Type Here to Get Search Results !

ছশবছীয়া আহোম ৰাজত্ব কালৰ নাজিৰাৰ প্ৰাচীন কীৰ্তি চিহ্ন সোন্দৰ পুখুৰী (দ্বিতীয় তথা অন্তিম খণ্ড)

 দীপজ্যোতি বৰ গোহাঞি (মাদুৰি )


প্ৰথম খণ্ডটিতেই সো্ন্দৰ পুখুৰীৰ কৈ লৈয়ে যে নাজিৰাৰ এই অঞ্চলটোৰ অতীত ইতিহাস আছে  সেই কথা ইতিমধ্যে অবগত কৰা হ’ল ৷হলেও সোন্দৰ পুখুৰী নামটো বৰ আগতে বাহিৰৰ জগত খনৰ লগত  পৰিচিত নাছিল বা  বহল ভাবে প্ৰচাৰ হোৱা নাচিল ৷১৯৪২ চনৰ  ভাৰত ত্যাগ আন্দোলনত  অসমৰ কেইবাজনো অগ্ৰণী নেতা  এই অঞ্চলত আত্ম গোপন কৰি আছিল ৷এই অঞ্চলৰ খেতিয়ক সকলৰ কুঁহিয়াৰ বাৰীৰ বহা ঘৰত থাকে ইয়াৰে প্ৰয়াত মুক্তিযুদ্ধা  "হেম গোস্বামী ;'"মুহিৰাম শইকীয়া "কলিৰাম গগৈ ;মোলোকা তামুলী আদিয়ে খোৱাৰ যোগাৰ দিয়ে৷(এই তথ্য মহেন্দ্ৰ গোস্বামীৰ দেৱৰ পৰা পোৱা )তেতিয়াৰে পৰা এই অঞ্চলৰ নাম বাহিৰৰ লগত সোন্দৰ পুখুৰীৰ নাম প্ৰচাৰ হয় ৷পৰবৰ্তী সময়ত  দেশে স্বাধীনতা লাভ কৰিলে সেই বছৰতে নাজিৰাৰ মুক্তিযুদ্ধা "ঁগোপাল সন্দিকৈ বৰুৱাৰ নেতৃত্বত সোন্দৰ পুখুৰীটো চাফ -চিকুণ কৰি তাৰ পাৰত গান্ধীৰ আদৰ্শৰে উচ্চ বুনিয়াদী দুখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় ৷লগতে Gopal Hanfique Boruah Village Industrial Institute  নামেৰে কুটীৰ শিল্পৰ প্ৰতিষ্ঠান স্হাপন কৰা হল ৷য’ত কাগজ তৈয়াৰ কৰা :সুতা কটা ;পলু পোহা ;বাঁহৰ কামকৰা ;তাঁত বোৱা ;আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল ৷এই অঞ্চলৰ ৰাইজৰ সহযোগত গাঁৱৰ আলিবাট আহল বহল কৰি যাতায়তৰ সুবিধা কৰা হয় ৷সন্দিকৈ বৰুৱাৰ চেষ্টাত ৪৮/৪৯চনতে সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলাৰ কংগ্ৰেছ কৰ্মী ৰ সভা অনুষ্ঠিত হৈছিল ৷সেই সভালৈ অসমৰ কেইবাজনো কংগ্ৰেছ নেতাৰ আগমন ঘটিছিল ৷এই পুখুৰী চাবলৈও এই নেতা সকলৰ এই অঞ্চললৈ আহিছিল যাৰ বাবে পুখুৰীটোৰ চাৰিওটা পাৰ ধুনীয়া হ’ল ৷আন ঠাইৰ মানুহৰ  লগত যোগাযোগ আৰু যাতায়তৰ কিছু সুবিধা হোৱাত সোন্দৰ পুখুৰীৰ নাম প্ৰচাৰ হ’ল এনেকৈয়ে ৷
কথিত আছে যে পশ্চিমৰ কো্ঁচ ৰাজ্যৰ যুৱৰাজ চিলাৰায়ে খুৰি ৰজা দিনত আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ অহাত ৰজাই সন্ধিৰ প্ৰস্তাব দি মিত্ৰতা কৰিবলৈ মান্তি হৈছিল ৷সন্ধিৰ স্বৰ্ত মতে  সোন্দৰ বৰ গোহাঁই কে মু্খ্য কৰি তিনিজনক ওল হিচাবে কোঁচ ৰজাক ভেটি দিছিল কিন্ত সোন্দৰ গোহাঁইৰ আচৰণ আৰু কাম কাজত মুগ্ধ হৈ কোচ ৰজাই তেওঁক সোনকালেই নিজৰ ৰাজ্যলৈ উভতাই পঠাইছিল ৷সোন্দৰ বৰ গোহাঁইয়ে পশ্চিমৰ দেশত থাকোতেই মৃন্ময় প্ৰতিমা সাজি দুৰ্গা পূজা কৰি দেখি আহি আহোম স্বৰ্গদেউক দূৰ্গা পূজাৰ বিষয়ে বৰ্ণনা দিছিলহি ৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজ্ত্ব কালত  সোন্দৰ বৰ গোহাঁইৰ নেতৃত্বত  বিশ হাজাৰ সৈন্য  সামন্ত লৈ কছাৰী ৰাজ্য জয় কৰিবলৈ পঠাইছিল ৷সৈন্যবাহিনী গৈ ছাউনী পাতি থাকোতেই এদিন পুঁৱতি নিশা কছাৰী সৈন্যৰ অতৰ্কিত আক্ৰমণত সোন্দৰ গোহাঞিৰ মৃত্যু হ’ল ৷সেইবাবেই সৈন্য বাহিনী উলটি আহে আৰু কছাৰী ৰাজ্য জয়?কৰা নহল ৷ উল্লেখনীয় যে এই সোন্দৰ পুখুৰী গাঁও দুখনৰ  সমাজ জীৱন  সাধাৰণতে দিখৌ নৈৰ পলসে  সাৰুৱা কৰা পলস মাটিয়েই গাঁৱ দুখনৰ। ৰাইজৰ  জীবিকা নিৰ্বাহৰ  প্ৰধান সমল ৷আগতে ধান খেতিৰ লগতে দিখৌৰ কাষৰ বাৰীত বিভিন্ন  শস্যৰ  বাবে সোন্দৰ পখুৰী বিখ্যাত। কিছু বছৰৰ আগৰে পৰা  দিখৌ নৈৰ পলসে উৰ্বৰা কৰা বাৰীত  নানা তৰহৰ শাক -পাচলিৰ খেতি কৰি যথেষ্ট পৰিয়াল আৰ্থিক ভাবে টনকিয়াল ৷যদিও  পৰিয়াল বাঢ়িল ইফালে বাৰীত
 কপিকুলৰ   উৎপাত ত বাৰীত
বিভিন্ন শাক পাচলিৰ খেতি
 কৰাত সাধাৰণ কৃষক সকল অসুবিধাত পৰাৰ কথা জানিব
 পৰা গৈছে ৷বছৰৰ বাৰ মাহতে বিভিন্ন ৰবি শস্যৰ খেতিৰে এতিয়াও বহু পৰিয়াল আৰ্থিক ভাবে টনকীয়াল ৷এটা সময়ত সোন্দৰ পুখুৰী অঞ্চলৰ সকলো লোকেই কুঁহিয়াৰ খেতি কৰিছিল ৷সেইবাবেই সোন্দৰ পুখুৰী অঞ্চলৰ  গুড়ৰ চাহিদা বজাৰত ভাল আছিল ৷উল্লেখ্য যে ইয়াৰে হাজৰিকা পৰিয়ালৰ দুজন ছাত্ৰ প্ৰয়াত কুমুদ গগৈ আৰু লক্ষী গগৈ য়ে ১৯২০ চনতে কুঁহিয়াৰ খেতি আৰু ধান খেতিৰ  ওপৰতে নিৰ্ভৰ কৰিয়েই  মেট্ৰিক পাছ কৰি সেইসময়ৰ  কলিকতাৰ প্ৰেছিডেন্সি কলেজত পঢ়িছিল ৷
পৰবৰ্তী সময়ত দুয়োখন গাঁবতে বহু কলেজীয়া শিক্ষা লোৱা ছাত্ৰ ছাত্ৰী ওলাল ৷নতুন প্ৰজন্ম ৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম হৈ সোণৰ পদক লোৱা ছাত ছাত্ৰছাত্ৰীও ওলাল  নতুন প্ৰজন্মৰ স্লাতক ;স্নাতকোত্তৰ ;আইনৰ স্নাতক  বহু শিক্ষক ওলাল৷এই অঞ্চলৰ ছাত্ৰ শিশু। বিজ্ঞান সমান সমাৰোহত  ৰাষ্টীয় পৰ্যায় পাইছেগৈ ৷শেষত কব বিচাৰো যে ঐতিহাসিক সোন্দৰ পুখুৰীৰ ঐতিহাসিক সমল বিচাৰোতে মই লভ কৰা তথ্য  খিনিয়েই শেষ বা অন্তিম নহয় আৰু বহু ইতিহাস জড়িত হৈ থাকিব পাৰে এইয়া মাত্ৰ ক্ষুদ্ৰৰো ক্ষুদ্ৰ অংশহে ৷মই আশা ৰাখিম এই বিষয়ে বহল ভাবে আলোচনা আৰু গবেষণাৰ প্ৰয়োজন ৷লগতে আশা ৰাখিম এই গাঁৱ দুখনত পূৰ্বতে থকাৰ দৰেই সকলো সৌৰ্য বীৰ্য গৌৰব গাথা নতুন  চামে অগ্ৰজ সকলৰ বাটে দি বাট বুলিব  তেহে অটুত থাকিব  এই অঞ্চলৰ ইতিহাস ; সাহিত্য কলা -সংস্কৃতি  ;নহলে এদিন  সকলো হেৰাই যাব  কালৰ বক্ষত চিৰ দিনৰ  বাবে ৷
কৃতজ্ঞতা স্বীকাৰ  মহেন্দ্ৰ গোস্বামী অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক চকী মুখ উচ্চ মাধ্যমিক বিদ্যালয় )