Type Here to Get Search Results !

জীৱনৰ হাঁহিবোৰ

ৰুনু শৰ্মা 
গুৱাহাটী।9101036476


জীৱনৰ হাঁহিবোৰ বিচাৰি
  ফুৰোতেই
এটা হাঁহি দেখিছিলো 
সিদিনা দূৰৈৰ পৰাই
এজোপা আমগছত।
ওচৰলৈ গৈ গছজোপা 
জোকাৰি দিলো, 
কিন্তু ক'তা?
গছজোপাৰ পৰা হাঁহিতো
সৰি পৰি নোহোৱা হ'ল।

বহুদিনৰ পিছত ৰাষ্টাত ঘূৰি ফুৰোতে
এজন মানুহ দেখা পালো,
যিজন মানুহে মোক হাঁহিব শিকাইছিল
হঠাতে মোৰ চোলাটোত দেখা পালো
  হাঁহিটো,এইটোৱেই আছিল সেই
       হাঁহিটো,যিটোৱে মোক সূধিছিল
      "আপোনাৰ খবৰ কেনে"? 
মই ঠিক উত্তৰ দিব নাপাওঁতেই
হাঁহিটো আতৰি গ'ল 
সি হয়তো গমকে নাপালে।
জীৱনৰ দুখবোৰ কান্ধত লৈ 
ফুৰিছো হৃদয় নামৰ মোনাটো
   বিচাৰি।
তাতেই অভিনয় নাটক ,থিয়েটাৰৰ
 ৰূপান্তৰ,
বহুবছৰৰ পৰাই হয়তো অভিনয়ৰ
 ৰং সানিছো মুখাবয়বত আৰু
কৃত্ৰিমতাৰ হাঁহিবোৰত।
যেনেকৈ তুমি- তেওঁ বা আপূনিও।
অন্তগৰ্ভতো আছে কৃত্ৰিমতাৰ ফেহুজালি
হঠাতে দূৰৈৰ পৰা দেখা পালো 
হাঁহি আৰু কান্দোনৰ সমদল
সমদলটো আগবাঢ়িছে এটা 
চিনেমা হল আৰু এটা 
শ্বৰূমলৈ।
তাৰ মাজতে এজনে মুখ বিকটাই
হাঁহি মোৰ মূৰৰ পৰা ভৰিলৈকে
 চাই আছে।
মইও তধা লাগি চাই ৰ'লো
সেই জীৰ্ন-শীৰ্ন জকাটোলৈ।
যিয়ে মোক হাত বাউল দি মাতিছে
নদীখনৰ সিটো পাৰলৈ।
তেওঁ নুসূধিলে মোক 
জীৱনৰ কথা, বা জীৱন
মানেনো কি কোনেও নোসোধে
জকাটোৱে আগবঢ়াই দিছিল মোক
এটা টোপোলা ভালকৈ ৰাখিবলৈ।
খুলি চালো হেৰোৱা ঠিকনাতো
আছে নেকি!
দেখা পালো সেই গছজোপাত
ওলমি থকা হাঁহিটো