Type Here to Get Search Results !

ঐতিহাসিক আবৰ্তত নাজিৰাৰ এটি অৱলোকন

  দীপজ্যোতি বৰ গোহাঞি 


     ছশ বছৰীয়া আহোম ৰাজত্ব কালত নাজিৰা এক অন্যতম চহৰ আছিল ৷সেই সময়ত  গড়গাঁও ৰাজধানীৰ লগত নাজিৰাৰ অতি ওচৰ সমন্ধ আছিল ৷যিহেতু গড়গাওঁ  নগৰৰ পৰা দিখৌ নৈ খন দেও দিয়েই  নাজিৰা চহৰ ৷সেয়ে নাজিৰা অঞ্চলতো ৰজাঘৰীয়া কাম কাজ যে কৰিছিল সেই কথা নুই কৰিব নোৱাৰি ৷কাৰণ নাজিৰাৰ আশে পাশে বহুতো ছশ বছৰীয়া আহোম ৰাজত্বৰ  সাক্ষী গড় ;পুখুৰী ঢাপ মৈডাম ৰ লগতে চিণ মোকিম আজিও আছে ৷ঠিক তেনেকৈ  নাজিৰাৰ গাতে লাগি থকা বুৰঞ্জীয়ে স্পৰ্শ কৰা ঠাই সমুহেও নাজিৰা যে এটা বৃহৎ অঞ্চল  সেই কথা প্ৰমাণ কৰে ৷গড়গাওঁ ৰাজধানীৰ  দক্ষিণ দিশত দিখৌ নৈৰ বিপৰীতে নাজিৰা আৰু গড়গাও নগৰলৈ  সংযোগ কৰা ঐতিহাসিক চুণপুৰা ঘাট আৰু  বালিঘাট চুণপুৰা ঘাট স্বৰ্গদেউ   গদাধৰ সিংহৰ ৰাজত্বকালত সৃষ্টি হৈছিল ৷নাজিৰা অঞ্চলত  সিঁচৰতি হৈ থকা মৈডাম ;দ’ল দেৱালয় ;পুখুৰী ;আদিয়েও অতীতৰ কথা সোঁৱৰাই সঘনে নাজিৰা নামৰ উৎপত্তি -----স্বৰ্গদেউ ছু-ক্লে- ং মুং বা গড়গঞা ৰজাই গড়গাঁওত ৰাজধানী প্ৰতিষ্ঠা কৰা পৰবৰ্তী সময়ত নাজিৰা অঞ্চলৰ বহুতো ঠাই ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত নাম জ্বলা হৈ পৰিছিল ৷গড়গাঁও ৰাজধানী ৰাজত্ব কৰা তৃতীয় গৰাকী স্বৰ্গদেউ চু চেং ফা  প্ৰতাপ সিংহৰ ৰাজত্ব কালত  ঐতিহাসিক গজপুৰীয়া আলিয়েদি চুণপুৰা  ঘাটৰ পৰা দিখৌমুখৰ গজপুৰলৈ হাতী নিবলৈ গজপুৰীয়া আলি নিৰ্মাণ কৰিছিল ৷পিছলৈ বৰ আহল বহল আছিল বাবে বৰ আলি বুলি কৈছিল ৷চুণপুৰা ঘাটৰ পৰা প্ৰায় দুই কিলোমিটাৰ ভটিয়াই গজপুৰীয়া আলিৰ কাষত দিখৌ নৈৰ পাৰত সৰু নাওশাল  আৰু ব নাওশাল  নামে ৰজাঘৰীয়া নাওশাল বা নাও নিৰ্মাণ কৰা কাৰষাণা আছিল ৷ওপৰ নাওশলীয়া আৰু তল নাওশলীয়া ত নাও নিৰ্মাণ কৰি কাৰিকৰী বিষয়া সকলৰ বাসস্হান আছিল ৷নাজিৰা সেই সময়ত তল নাওশলীয়া আৰু ওপৰ নাওশলীয়াৰ অন্তভুক্ত আছিল ৷সেই তলনাওশলীয়াত চাৰিবিধ নাও নিৰ্মাণ হৈছিল ৷সেই নাও বিলাক আছিল --বৰ নাও ;মগৰী নাও;দুমানী নাও ;আৰু পানচৈ নাও ৷বৰ নাও বিলাকত যুদ্ধৰ সময়ত ৰচদ যুদ্ধৰ সামগ্ৰী ;লগতে বিভিন্ন আহিলা পাতি কঢ়িয়াইছিল ৷দুমানি নাও বিলাক অতি বেগী আছিল ৷বাতৰি যোগানৰ বাবে ৷নাৱত  নাও বৈছা ফুকন সহ তিনিজন মান মানুহ যাব পাৰিছিল ৷মগৰী নাও মুৰত মগৰ  থকা যুদ্ধত ব্যৱহাৰ কৰিছিল ৷পানচৈ নাও পাল তৰা ৰজাৰ বিলিসৰ বাবে  এই নাও বিলাকত সেই সময়ত বিজ্ঞানসন্মত ভাবে নিৰ্মাণ কৰি গড়গাঁও ৰাজধানীৰ সন্মুখৰ দিখৌ নৈত  জিৰণি দিথোৱা হৈছিল ৷সেই নাও জিৰোৱাৰ পৰাই নাজিৰাহ’ল বুলি বুৰঞ্জী জনা বৃদ্ধ সকলে কৈছিল ৷কোনো কোনোৱে সেই ঠাইৰ পৰা নজৰ কৰাৰ বাবে নাজিৰা হ’ল বশলি কব বিছাৰে ৷কিন্ত কি নজৰ দিছিল  আৰু কেতিয়া কোনে দিছিল সেই কথাত বুৰঞ্জী নিমাত ৷

নাজিৰাৰ ঐতিহাসিক পটভুমি 
=====
      স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ ৰ ৰাজত্ব কালৰ পৰা নাজিৰা ইতিহাসপ্ৰসিদ্ধ হৈ পৰে ৷বহুতো বুৰঞ্জী প্ৰসিদ্ধ ?ঠাই খাত -পাম =মঠ মন্দিৰ ;মৈডাম দ’ল দেৱালয় আলি পুখুৰী আদি ইতিহাস নাজিৰাত আছে ৷ সেই ঐতিহাসিক সম্পদ সমুহৰ সকলো পোহৰলৈ অহা নাই কিন্ত পোহৰলৈ অহা সমুহৰ বহুতো কালৰ কুটীল গতিত ধ্ৱংসৰ দিশলৈ গতি কৰিছে উপযুক্ত সংৰক্ষণৰ অভাবত ৷তাৰ অন্যতম দিখৌৰ বুকশত জাহ যাবলৈ ধৰা মহেশ্বৰ ঘৰ বা মাই দ’ল ৷কিন্ত এই দ’লটোক মানুহে গৰখীয়া দ’ল  বুলিও কৈ আহিছে ৷এই দ’লটো আহোম ৰাজত্ব কালত  অবিভক্ত শিৱসাগৰ জিলাত নিৰ্মাণ কৰা দেৱালয়ৰ ভিতৰত পুৰণি আৰু প্ৰথম দ’ল বুলি জনা যায় ৷এই দ’লটো স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰি বুলি জনাযায় নিৰ্মাণৰ কাল ১৬০৩ --৪১ ৰ ভিতৰত ৷দ’লটো শিৱ দ’ল আমি অনুমান কৰিব পাৰো যে দ’লটোৰ অৱয়ব লক্ষ্য কৰিলে ভিতৰত শিৱ লিংগৰ দৰে স্হান দেখা যায় আমি কব পাৰো যে ছশ বছৰীয়া আহোমৰ ৰাজত্ব কালত নাজিৰাৰ যশ মান নাম বহশ গুণে ওপৰত আছিল ===(=সহায় লৈ আগলৈ )