Type Here to Get Search Results !

তেৱেঁই মোৰ আছিল পিতাই

 অৰুণা চেতিয়া খাটনিয়াৰ


ইক তেওঁ কৈছিল- ল'ৰাহঁতৰ মাক- সোণমইনা,আইজনী আৰু
সৰুপোণা হঁতক
 কাম কাজৰ মাজতে
পঢ়া-শুনা কৰিবলৈ কো কবি
সিহঁত বোৰ অলপ ডাঙৰ হৈছে চাবি
 যেন
অদৰকাৰী কামত নিদিয়ে
মন কোনো দিন।

আইতাক মাজে মাজে তেওঁ কৈছিল-বৌতি,নাতিহঁতক তুমি কেৱল মৰমেই নকৰিবা 
শাসনো কৰিবা
চাবা 
যাতে তোমালোকক
সিহঁতে ঠগিব নোখোঁজে।

ককাদেউতাক মাজে মাজে কৈছিল-পিতাই অ'
আমাক কৰা শাসনবোৰ
একেবাৰে সিহঁতক
নিদিবা ঢিলাই, 
চাবা যাতে
এৰাল চিঙাৰ সুবিধা নাপায়
অতি বেছি নহয় একো ভাল
ঘৰলৈ যেন
কোনো দিন নাহে জঞ্জাল।
ককাদেউতাই সন্তুষ্টি ৰে 
পিতাইলৈ চাই-
বোপাই মোৰ বুজন হ'ল
আৰু চিন্তা নাই।

আইতাই ও নাতিহঁতৰ সতে
বুকুখনি ডাঠ কৰি ফুৰে
হেঁপাহত ডুব গৈ
জীয়াই থাকিব লৈ
সাহসকণ দুগুণ বাঢ়ে।

আইয়ে কেউটিকে বুকুত সাবতি
পিতাইৰ সকিয়নি 
মৰমতে দিয়ে
ভাল কামৰ উদগনি
বেয়া কামৰ এশিকনি
দিনটোৰ পাঠৰ ভিতৰতে পৰে।

তেৱেঁই মোৰ আছিল পিতাই
মৰম আৰু আদৰ্শৰে
ঘৰখন
ৰাখিছিল জীয়াই