Type Here to Get Search Results !

আলাসত চাং

 ধ্ৰুব ফুকন


  

     প্ৰায় সকলো মানুহেই কল্পনা কৰে । সৰুতে টকা পালে মৰ্টন কিনাৰ আঁচনিৰ পৰা অলপ ডাঙৰ হোৱাৰ পাছত বাইক কিনাৰ কল্পনালৈকে । বয়স আৰু অভিজ্ঞতা বাঢ়ি যোৱাৰ লগে লগে, এই কল্পনা বোৰো সলনি হৈ থাকে । ওপৰে ওপৰে চাবলৈ গ'লে, এই কল্পনাবোৰ দুই ধৰণৰ থাকে । প্ৰথমটো বাস্তবিক (practical) । যেনে সৰু লৰাটোৰ মৰ্টন কিনাৰ কল্পনা বা কলেজ পঢ়ি থকা জনৰ বাইক কিনাৰ কল্পনা, বা Santro চলাই থকা জনৰ EcoSport কিনাৰ কল্পনা । এইবোৰ কল্পনা সাধাৰণতে বাস্তব হোৱাৰ সম্ভাৱনা থাকে । পিছৰ বিধ কল্পনা সাধাৰণতে বাস্তব নহয়, কাত-চিত কেতিয়াবাহে ফলীয়াই । কাৰণ এইবিধ একেবাৰে আলাসত চাং পতা অলিক সপোন । কিবা miracle নহ'লে এইবোৰ সপোন সদায় সপোন হৈ থাকি যায় । এই সপোনবোৰ বহুত ধৰনৰ হব পাৰে । কাৰোবাৰ জুবিন গাৰ্গৰ নিচিনা হাৰ্ট থ্ৰব হোৱাৰ সপোন, কাৰোবাৰ হিমন্ত বিশ্বৰ নিচিনা পলিটিচিয়ান হোৱাৰ সপোন বা কাৰোবাৰ পৃথিৱী ভ্ৰমণ কৰাৰ সপোন । পিছে মই যিবোৰ সপোন কেবল টকাৰেই পূৰাব পাৰি তাৰ কথাহে কবলৈ লৈছোঁ ।


     কলেজত পঢ়ি থকা সময়ত সকলোৰে বহুত সপোন থাকে, হস্টেলত মাজনিশা লৈকে চলা আড্ডাত এইবোৰ লৈ জমি থাকে । মই হস্টেলত থকা সময়ৰ কথা । মহাভাৰতৰ সাংঘাটিক সফলতাৰ পিছত টিভিত মেগা ছিৰিয়েলৰ যুগ আৰম্ভ হৈ গ'ল । সেই সময়ৰ এটা সপোন আছিল এখন মেগা ছিৰিয়েল বনোৱাৰ । নেচনেল টিভিৰ মেগা ছিৰিয়েল, ইংৰাজী আৰু হিন্দি দুটা ভাষাত । লাচিত বৰফুকনৰ ওপৰত । ইন্টাৰনেচনেল কাস্টিং, হলিউদৰ ডিৰেক্টৰ । হলিউদৰ চিনেমাৰ নিচিনা স্পেছিয়েল ইফেক্ট থাকিব, শৰাইঘাটৰ যুদ্ধ এনেকুৱা হব যে দৰ্শকে হলিউদৰ চিনেমা চাইছেনে টিভি ছিৰিয়েল চাইছে ধৰিবই নোৱাৰিব । কোনটো ভাও কোনে কৰিব সেইটো ঠিৰাং কৰাটোও এটা ডাঙৰ কাম । সেই সময়ত The Last Emperor চিনেমা খনৰ কথা মানুহৰ মুখে মুখে । লাচিত বৰফুকনৰ ভাওটোৰ কাৰণে John Lone বা Ken Watanabe প্ৰথম তালিকাত । দ্বিতীয় তালিকাত (মানে বেকআপ) আমাৰ বলিউডৰ ডেনী ডেংজংপা ।

     যোৱা পাঁচ বছৰ মানৰ পৰা আকৌ সপোন এটা দেখিবলে ধৰিছো । এইবাৰ ভাবিছো এটা টিভি চেনেল খুলিম । অসমীয়া নিউজ চেনেল । টকা বঢ়াবলে নহয়, অসমীয়া ভাষাটোৱে যোৱা বিছ ত্ৰিশ বছৰ মানত যিবোৰ ভাঁজ ল'লে সেই বোৰ পোনাই মেলি দিবলৈ । অসমৰ বাহিৰত থকাৰ কাৰণে অসমীয়া ভাষাটো ৰাইজৰ মুখত কেবল টিভি, ফেইছবুক আৰু হোৱাট্ছএপৰ ভিডিও বোৰতহে শুনিবলৈ পাওঁ । শুনি মুৰটো গৰম হৈ যায়, কেইটামানক দুধকা মান দি অসমীয়া শিকাবলৈকে মন যায় । পিছে ভালকে গমি পিটি চাই দেখিলো, অসমীয়া ভাষাটোৰ ওপৰত আটাইতকৈ ডাঙৰ প্ৰভাৱ পেলাইছে অসমীয়া নিউজ চেনেলবোৰে । ডেকা গাভৰুৱে কিতাপ, বাতৰি কাগজ নপঢ়ে । কাৰণ সৰহ ভাগেই ইংৰাজী স্কুলত পঢ়া, অসমীয়া নাজানে বুলিবই পাৰি । মাক বাপেক পুৰণি কলীয়া, একো নাজানে বুলিয়েই ভাবে সাধাৰণতে, সেয়েহে মাক বাপেকৰ ভাষাটোও পুৰণি কলীয়া । গতিকে ডেকা গাভৰুহঁতৰ অসমীয়া ভাষাটো নিয়ন্ত্ৰণ কৰে ঘাইকৈ দুটা বস্তুৱে, নিউজ চেনেল আৰু চচিয়েল মেডিয়াই, মানে ফেইছবুক আৰু হোৱাট্ছএপে । টকাৰে চচিয়েল মেডিয়াত প্ৰভাৱ পেলাব নোৱাৰি বুলিয়েই ভাবিছো, কমেও এক মিলিয়ন ফল'ৱাৰ নাথাকিলে কোনেও পাত্তা নিদিয়ে। জুবিনে যদি ভাষাটো উধাৰো বুলি ফেইছবুক আৰু হোৱাট্ছএপত ভিডিও বনাই তেতিয়া কথা বেলেগ, পিছে আমাৰ কথা যে কোনেও নুশুনে, আৰু যে তিতকাৰীহে মাৰিব সেইটো খাটাং। গতিকে নিউজ চেনেলেই একমাত্ৰ উপায় । 
সেইকাৰণে মই অসমীয়া নিউজ চেনেল এটা খুলিম বুলিয়েই ঠিৰাং কৰিলো । 

     ঘাইকৈ দুটা দিশৰ ওপৰত গুৰুত্ব থাকিব । কাৰিকৰী বা engineering দিশটো আৰু চেনেলৰ ৰিপৰ্টাৰ আৰু এন্কৰ বিলাকৰ ভাষা ।
নতুন চেনেলটো কাৰিকৰী দিশৰ পৰা আটাইতকৈ আগত থাকিব, অসমৰ প্ৰথম Full HD চেনেল হব । Android আৰু iPhone ত live চাব পৰাকৈ একেবাৰে উন্নত মবাইল এপ বনোৱা হ'ব । বাতৰি যোগনীয়াৰ মানে ৰিপৰ্টাৰ বিলাক একেবাৰে নতুন মুখ হ'ব, আগতে বেলেগ চেনেলত ৰিপৰ্টাৰ হিচাপে কাম কৰা মানুহক এইটো চেনেলত কেতিয়াও মকৰল কৰা নহ'ব । নতুন ডেকা গাভৰু সকলক কেবল সাধাৰণ জ্ঞান বা general knowledge ৰ পৰীক্ষাৰ ভিত্তিত ৰিপৰ্টাৰৰ হিচাপে নিয়োগ কৰা হব । 
     ৰিপৰ্টাৰ, বাতৰি লেখক, বাতৰি পঢ়োতা আৰু আলোচনা বিলোচনা বিলাকৰ এন্কৰ বিলাকে প্ৰথমে শিকাৰো (trainee) হিচাপে তিনি চাৰি মাহৰ bridge course কৰিব লাগিব । প্ৰথম দুসপ্তাহ শিকাৰো সকলে উধাইমুধাই দুখন কিতাপ পঢ়িব লাগিব । পঢ়ি পঢ়ি অসমীয়া ভাষাৰ আচল ৰূপটো নিজেই বুজিবলৈ চেষ্টা কৰিব লাগিব । কিতাপ দুখন লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু আৰু লীলা গগৈৰ নৈ বৈ যায় । দুসপ্তাহৰ পাছত প্ৰত্যেকেই নিভাঁজ অসমীয়াত ২০০০ শব্দৰ এখন ৰচনা লিখিব লাগিব, নিজৰ পছন্দৰ বিষয়ত, ইয়াত কমেও ১০ টা মান জতুৱা-ঠাচ থাকিব লাগিব । এই ৰচনা খনৰ ওপৰতে চাকৰি পোৱা নোপোৱা নিৰ্ভৰ কৰিব, একেবাৰে তলৰ খাপৰ খিনিক তাতেই বিদায় দিয়া হব ।
বাকী থকা খিনিৰ ট্ৰেইনিঙ চলি থাকিব । ঘাইকৈ দুটা বিষয়ৰ ওপৰত ট্ৰেইনিঙ চলিব, অসমীয়া ভাষাৰ পৰা বঙলুৱা তৰপটো আঁতৰুৱা, আৰু পৰালৈকে কেবল থলুৱা শব্দৰ আৰু জতুৱা ঠাঁচৰ ব্যৱহাৰ । ট্ৰেইনিঙ শেষ হোৱাৰ পাছত আকৌ এটা পৰীক্ষা হব । অহাকালি, যোৱাকালি, সেতু, শ্বিলঙত যাম, পথ, একঘেঁয়ে, ফাদিল, ৰবিবাৰ, ভিজা, আহা যোৱা, মাৰা মাৰি, ভাবা নাই, পুত্তলিকা, মুৰ্গী, ঔষধ এনে ধৰনৰ বঙলুৱা শব্দ যদি কোনোবাই ব্যৱহাৰ কৰে, তেনেহ'লে সেইদিনাই তেওঁক বিদায় দিয়া হ'ব। শীঘ্ৰে, সদৃশ, নিশ্চিত ভাবে - এই লেখীয়া শব্দ ব্যৱহাৰ কৰিলে জৰিমনা ভৰিব লাগিব । বৃটিছৰ দিনত বহুত বছৰ বঙালী ভাষা যে অসমৰ চৰকাৰী ভাষা আছিল আৰু অসমীয়া ভাষাটো বঙালী ভাষাতকৈ বেলেগ বুলি বৃটিছক পতিয়ন নিয়াব লগীয়া হৈছিল, এই কথাটো শিকাৰো বিলাকক ভালকে বুজাই দিয়া হ'ব ।
     পাছ কৰা বিলাকক আকৌ এমাহৰ ট্ৰেইনিঙ দিয়া হব । আনবোৰ কথাৰ লগতে ভালকে উশাহ নিশাহ লৈ কেনেকৈ কথা কৈ থাকিব পাৰি সেইটোও শিকোৱা হব । লাহে লাহে, ধীৰে সুস্থিৰে কথা কব নোৱাৰা বিলাকক দিনে দুঘন্টাকৈ বৰশী টোপাবলৈ দিয়া হব । যিবিলাকে চিঞৰি চিঞৰি উশাহ বন্ধ হৈ নোযোৱালৈকে কথা কৈ থাকে, তেওঁলোকক বৰশী বোৱাৰ লগতে অনুলোম বিলোম ধৰনৰ য়'গা কৰিবলৈ দিয়া হব । এইবোৰৰ লগতে শিকাৰো বিলাকক সাংবাদিকতাও শিকোৱা হব, লগতে দেশ বিদেশৰ বিখ্যাত সাংবাদিক সকলৰ বাতৰি পৰিবেশনৰ ভিডিও চাবলৈ দিয়া হ'ব । অবশ্যে ৰিপাব্লিক টিভি চাবলৈ দিয়া নহব ।

     ট্ৰেইনিং শেষ কৰাৰ পাছত কাম । আমাৰ চেনেলত দুজনমান কৰ্মচাৰী নিয়োগ কৰা হব যি আমাৰ চেনেলৰ প্ৰগেম বোৰ চাই থাকিব আৰু অসমীয়া ভাষাত কিবা আসোঁৱাহ পালেই মেনেজমেন্টক ৰিপৰ্ট কৰিব। যদি কিবা আসোঁৱাহ এইকিজনৰ চকুত নপৰে আৰু মেনেজমেন্টে নিজে ধৰা পেলায়, তেনেহ'লে এইকিজনৰ দৰমহা কটা হব । যি ভুল কৰিছে সেইজনক নটিচ দিয়া হ'ব, পিছে তিনিবাৰতকৈ বেছি ভুল কৰিলে দৰমহা কটা হ'ব আৰু আকৌ এমাহৰ ট্ৰেইনিঙলে পঠিয়াই দিয়া হ'ব।

     এতিয়া প্ৰশ্ন উঠিব পাৰে, এনেকুৱা চেনেলত কাম কৰিবলৈ আহিব কোন ? আহিব, কাৰন আন চেনেলতকৈ ইয়াত দৰমহা ৫০% বেছি হব । প্ৰধান সম্পাদক জন মূধাফুটা সাংবাদিক হব আৰু সমাজৰ আন বিষয়ৰ মূধাফুটা কিছুমানও মাজে সময়ে কিছুমান শ্ব হ'স্ট কৰিবলৈ আহি থাকিব । মাননী আন চেনেলতকৈ সদায় ৫০% বেছি হব । গতিকে ইয়াত চাকৰি বিচাৰি অহা মানুহৰ দীঘলীয়া শাৰী সদায় লাগি থাকিব । মাৰ্কেটিঙ কৰিবলৈ বিখ্যাত মাৰ্কেটিঙ কোম্পানীক দায়িত্ব দিয়া হব । গতিকে চেনেল হিট হ'বই আৰু মানুহে চাবই ।

     কেবল অসমীয়া ভাষাটো উধাৰিবলৈকে ইমান বোৰ কেলেই কৰিব লাগে বুলি কোনোবাই সুধিব পাৰে । পিছে আন কিবা উপায় কাৰোবাৰ ওচৰত আছে জানো? আছে যদি কওঁক, সেইটোও ভাবি চাম । মানুহে আকৌ সুধিব পাৰে, ইমানবোৰ টকা ক'ৰপৰা আহিব ? ইয়াৰ উত্তৰ মই আগতেই দি থৈছোঁ, এইটো এটা আলাসত চাং পতা অলীক কল্পনা, গতিকে টকা পইচাৰ একো সমস্যা নাই