Type Here to Get Search Results !

যুৱপ্ৰজন্মৰ অগ্ৰগতিত সমাজৰ বিশেষ ভূমিকা

 অপূৰ্ব নাথ

যুৱ শক্তিয়ে কৰিব নোৱৰা কাম একো নাই। যুৱ শক্তিয়ে গঢ়িব ও পাৰে, ধ্বংস কৰিবও পাৰে। যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মক বিকশিত কৰিবলৈ বহু কেইটা দিশৰ সহায় তথা প্ৰয়োজনীয়তা আছে । এগৰাকী নৱ প্ৰজন্মক আগুৱাই লৈ যাবলৈ ঘৰখনৰ তথা বিদ্যালয় খনৰ শিক্ষক সকলৰ যিমান ভূমিকা থাকে, সেই একেই পৰিমানৰ ভূমিকা থাকে সমাজখনৰ।নৱপ্ৰজন্মৰ শৈক্ষিক জীৱন বিকশিত কৰিবলৈ অথবা ভৱিষ্যত সুন্দৰ আৰু সেউজীয়া কৰি তুলিবলৈ সমাজৰ বিশেষ ভূমিকা আছে।
        
       আজিৰ প্ৰজন্ম কাইলৈ দেশৰ নাগৰিক, দেশৰ সম্পদ,ৰাজ্যখনৰ সম্পদ,ঠিক একেইধৰনে সমাজখনৰো সম্পদ। সমাজ এখনৰ বিশেষ ভূমিকা অবিহনে এগৰাকী ল'ৰা-ছোৱালী আগবাঢ়ি যাব নোৱাৰে।সমাজখনৰ দায়িত্ব থাকিব লাগে এগৰাকী শিশুক আগুৱাই নিয়াত। ঘৰখনৰ পিতৃ-মাতৃয়ে যেনেধৰনৰ ভূমিকা পালন কৰে, এগৰাকী সন্তানক ভবিষ্যতৰ বাবে গঢ়  দিৱৰ বাবে ঠিক একেই পৰিমানৰ নহলেও কিছু পৰিমাণে হলেও ভূমিকা পালন কৰিব লাগে তেওঁৰ সমাজখনেও । মই এইবাবেই সমাজৰ ভূমিকা থাকিব লাগে বুলি ভাবো কাৰণ যেতিয়া সমাজ খনে এগৰাকী ল'ৰা বা ছোৱালী ক আগুৱাই লৈ যোৱাৰ বাবে অৰিহনা যোগাব,সহায় কৰিব তেতিয়া সেই ল'ৰা গৰাকী বা ছোৱালীজনী সেই সমাজ খনৰ প্ৰতি দায়বদ্ধ হ'ব আৰু সমাজখন সুন্দৰ-সুস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰিব। এখন সমাজৰ পৰা এগৰাকী ব্যক্তিয়ে বহুখিনি শিকে। সেয়েহে এখন সমাজৰ পূৰ্ব পুৰুষ সকলে যদি ভাল ভাল আৰ্দশ বোৰ দেখুৱাই থৈ যায়,তেন্তে পিছৰ প্ৰজন্ম সকলেও সেই একে বাটেৰে গতি কৰে ।

           মই ক'ব বিচৰা নাই যে এগৰাকী ল'ৰা-ছোৱালী ক সমাজখনে আৰ্থিক ভাবে সহায় কৰিবই লাগিব। আৰ্থিক ভাৱে সহায় কৰিব নোৱাৰিলেও আমি ভিন্ন ধৰনে সহায় কৰিব পাৰোঁ। অন্ততঃ নতুন প্ৰজন্মক আগুৱাই যোৱাৰ পৰিৱেশ ৰচনা কৰিব পাৰে সমাজখনে। কেৱল মাত্ৰ আৰ্থিক সহায়তাই এগৰাকী ব্যক্তিৰ সফলতা কঢ়িয়াই আনিব নোৱাৰে। তাৰ সমান্তৰালভাৱে এগৰাকী ব্যক্তিক মানসিক সহায়, উৎসাহ, প্ৰশংসা,পৰিৱেশ আদিৰো প্ৰয়োজনীয়তা আছে। প্ৰশংসাই সফলতাত বহু খিনি সহায় কৰে। গতিকে আমাৰ সমাজখনৰ সামান্যতম প্ৰেৰণাৰ বাবেই হয়তো এগৰাকী নতুন প্ৰজন্মৰ ব্যক্তি আগুৱাই যোৱাত বহুখিনি সহায় লাভ কৰে,এইদিশত জ্যেষ্ঠসকলে আগভাগ লব লাগে।সাহিত্য সাংস্কৃতিক দিশত দিহা পৰামৰ্শ দিলেও বহুখিনি উৎসাহিত হয় নতুন প্ৰজন্মই।