Type Here to Get Search Results !

ভুলত মৰহিল ফুল

 ৰমেন চন্দ্ৰ ডেকা



মুষলধাৰ বৰষুণতো
মোৰ চকুলো নোলায়
কেৱল আত্মপ্ৰত্যয়ত
চকুলোৰ নৈখনিক
নীৰৱে  অকলে  ভেটিছিলো।

সপোনটি খহি পৰোতে
মৰহিছিল পদুমৰ কলিটি।
নিশা প্ৰতিটো প্ৰহৰ বাগৰি
বাঢ়ে অনিশ্চয়তাৰ অসুখটি।

নিবিচাৰোঁ তোমাৰ শেষ  ঠিকনা
আন্ধাৰত মগ্ন প্ৰাৰ্থনাত
কেৱল উপাসনাহে কৰো
তিলমানো নকৰি উপহাস।

আচলতে সোতৰ গতি নজনাকৈ
নৈত নাও মেলাৰ পৰিণতিত 
মনোপলব্ধি মহাভুলৰ।

হয়তো ভুলো নাছিল
মাথো ভুলকে ফুল বুলি
বুকুত গুজি ভ্ৰমিছিলো বাবে