জীনামণি বৰগোহাঁই দুৱৰা
গভীৰ দুখত ব্যাকুল হৈ
লিখিলো দুটিমান কবিতাৰ শাৰী
আজি কবিতাৰ শাৰীও সৃষ্টি হয়
ক্ষোভ,ব্যৰ্থ আৰু স্বাৰ্থপৰতাৰ প্ৰকোপত
সকলো জীয়াই আছে এই পৃথিৱীত
মইও আছো আনৰ দৰেই
অথচ-----
মই যেন এক অনন্য পৃথিৱীত
কিয় বাৰু এই অনুভৱ?
নিঃশেষ হৈ আহিছে ক্ৰমে
উৎসাহ উদ্দীপনা
জীয়াই থকাৰো আদিম বাসনা
হয়তো----
জীৱনৰ ওপৰতে বিতৃষ্ণা জাগিছে
য'ত স্বাৰ্থপৰতাই কৰিছে মানুহক পংগু।