বুলি গম পাইছিলো ৷ কাৰ্য্যতঃ তেনে কৰিলে অসমৰ আকৌ সৌভাগ্য হ’ব স্বচক্ষে এবাৰ মহাপুৰুষৰ হাতৰ পৰশ থকা স্বৰ্গীয় সেই বস্ত্ৰ ভাগি দৰ্শন কৰাৰ৷আমি আশাবাদী৷ 

ৰূক্মিনীগাওঁ,গুৱাহাটী ৷