Type Here to Get Search Results !

মনৰ কথা

 পল্লৱ বৰুৱা,     দেওমৰণৈ,দৰং  7896344169

টা সময় আছিল আমাৰ ৰাজ্যৰ প্ৰায়ভাগ  মানুহেই মূলতঃ গাওঁত বাস কৰিছিল আৰু প্ৰায় প্ৰত্যেকৰে জীৱিকাৰ প্ৰধান উৎস আছিল খেতি ৷গাওঁবাসী ৰাইজৰ মাজত আছিল সীমাহীন আন্তৰিকতা আৰু বিপদে আপদে প্ৰত্যেকে প্ৰত্যেকৰ সহায়ৰ সমল হিচাপে কাষত থিয় দিছিল ৷
     ব্যক্তিগত পৰ্যায়ত মানুহবোৰৰ মাজত যিদৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল, ঠিক সেইদৰে সামাজিক পৰ্যায়তো পৰস্পৰে পৰস্পৰৰ বাবে সাহস আৰু সম্প্ৰীতিৰ অমল উৎস হৈ ধৰা দিছিল ৷ ফলত নিজে অকলে নোৱাৰা কামবোৰো সমূহৰ সহযোগত সুকলমে সম্পন্ন কৰাটো সম্ভৱ হৈ উঠিছিল ৷বিয়া বাৰু ,বিভিন্ন সকাম নিকাম আদি সমূহীয়া উদ্যোগত সুচাৰুৰূপে পৰিচালিত হৈছিল,ফলত কোনো ব্যক্তি বিশেষৰেই নিজে অকলে কৰিব নোৱাৰা কামবোৰো অনায়াসে সুন্দৰকৈ সমাপন হৈ গৈছিল ৷
    এনেধৰণৰ সমূহীয়া প্ৰচেষ্টাৰ ইতিবাচক ফলাফলে গাওঁবাসী ৰাইজক একত্ৰিত হোৱাৰ ক্ষেত্ৰত উৎসাহ যোগাইছিল আৰু সেয়েহে তেওঁলোকে ইয়াৰ উপযোগিতা উপলব্ধি কৰি আনুষ্ঠানিকভাৱে একগোট হৈ ওচৰ চুবুৰীয়াৰ সৈতে এক সন্মিলীত "গোট" ৰ জন্ম দিছিল আৰু এনেধৰণৰ সমূহীয়া গোট বোৰকেই অভিহিত কৰিছিল "খেল" নামেৰে ৷ এই খেল ৰ জৰিয়তেই বিপদে সম্পদে গাওঁবাসী ৰাইজে একত্ৰিত হৈ নানান কাম নিয়াৰিকৈ সম্পাদন কৰিছিল ৷
    এতিয়া সময় সলনি হ'ল,মানুহবোৰো চহৰমমুখী হ'ল,মানুহৰ আৰ্থিক অৱস্থাও টনকিয়াল হ'ল ৷ফলত নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰেই মানুহে বিভিন্ন সকাম নিকাম সুন্দৰভাৱে কৰিবলৈ সমৰ্থবান হ'ল ৷ এনে প্ৰেক্ষাপটতো কিন্তু গাওঁত বাস কৰা সৰহভাগ মানুহৰ মাজতেই পৰম্পৰাগত সেই "খেল"প্ৰথা চলি থাকিল ৷ পৰম্পৰাৰ প্ৰতি এনে আকৰ্ষণ কোনো কাৰণতে বেয়া কথা নহয় ৷কিন্তু বৰ্তমান সময়ত এই "খেল" প্ৰথাৰ সুবাদত(?)প্ৰায়বোৰ গাওঁতে যি ধৰণৰ কাৰ্য সংঘটিত হৈ আছে,সেয়াহে চিন্তা উদ্ৰেককাৰী বিষয় ৷
     তাহানিৰ গাওঁবোৰত ঠন ধৰি উঠা সামূহিক ঐকতাৰ নিৰ্ভৰযোগ্য সমল "খেল"ৰ লক্ষ্য উদ্দেশ্য আজি যেন ক'ৰবাত হেৰাই থাকিল ৷ এতিয়া প্ৰায়বোৰ গাওঁতে দেখা যায়,একেটা চুবুৰীতেই চাৰি পাচটাকৈ "খেল"৷ বিয়া বাৰু শ্ৰাদ্ধ আদিত ইটো খেলৰ অধীন ব্যক্তিয়ে আনটো খেলৰ অধীন ব্যক্তিৰ ঘৰত খাব নোৱাৰে ,লাগিলে তেওঁলোক যিমানেই আত্মীয় নহওক৷কেতিয়াবা এনেকুৱা ঘটনাও সংঘটিত হয় যে বিয়া বা সকামৰ দিনা আন খেলৰ মানুহক উপস্থিত হোৱা দেখিলে স্ব খেলৰ সকলো মানুহ নোখোৱা নোলোৱাকৈ তাৰ পৰা গুচি আহে ৷ তেনে পৰিস্থিতিত উক্ত পৰিয়ালটোৰ কি অৱস্থা হয়গৈ তাক আৰু বুজাই কোৱাৰ প্ৰয়োজন নাই ৷
    এনে ধৰণৰ ভাঙোনমুখী কাৰ্য কলাপ বৰ্তমান বিভিন্ন গাওঁৰেই পৰিচিত দৃশ্য ৷ এনে প্ৰেক্ষাপটত তাহানিৰ একত্ৰিত হৈ দুৰূহ কাম আন্তৰিকতাৰে সম্পন্ন কৰাৰ মহান উদ্দেশ্য আগত ৰাখি সৃষ্টি হোৱা "খেল প্ৰথাৰ"বৰ্তমান প্ৰাসংগিকতা কিমান সেই বিষয়ে নতুনকৈ চিন্তা কৰাৰ সময় আহি পৰিছে ,নহলে গাওঁবোৰৰ পৰা আন্তৰিকতা,সৌহাৰ্দ্যতা,সম্প্ৰীতি আদি শব্দবোৰ লোপ পাবলৈ আৰু বেছি দিন নালাগিব ...!