Type Here to Get Search Results !

পৰম্পৰাগতভাৱে চলি অহা "নাপায়"শব্দটোৱে কণ্যা সন্তানজনীক মানসিক ভাৱে পংগু কৰি পেলায় নেকি ?

 জ্যোৎস্না শইকীয়া


          ল'ৰা-ছোৱালীৰ মাজত যে প্ৰাৰ্থক্য আছে সেইকথা সৰুতেই ছোৱালীজনীয়ে কেনেকৈ বুজি পায় ?ইয়াৰ কাৰণ আমি মা-দেউতা আমাৰ ঘৰখনেই দায়ী নহয়নে ? আমি সৰুৰে পৰাই শিক্ষা দি আহিছোঁ এইতো ল'ৰাৰ কাম ছোৱালীয়ে কৰিব নোৱাৰে,ছোৱালীসকলে নোৱাৰোঁ,নকৰোঁ আদি শব্দবোৰেৰে উওৰ দিব নাপায়। এইক্ষেত্ৰত আমি মাকজনীয়েই বেছি দায়ী নহয়নে ?আধুনিক সমাজৰ শিক্ষিতা মাক জনী হৈয়ো চলাই আহিছোঁ ছোৱালীজনীৰ ওপৰত অত্যাচাৰ।ল'ৰা-ছোৱালীৰ দুটি আমাৰেই তেজ মঙহৰ কিন্তু দুয়োজনেই মাজত কৰিছোঁ মৰম বিভাজন।সৰুৰেপৰাই ছোৱালী জনীক কৈ আহিছোঁ ভাইটি বা ককাইয়েকৰ কাপোৰখিনি ধুবলৈ,ভাইটিক একাপ চাহ কৰি দিবলৈ,ভাইটিৰ বিচনাখন যতনাই থ'বলৈ,আৰু হয়তো গধুলি ঘুৰি ফুৰি অহা ভাইয়েকক চাহ একাপ কৰি দিবলৈ পঢ়া টেবুলত থকা ছোৱালীজনীকেই পাচিছোঁ।কিয় কিয়নো আমি মাকজনীয়ে দুয়োজনকে সমানে কাম কৰিব দিব নোৱাৰোঁ।ছোৱালীজনীক কষ্ট কৰিব দিব পাৰোঁ কিন্তু ল'ৰাজনক একো এটা ক'ব নোৱাৰোঁ ?তুমি তোমাৰ কাপোৰযোৰ  নিজে ধুই ল'বা, বিচনাখন ঠিক কৰিবা,পানীগিলাছ নিজে লৈ খাবা।সকলোৱে চাহ খোৱা সময়তে তুমিও চাহ খাবা।ছোৱালী জনীৰ প্ৰতি আমাৰ অকণো সহানুভূতি নাই।আমি মাকজনীয়েই ভুল শিক্ষা দি আহিছোঁ,ল'ৰা সন্তানৰ প্ৰতি বেছি গুৰুত্ব দি আহিছোঁ।আচলতে মা সকল স্বাৰ্থপৰ আৰু ছোৱালী জনী লাঞ্চনা ভোগাৰ একমাত্ৰ কাৰণ। আৰম্ভণিৰেই পৰাই আমি তাহাঁতক ভুল শিক্ষা দি আহিছোঁ,দুয়োজনকে সমানে শিকাই বঢ়াই আগবঢ়াই নিব পৰা নাই,ল'ৰাজনে কাম কৰিলে যিমানখিনি দুখ অনুভৱ কৰোঁ ছোৱালীজনীয়ে কৰিলে সমানে দুখ অনুভৱ নকৰোঁ।সৰুৰেপৰাই ছোৱালীজনীয়ে নিজৰ কাম নিজে কৰিব পাৰে ল'ৰাজনে পাৰেনে ?ছোৱালীসকলে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা হৈছে, ল'ৰাৰ সমানে সমানে কাম কৰিব পৰা হৈছে তথাপিও আজিওঁ এই পাৰ্থক্য কিয় ?মা-দেউতাক আৰু ঘৰখনৰ কাৰণেই ছোৱালীসকল আজি দূৰ্বল আৰু অবলা নাম পাবলৈ ল'লে।দুখ কষ্টবোৰ নিজেই ভোগী থাকিবলগীয়াত পৰিছে,প্ৰত্যুত্তৰ তাই যে দিব নোৱাৰে কাৰণ নাপায় শব্দটো ছোৱালীজনীৰ মগজুত ভালদৰেই থিতাপি লৈছে।আমি কিয় তাইক ল'ৰাৰ দৰে তুলি-তালি ডাঙৰ-দীঘল কৰিব নোৱাৰোঁ।
                                 আমি মাকসকল বৰ স্বাৰ্থপৰ লগতে মহাপাপী। ছোৱালীজনীৰ ওপৰত বহু অন্যায় কৰি আহিছোঁ ,এই অন্যায়ৰ বাবেই বৃদ্ধ অৱস্থা বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে,মৰমৰ ল'ৰাই নিজৰেই মাতৃক বৃদ্ধাআশ্ৰমত থৈ অহা ঘটনাবোৰ হ'বলৈ পাইছে।মুঠতে নিজে কৰা পাপৰ ফল আমি ভুগিবলগীয়া হৈছে এই বৃদ্ধ অৱস্থাত। 
            আজিৰ সমাজত সকলো শিক্ষিত নাৰী।শিক্ষিতা নাৰীসকলেই এইবোৰ ভেদাভেদ আঁতৰাই সমাজখনত পৰিবৰ্তন আনিব লাগিব, নহ'লে নাৰীসকল সদায় দূৰ্বল আৰু অৱলা হৈয়েই থাকিব ।