Type Here to Get Search Results !

অস্বস্তি

 মমী তামুলী


                                                                              (অণুগল্প)

      প্ৰিয়জনৰ দুচকুত আজিও তাই চকু থ'ব নোৱাৰিলে।সভাগৃহ ভৰ্তি দৰ্শকক সুৰৰ মায়াজালেৰে মুগ্ধ কৰি ৰখাৰ শক্তি থকা স্বত্বেও আজি আকৌ সেই প্ৰত্যয়ৰ ব্যৰ্থতা তাইৰ।

      উহঃ নোৱাৰি।নুমুৱাই থৈ অহা ৰন্ধন গেছটো,বন্ধ কৰি থৈ অহা তলাটো,বিজুলী সোঁত বিচ্ছিন্ন কৰি থৈ অহা বিজুলী পাঙ্খা খন--গোটেইবোৰে চোন "নকৰা" যেন হৈ তাইৰ সুনিৰ্দিষ্ট কক্ষপথত যতি পেলাই বৃত্ত এটা হৈ ঘূৰিবলৈ আৰম্ভ কৰে।
       বৃত্তটোৰ পৰা ওলাব খুজিলেই ডা: জনৰ মুখৰ তিনিটা শব্দই পাকঘূৰণি খাব খোজে--

     "Obsessive Compulsive Disorder"