নীলিমা গগৈ
হেঁপাহৰ নাঁওখনক লৈ সোণবৰৰ
কত যে সপোন..।
বঠাপাত দুহাতে সাৱতি
মৰমৰ বোলাইছে আঙুলীৰ বুল।
মন সাগৰত আশাৰ কিৰণ
থৌকি-বাথৌ আজি তাৰ মন।
পানচৈ ঘাটত মেলিব নাঁও;
অচিনা দেশত বেহাব হাট।
সপোনে মেলিব পোখা।
সেউজী বুকুত সিঁচিব ফচল,
মাতৃৰ দুচকুত জিলিকিব
আবেলিৰ কিৰণ।
সাঁচতীৰ তামোল খন মুখত ভৰাই
কথাবোৰ পাগুলি পাগুলি
সোণবৰ পালেহি ঘাট।
দেখাপালে পুৱাৰ সূৰুযৰ ৰেঙনী
মাতৃৰ মুখত...।
নাওখন মেলি সোণবৰে
গুণ-গুণালে
"মন মোৰ উৰি গুচি যায়.. "
হৰ্ঠাৎ,
পিছলি পৰিল নদীৰ কোৱাল সুঁতত
মৰমৰ বঠাপাত..।
মনত সাহস বান্ধি
দুহাতে সিৰলু ফালি
সোণবৰ আগুৱাই গ'ল অসীমলৈ...
ৰিণি ৰিণি ভাহি আহিল অদূৰৰ পৰা
এটি সুৰীয়া কণ্ঠ....
"হেৰ' নাৱৰীয়া মেলি দে ডিঙৰা...
তৰি দে শুকুলা পাল....