Type Here to Get Search Results !

ছাত্ৰ-ছাত্ৰীৰ ওপৰত ক'ৰোনাৰ প্ৰভাৱঃআমাৰ কৰণীয়

 দীপশিখা চলিহা   দৰং,মঙলদৈ


মাৰ্চৰ পৰাই ক'ৰোনা প্ৰভাৱিত বিশ্ব। এই ক'ৰোণা মহামাৰীয়ে আমাৰ দেশত কেইবামাহৰ ভিতৰতে সলালে স্বাভাৱিক জীৱন। এতিয়াও বহু ৰাজ্যতে স্বাভাৱিক জীৱন উভতি অহাই নাই,হয়তু আগষ্ট চেপ্তেম্বৰ এনেকৈ পাৰ হ'ব।  বিদ্যালয়-মহাবিদ্যালয়, ছৱিগৃহ, ভ্ৰাম্যমান,ছপিং মল,সাপ্তাহিক বজাৰ সমাৰ, চেলুন,হোটেল, যাতায়ত ব্যৱস্থা আদি বন্ধ হোৱাত এচাম মানুহৰ উপাৰ্জনৰ পথ ৰুদ্ধ হ'ল। এচামে উপায় বিহীন হৈ সলাব লগা হৈছে পূৰ্বৰ বৃত্তিও।সমগ্ৰ বিশ্বতে এনে দশা বিগত এশ বছৰত হোৱা নাছিল।সুখে দুখে কিবা কৰি চলি থকা পৰিয়াল এটাকো লকডাউনৰ ফলত কোভিদ আতংকই সৰ্বনাশ মাটি আনিছে।এনে সময়ত ধৈৰ্য,সহ্যৰ বৰ প্ৰয়োজন।মানসিক স্বাস্থ্যৰ যাতে অৱনতি নহয় সেয়া বৰ মন কৰিৱলগীয়া কথা। পুলিচ, চিকিৎসালয়,বেংক আদি সকলোতে যেন ক'ৰোণাই  আজি যেন পীৰা পাৰি বহি লৈছে।অদৃশ্য শত্ৰু ক'ৰোণা মহামাৰীৰ আতংকত বিস্তৰ ক্ষতি সাধন হৈছে ছাত্ৰ-ছাত্ৰী সকলৰো।বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বা শিক্ষক সকলৰ বেছিকৈ প্ৰভাৱান্বিত হোৱা দেখা গৈছে।

বৰ্তমান যুগ যান্ত্ৰিকতাৰ যুগ।সকলো কাম ইলেকট্ৰনিক মাধ্যমেৰে কম সময়তে সমাপন কৰা হয়।আমাৰ হাতত থকা স্মাৰ্ট ফোনটোও তাৰেই উদাহৰণ। ক'ৰোণা মহামাৰীৰ দ্বাৰা প্ৰভাৱিত এই সময়ছোৱাত সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে।যোৱা মাৰ্চ মাহৰ শেষৰ পৰাই সামাজিক সংক্ৰমন ৰোধৰ বাবে লকডাউন প্ৰক্ৰিয়া আৰম্ভ কৰাত আমাৰ ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে থাকি অনলাইন মাধ্যমেৰে পঢ়া শুনা কৰিছে। কিন্তু বাস্তৱিক ক্ষেত্ৰত আমি বিদ্যালয়ত প্ৰত্যক্ষ ভাৱে যি TLM ব্যৱহাৰ কৰিয়ে হওঁক বা অন্য ধৰনেই হওঁক পাঠদান কৰো তাৰ তুলনাত এই অনলাইন মাধ্যম যথেষ্ট লাভজনক নহয়। তথাপি উপায়হীন হৈ তাকেই ব্যৱহাৰ কৰি আছো আমিও। বহু ভিতৰুৱা ঠাইত আজিও সুস্থ মোবাইল নেটৱৰ্কৰ অসুবিধা,বহুতৰে আকৌ এনড্ৰইড মোবাইলেই নাই হয়তো,ইফালে বিদ্যুতৰ লুকাভাকুৰ লগতে নেট পেকৰ উপলব্ধতাৰ সমস্যাও আছে বহু ঠাইত।ইয়াৰোপৰি অন্যান্য বহুতো অসুবিধা আমি প্ৰত্যক্ষ কৰিছো এই অনলাইন পাঠ্যক্ৰমত।কেতিয়াবা হঠাতে আমাৰ নেট নোহোৱা হৈ যায়,গ্ৰাম্যাঞ্চলৰ বিদ্যুত সংযোগ নিয়মীয়া নোহোৱাৰ বাবে বিদ্যাৰ্থী সকলৰ এই পাঠদান প্ৰক্ৰিয়াটো এশ শতাংশই সম্পূৰ্ণ হোৱা নাই যেন বোধ হৈছে।

ঘহি নাথাকিলে দা কটাৰীৰো মামৰ লাগে।তেনে ক্ষেত্ৰত এই ক'ৰোণা মহামাৰী ক্ষণৰ বৃহৎ লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ কুমলীয়া তথা অপৈণত কিশোৰ মগজু নিয়মিত অনুশীলনৰ অভাৱত ভালেখিনি পিছপৰি গৈছে।বহুতে পঢ়াবোৰ পাহৰিছেও,পৰীক্ষাহীন জীৱনত সিহঁতৰ যোগ্যতাও স্থবিৰ হৈ গৈছে। সিঁহতৰ স্বাভাৱিক বিদ্যালয়ৰ জীৱন যাত্ৰাত যেতিয়া হঠাৎ আউল লাগিল সিঁহতৰ সকলো খেলিমেলি লাগি গ'ল। বহুতৰে এতিয়া পঢ়াৰ প্ৰতিও ধাউতি নোহোৱা হ'ল,বিদ্যালয়বোৰ যেতিয়া দিনৰ পিছত দিন,মাহৰ পিছত মাহ বন্ধ হ'ব ধৰিলে তেতিয়া সিঁহতৰ মাজতো এতিয়া যথেষ্ট শংকা আহিছে।আমাকে সোধেঃ কেতিয়া খুলিব? আমিও উপায়হীন তেতিয়া।ইফালে দোকান বজাৰ,কিতাপৰ দোকান,পাৰ্ক,পুথিভৰাঁল আদি  সকলো বন্ধ থকাৰ বাবে সিঁহতে ভয় শংকাৰ মাজত সোমাই গৈছে। ভাবিছে কি হ'ব আমাৰ! ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে এতিয়া।এনেকুৱা পৰিস্থিতিৰ মাজত আমি ছাত্ৰ-ছাত্ৰী সকলৰ ভয় শংকা আদি আঁতৰত ৰাখি আমি নিজাববীয়াকৈ তেওঁলোকৰ মানসিক স্থিতি সবল সজাগ কৰিবলৈ তেওঁলোকক আধ্যাত্মিক শিক্ষা বা যোগাসন ইত্যাদিৰ ব্যৱস্থা কৰি তেওঁলোকৰ মনত উৎসাহ উদ্যম  ধৰি ৰাখিব লাগিব। তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু আনন্দদায়ক হৰমন নিৰ্গমনৰ প্ৰণালীটো যাতে সুস্থিৰ হৈ থাকে তাৰ ব্যৱস্থা আমি বিদ্যালয়ৰ আচাৰ্যসকলে আগভাগ ললেহে এই সময়ত তেওঁলোকৰ বাবে কামত আহিব। এই বন্ধৰ সময়ত চুবুৰীয়ে চুবুৰীয়ে খেলা ধূলা কৰা,গান বাজনা কৰা,চিত্ৰাংকন আদিত তেওঁলোকক ব্যস্ত ৰখাটোও এটা ইতিবাচক কথা, বিদ্যাৰ্থীসকল এনে কৰিলে লাভান্বিত হ'ব।সেয়েহে চুবুৰীয়ে চুবুৰীয়ে আমাৰ শিক্ষকসকলেও আমাৰ বিদ্যাৰ্থী সকলৰ কল্যাণৰ বাবে মানসিক উৎসাহ উদ্যম দি খেল ধেমালি,সংগীত সাধনা,ব্যায়াম আদিৰ বাবে চাৰি পাঁচজন মিলি এই অভ্যাস কৰোৱাব লাগিব। আনহাতে এই অভ্যাস সুচাৰুৰূপে চলাই থাকিবৰ বাবে যিখিনি চৰকাৰৰ নিৰ্ধাৰিত নীতি-নিয়ম (যেনে মাক্স পৰিধান কৰা,সামাজিক দূৰত্ব বজাই ৰখা,সময়ে সমজে হাত ধোৱা ইত্যাদি)আছে সেয়া মানিবই লাগিব,তাৰ উপকাৰিতাও তেওঁলোকক বুজাব লাগিব। আমি আমাৰ লগত তেওঁলোকৰ উপযোগী কিতাপ, আলোচনী থাকিলে সেয়া পঢ়িবলৈও দিব পাৰো।   ছাত্ৰ ছাত্ৰী চাৰি পাঁচজনকৈ এনে অভ্যাস কৰালে  উপকাৰত আহিব।মাজে সময়ে আমি বিষয়ভিত্তিক পাঠদান নিজৰ ঘৰতো কৰিব পাৰো।তেতিয়া আমাৰ শিক্ষক সকলৰ সামাজিক দায়বদ্ধতাৰো পৰিচয় হ'ব