কাব্য সংকলন-ফেচবুকত স্পনানী
কবিঃ-স্পনানী গগৈ চেতিয়া
ফেচবুকৰ এগৰাকী জনপ্ৰিয় কবি স্পনানী গগৈ চেতিয়া ।তেখেতৰ পঞ্চম খন কাব্য সংকলন "ফেচবুকত স্পনানী।"অসমৰ অগ্ৰণী প্ৰকাশন "দিগদৰ্শন প্ৰকাশনে" প্ৰকাশ কৰিউলিওৱা কাব্য সংকলন খনৰ বেটুপাত অংকণ কৰিছে প্ৰণৱজ্যোতি দাসে (জোনাক) । মুঠ আঠাশীটা (৮৮)কবিতাৰে সমৃদ্ধ কাব্য সংকলন খন কবিতা ভাল পোৱা তেওঁৰ অনুৰাগী সকলৰ হাতত অৰ্পণ কৰিছে।
কাব্য সংকলন খনত কেইবাগৰাকী বুৰঞ্জী প্ৰসিদ্ধ ৰমণীৰ বিষয়ে কাব্যিক অনুভৱ সজাই তুলিছে ।কবিতা সমূহ হৈছে, "জয়া, কুৰঙ্গনয়নী, হেমো আইদেউ,গড়মা কুঁৱৰী, ফুলেশ্বৰী কুঁৱৰী, অম্বিকা কুঁৱৰী আদি। এই কবিতাসমূহৰ যোগেদি ইতিহাসৰ পাতত জিলিকি থকা আহোমৰ ৰমণীসকলক কাব্যিকতাৰ একোখন চিত্ৰপট জীপাল কৰি তুলিছে । উদাহৰণ স্বৰূপে (জয়া-- পৃষ্ঠা - - ২০)।
" জয়া, মোৰ কথা কৈ দিয়া /চকুৰ পতা
জাপ খোৱা /বিদীৰ্ণ দেহত তেজবোৰ কৰাল মৰী/,
জয়া, মোৰ কথা কৈ দিয়া।"
জেৰেঙা পথাৰত আহোম স্বৰ্গদেউ ল'ৰাৰজাৰ নিৰ্দেশত নিষ্ঠুৰ চাউদাঙৰ হতুৱাই তিলতিলকৈ শাস্তি দি গদাপাণিৰ বাৰ্তা উলিয়াবলৈ চেষ্টা কৰা, মৃত্যুৰ আগমূহুৰ্তত নগাৰ বেশেৰে আহি গদাপাণিৰ কথা ক' বলৈ কোৱা সেই নিৰ্মম ছবিখন কবিয়ে সহজ সৰল ভাষাৰে দাঙি ধৰিবলৈ সক্ষম হৈছে।
"নাহিবা বঙহৰদেউ /বিৰবিৰাই উঠে জয়াৰ দুটি ওঁঠে/
উম কথাবোৰ নুফুটে /দুটি ওঁঠে তেজ নিগৰে ।"
অপৰিপক্ক ৰজাৰ শাসন, লালুকসোলাৰ কুঅভিসন্ধিৰ পৰিণামত সৃষ্টি হোৱা আহোমৰ শাসন যন্ত্ৰৰ চিত্ৰখন সুন্দৰকৈ পৰিস্ফুট কৰি তুলিছে কাব্যিকতাৰ মাজেদি।
ঠিক তেনেদৰে অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়েও কবিয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে। (আমাৰ পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ, পৃষ্ঠা ৩৪) নামৰ কবিতাটোৰ যোগেদি শংকৰদেৱৰ জন্মৰপৰা গোটেই জীৱনজুৰি তেখেতে অসমীয়া সমাজ তথা সাহিত্য জগতলৈ দি যোৱা অৱদানৰ বিষয়ে বিশদভাৱে দাঙি ধৰিছে ।
"শুক্ল পক্ষৰ দশমী জোনে /পোহৰ সজালে, /
শৰতৰ সৌন্দৰ্য্যত পদুমো ফুলিলে, / ৰাতি চাৰি দণ্ডত
শংকৰ উপজিলে /, ১৩৭১ শক আৰু ১৪৪৯ বৰ্ষই
আহিন মাহক পবিত্ৰ কৰিলে ।"
শ্ৰীমন্ত শঙ্কৰদেৱ বেদ উপনিষদ অধ্যয়ন কৰি তাৰপৰা বাচি বাচি সাৰৰো সাৰ অংশ আনি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ভেদাভেদ নাইকিয়া কৰি অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে । সেই বাবেই কবিয়ে মহাপুৰুষ জনাক সশ্ৰদ্ধ প্ৰণাম জনাই উল্লেখ কৰিছে," অসমীয়া জাতিৰ ভাষা ধৰ্ম পৰিহৰি /প্ৰণাম জনালোঁ তোমাক পাৱে পৰি হৰি /, গুৰু শংকৰ সৰ্ব গুণাকৰ/যাকেৰি নাহিকে উপাম।"
কাব্য সংকলন খনৰ প্ৰায়বোৰ কবিতাতে প্ৰেমৰ ৰস বিৰাজমান। "মই তোমাৰ", হৃদয়ৰ ভাষা, তোমালৈ মনত পৰে, মৰমেৰে তোমালৈ, তোমাৰ প্ৰতিচ্ছবি, "আদি ভালেকেইটা কবিতাই প্ৰেমানুভূতিৰ বহিঃপ্ৰকাশ ঘটা দেখা গৈছে কাব্য সংকলন খনত। ইয়াৰোপৰি প্ৰকৃতি, আশা নিৰাশা, সমাজমুখী চেতনা সম্বলিত কবিতাও কাব্য সংকলনত কবিয়ে সন্নিৱিষ্ট কৰিছে । স্পনানী গগৈ চেতিয়াৰ কাব্য সংকলন খনত জটিল শব্দৰ প্ৰয়োভৰ দেখা নাযায় । সহজ সৰল শব্দশৈলীৰে সৰ্বসাধাৰণ লোকে বুজি পোৱাকৈ প্ৰতিটো কবিতাতে অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি ধাৰণা কৰিব পাৰি।
কবিয়ে যথেষ্ট অধ্যয়নৰ যোগেদি ভিন্ন স্বাদৰ কবিতাৰে কাব্য সংকলন খন সমৃদ্ধ কৰি তুলিছে।
মোৰ ক্ষুদ্ৰ অনুভৱেৰে কাব্য সংকলন খন অলপ পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিলোঁ । অনাগত দিনত প্ৰিয় কবিৰ কাপেৰে বৈ আহক নতুন নতুন সৃষ্টি । নতুন সৃষ্টিয়ে
জীপাল কৰক কৃষ্টিৰ পথাৰ ।