Type Here to Get Search Results !

কাব্য সংকলনঃ--আশাৰ পাপৰি, আলোকপাত

 কাব্য সংকলনঃ--আশাৰ পাপৰি

কবিঃ- সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া
আলোকপাতঃ-- মিৰ্জা হুমায়ুন কবিৰ



   বিতাৰ পৃথিৱীত  কবিৰ হৃদয়খনেই যেন নিৰ্মল সূৰ্য। য'ত  শব্দ হৈ পৰে দ্বীপৰঞ্জন, হৃদয়ৰ নিভৃত বিন্দু  স্পৰ্শ কৰি  কবিতা হয় স্বৰ্গৰ মনোহৰ শোভা আলোকিত  কৰে। অমানিশা আকাশ, কবিতাৰ হাত ধৰি  পৃথিৱীৰ  অনাদিত মানুহে ৰাজপথত সৃষ্টি কৰিব পাৰে কবিতাৰ দ্ৰোহ । সেয়ে কবিৰ অনন্য সৃষ্টি কবিতাই কবি গৰাকীক জীয়াই ৰাখে অনন্ত কাললৈ। মানুহৰ প্ৰাণে প্ৰাণে, হৃদয়ে হৃদয়ে। প্ৰিয় কবি সুৰভি বৰপাত্র গোহাঁইৰ সুন্দৰ কবি প্ৰাণৰ সৈতে চিনাকী হৈছিল কবিৰ  অনন্য সৃষ্টিৰ মাজেৰে । শেষত এদিন ঐতিহাসিক শিৱসাগৰৰ এক  বৰ্ণাঢ্য কবিতাৰ অনুষ্ঠানত  লগ পাইছিলোঁ  সৃষ্টিশীল  মনৰ কবিগৰাকীক। সেইদিনাই  বিচাৰি পাইছিলোঁ, কবিতাৰ সুমধুৰ ছন্দ - লয় আৰু অলংকাৰ কবি নিজেই  । প্ৰিয় কবিৰ মনোহৰ সৃষ্টি "আশাৰ পাপৰি " ।
    কাব্য সংকলন খনিৰ প্ৰকাশক তেখেতৰ স্বামী অনন্ত কুমাৰ চেতিয়া ।  মূদ্ৰণ- মেৰ্চাছ  এছ. বি. ডিজিটেল অফছেট  প্ৰিন্টাৰ্ছ ।  অৰ্থপূৰ্ণ বেটুপাতৰ অলংকৰণ  কৰিছে  ফাইন আৰ্ট  ছ'ছাইটিৰ  অধ্যক্ষ ৰিদিপ বৰুৱাই ।  কাব্য সংকলন খন  তেখেতৰ  পৰম আৰাধ্য পিতৃ-মাতৃ  আৰু  শ্ৰদ্ধাৰ শহুৰ শাহুৰ নামত উছৰ্গা কৰিছে  । 
  "আশাৰ  পাপৰি' ৰ কিছু কবিতাৰ পৃষ্ঠা মেলি ধাৰণা হ'ল সঁচাকৈয়ে কোমল কোমল পুষ্পদলেৰে সজোৱা হৈছে  মনোহৰ  কাব্যসংকলন, য' ত নিৰ্মলতাৰ অনন্য সুবাসে প্ৰতীয়মান কৰে কবিতাৰ হৃদয় । 
     অৰ্থনীতি বিভাগৰ স্নাতক ডিগ্ৰীৰে অলংকিত কবিৰ  সৃষ্টি লৈ চকু ফুৰালেই বুজিব পাৰি সাগৰ সদৃশ সাধনাআৰুউদ্ভাসিতা আলোক যাত্ৰাৰ  কথা । তিনিকুৰিৰো অধিক  সমল সমৃদ্ধ প্ৰাণোময় কবিতাৰ মাজৰপৰা মাথো কেইটামান সৃষ্টিৰ কলি স্পৰ্শ কৰিলে দেখা যায়  কবিৰ সাধনাৰ গভীৰতা কিমান । 
"মোৰ ঠুনুকা হৃদয় তুমি নাভাঙিবা 
শান্তিৰ কপৌ যুৰি আহিব দিয়া
মোৰ উৰুখা পঁজালৈ - - - -, 
                      (আশাৰ পাপৰি) 
যেন শান্তিৰ অন্বেষণত আজিৰ পৃথিৱীত কবিতাৰ জন্ম, ৰুদ্ধ মানৱতাৰ খিৰিকী খুলি  শান্তিৰ কপৌ যুৰিক 
প্ৰাৰ্থনা  । 
" হে ! উদাৰ আকাশ মিনতি কৰিছোঁ তোমাক 
মেঘে মেঘে লুকা ভাকু খেলি নথাকিবা মজি, 
ৰ'দৰ বতৰা নহয় কাম্য বৃষ্টিয়ে দিব পাৰে শান্তি - - - -" 
                                       (স্বাগতম নৱবৰ্ষ ) 
ঠিক তেনেদৰে - - - - - - - - - - -, 
"পাৰো যদি বুটলিব সময়ৰ বালিত
চিকমিক বিজুলিৰ অক্ষৰৰ অমৃত 
কৰিম অংকিত দুৰ্বাৰ গতিৰে, 
নীলিম গগণৰ অলেখ তাৰকাপুঞ্জ
উজ্বল জোৎস্নাই কৰি সুশোভিত 
বিলাব ধৰণীত জ্ঞানৰ পোহৰ  ।" 
    সচাঁকৈয়ে, প্ৰিয় কবিৰ প্ৰতিটো কবিতাৰ মননশীল শব্দ  মালাত ঝংকাৰি উঠে প্ৰেম, মমতা, মানৱতাৰ জয়গান 
আৰু সকলো সৃষ্টিয়েই যেন মানৱ কল্যাণৰ হৃদয় স্পৰ্শক কথাকেই কৈ যায় । কবিৰ" আশাৰ পাপৰি " নিশ্চয়  অসমীয়া ভাষা-সংস্কৃতি লৈ এক সুন্দৰতম সাধনাৰ গৌৰৱময় উপহাৰ হৈ থাকিব । বিলাই যাব সৃষ্টিৰ মাধুৰ্যতা আৰু মায়াময় শব্দৰ প্ৰভা । 
    প্ৰিয় কবিৰ অনন্য সৃষ্টিক প্ৰিয় পাঠক সমাজে  হৃদয়েৰে আদৰি লওক, মানুহৰ বাবে হওক কবিৰ প্ৰাঞ্জল সৃষ্টি, এই পৃথিৱীত কবিতাৰ হাত ধৰি  প্ৰিয় কবি অমৰ হৈ থাকক মানুহৰ  হৃদয়ত । তাকেই শুভাশীষ জনাই, প্ৰিয় কবি সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়াৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ ক্ষুদ্ৰ অনুভৱক সামৰিছোঁ  ।
"চিৰ চেনেহী মোৰ ভাষা জননী "