Type Here to Get Search Results !

প্ৰেৰণা

 জীনামণি বৰগোহাঁই দুৱৰা









প্সিত বস্তু পোৱাৰ লক্ষ্য আমাৰ
য'ত কোনো প্ৰয়োজন নাই আপোন পৰৰ
কাৰ পৰানো পাব পাৰি যোগ্য পুৰস্কাৰ
তাৰেই চেষ্টাতে আমি ব্যস্ত অবিৰাম  ।
যোগ্যতাৰ দৌৰত পাহৰি যাঁও
সচাঁ মানৱতা,নিস্বাৰ্থ প্ৰেম আৰু
ত্যাগৰ গুৰুত্বতাক  ।
জীৱনৰ বাটত বহুতো লগ পালো
যোগ্যতাক কিনি ৰখা প্ৰচেষ্টাও দেখিলো
কিন্তু---------!
আমি বাৰু ঠন ধৰি উঠো কেনেকৈ?
আমাৰ যোগ্যতাৰ প্ৰকৃত মাপকাঠি কি?
এদিন যোগ্য হৈ এই পৃথিৱীক
কেনেকৈ বাৰু দেখুৱাওঁ
আমাৰ প্ৰকৃততে প্ৰেৰণা কোন?