Type Here to Get Search Results !

সম্পাদকীয়

 

'অনলাইন'

কিছু মাহৰ আগলৈকৈ আমি বোৰ অনলাইনৰ যি কোনাত কামত জড়িত আছিলো যদিও বিশেষ অপৰিহাৰ্য নাছিল। কিন্ত বিশ্বত যেতিয়া ক'ৰনা মহামাৰী হোৱাৰ পাছৰ অনলাইনত দ্ৰুত পৰিবৰ্তন হ'ল। এতিয়া অনলাইন আমাৰ বাবে অপৰিহাৰ্য ৰূপে আমাৰ প্ৰতিজনৰ জীৱনৰ মাজত সোমাই পৰিলেহি জ্ঞাতে বা অজ্ঞাতে। এনে সময়ত বহু বোৰ কথা নতুনকৈ ভাৱিব লগা হৈছে, কৰ্মৰ গতিধাৰা সলনি কৰিব লগা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ গৈ। সামাজিক দূৰত্ব বজাই ৰাখি কামবোৰ কৰিবলৈ যাওঁতে বেচিকৈ আমি অনলাইনৰ সহায় লব লগা হৈছে, লগতে ইয়াৰ চাহিদা অধিক বঢ়াৰ সম্ভাৱনীয়তা আছে। 
    যিবোৰ বস্তুৰ চাহিদা বাঢ়িছে তাৰ প্ৰতি লক্ষ্য কৰি সেই দিশবোৰত ব্যৱসায় ক্ষেত্ৰ এখনো গঢ়ি উঠিছে। দেখা যায় এতিয়া কোনো এজন লোকে অনলাইনৰ মাজত বহু সময় দিছে কিবা বাৰ্তা বিচাৰি বা সমাধানৰ সূত্ৰ বিচাৰি। 
   আজিৰ নতুন চামে তেওলোকৰ অনাগত দিশৰ প্ৰতি লক্ষ্যৰে অনলাইনত ব্লগ, ইউটিয়ুব চেনেল, অনলাইন ট্ৰেডিং, অনলাইন শিক্ষা প্ৰদান ইত্যাদিবোৰ কৰিব পাৰে। এইবোৰ দিশ ভালকৈ আয়ত্ব কৰি ইয়াৰ পৰা আৰ্থিক উপাৰ্জন পথটো বাচি ল'ব পাৰে। 
   সেয়ে নতুন চামে এই সম্ভাৱনীয়তা দিশটোৰ মাজেৰে আৰ্থিক দিশেৰে স্বাৱলম্বী হ'বলৈ যত্নপৰ হ'ব পাৰিব বুলি আশাবাদী।

সম্পাদক-
'সমলয়' মাহেকীয়া ই-আলোচনী
১৫/৮/২০২০