Type Here to Get Search Results !

সনাতন ধৰ্ম আৰু সুৰক্ষা

 জুৰী গোস্বামী,  ৰুক্মিনী গাঁও,গুৱাহাটী৷  


ভাৰত বৰ্ষৰ প্ৰাণ হ’ল সনাতন ধৰ্ম৷ সনাতন শব্দৰ অৰ্থ হ’ল শ্বাশ্বত বা চিৰন্তন৷ যিটো আগতেও আছিল বৰ্তমানেও আছে আৰু ভৱিষ্যতেও থাকিব ৷জাতি,ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমস্ত জগতৰ কল্যান আৰু দীৰ্ঘায়ুৱেই হ’ল সনাতন হিন্দু ধৰ্মৰ মূল কথা৷পুৰাতন হিন্দুধৰ্মৰ ধাৰণ ক্ষমতা অকল মাত্ৰ ভাৰততে বৰ্তমান ৷ হিন্দুধৰ্মৰ মন্ত্ৰ সমুহত লুকাই আছিল যুগাৱধি মানৱকুলক সুৰক্ষা দিব পৰা ক্ষমতা ৷মানৱৰ মঙ্গল তথা দীৰ্ঘায়ুৰ বাবে সনাতন ধৰ্মই অনেক খিনি প্ৰয়োজনীয় পথ নিৰ্ধাৰিত কৰি থৈ গৈছে ৷যি বোৰ নিয়মমতে পালন কৰি আমি নিজক দীৰ্ঘায়ু কৰাৰ লগতে পৰিবেশ সুৰক্ষা আদিৰ ব্যৱস্থাৰো দিহা দি গৈছে ৷যোগাভ্যাস হ’ল সুস্থ শৰীৰ ধাৰণৰ প্ৰধান উপায় ৷প্ৰণায়ম আৰু যোগভ্যাষে মানুহক সম্পূৰ্ণ সুস্থ কৰি ৰাখে সেই কথা বৰ্তমান সময়ত বিশ্বই মানি ল’লে ৷গতিকে সকলো মানুহেই যোগমুখী হৈ নিৰোগী হৈ থাকিব পাৰে ৷ কৰোনাৰ দৰে বিষাক্ত ভাইৰাছে ভাৰতক গ্ৰাস কৰিবলৈ অহাৰ সময়টো সমগ্ৰ ভাৰত বাসী যোগমুখী হৈ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে ৷ অনোলোম বিলোম অভ্যাসৰ দ্বাৰা উশাহৰ সমস্যাৰ পৰা নিজক ৰক্ষা কৰিব পাৰে ৷

দিনৰ প্ৰথম প্ৰহৰতে শোৱাৰ পৰা উঠি সুৰ্য্য প্ৰণাম কৰি নিজক শক্তিশালী কৰিব পাৰে ৷ শৰীৰত প্ৰয়োজনীয় ভিটামিনৰ ভৰপুৰ উৎস হ’ল সূৰ্য্যৰ প্ৰথম কিৰণ ৷আগতে,অসমীয়া সমাজৰ (বিশেষকৈ গাওঁ সমুহত) প্ৰতিঘৰ মানুহৰ কিছুমান নিজা নিজা পৰম্পৰা আছিল ৷আৰু সেই সমুহ বৰ কঠিন ভাৱে পালন কৰিছিল আৰু পৰিয়ালৰ মানুহ বোৰ সুস্বাস্থ্যৰে জীয়াই আছিল৷নিয়ম বোৰ চলি আহিছিল প্ৰজন্মৰ পাছত প্ৰজন্ম বাগৰি ৷ খাদ্য প্ৰস্তুত কৰাৰ সময়ত প্ৰতি গৰাকী ৰান্ধনীয়ে  কিছুমান নিজস্ব নীতি নিয়ম পালন কৰিছিল ৷ ৰান্ধনী ঘৰলৈ মানুহৰ আগমনত সততে বাধা আছিল ৷ ৰান্ধনী ঘৰত ব্যৱহাৰ কৰা কাপোৰযোৰেৰে পাকঘৰৰ বাহিৰলৈ নোলাইছিল ৷ গা পা ধুই সাত্বিক ভাৱে পাকঘৰত ৰন্ধা বঢ়া কৰিছিল, ৰন্ধাৰ পিছতো ঈশ্বৰৰ নাম লৈ খোৱা আৰম্ভ কৰিছিল,ৰান্ধনীয়েও বিতৰণ বা পাগৰ সময়ত নাক মুখ ঢাকি ৰাখিছিল,এই নিয়ম নীতি গুৰুত্বও আছে,থাকিবও৷কওঁতে 'চুৱা' বুলি কৈছিল যদিও সেই শব্দটোতেই আছিল সজাগতাৰ মহান মন্ত্ৰ ৷ চাফ চিকুণতা বৰ্তাই ৰাখিবলৈ চুৱা শব্দটোৰে মানুহৰ মনত ভয় সুমুৱাই দি অজ্ঞজনৰ মনত বিজ্ঞানটো প্ৰতিস্থিত কৰিছিল৷গোৱৰ পানীৰে সম্পূৰ্ণ ঘৰ মোছাটো আছিল অপৰিহাৰ্য৷পাছলৈ গোৱৰত লুকাই থকা বীজানুমুক্ত কৰিব পৰা শক্তিৰ বৈজ্ঞানিক প্ৰমান হ’ল৷ কি তিথিত কি খাোৱা নিষেধ এখন তালিকা আছিলেই সকলোৰে ঘৰত৷ ৰাতি তিতা,টেঙা,শাক আদি নাখাইছিল৷ বৰ্তমান যুগত বিশ্বাস যোগ্য নহয় যদিও ব্ৰহ্মাদি দেৱগণে পূৰ্বতে যি যজ্ঞ কৰিছিল তাত বসন্ত ঋতু ঘিঁউ, গ্ৰীষ্মঋতু সমিধ ,আৰু শৰৎঋতু হবনীয় দ্ৰব্য সামগ্ৰী আছিল ৷এই যজ্ঞৰ উত্তাপৰ পৰা সাগৰ,হ্ৰদ,নদী আদিৰ পানী বাস্পহৈ ডাৱৰৰ সৃষ্টি কৰিছে ৷তাৰ পৰাই বৃষ্টি হৈছে,এই বৃষ্টিৰ পৰাই বসুধাত অন্নৰ সৃষ্টি হৈছে ,যি অন্ন খায় সমস্ত জীৱগণে জীৱন ধাৰণ কৰিছে ৷আমাৰ অগ্নিত আহুতি দি যজ্ঞ কৰাতো এই মহাযজ্ঞৰ সামান্য অনুকৰণ মাত্ৰ ৷ যজ্ঞ এক প্ৰকাৰৰ তীৰ্থ ৷ব্ৰহ্মই যজ্ঞৰ সাৰাংশ  ৷যজ্ঞই মানুহৰ জ্ঞান বঢ়াই ৷যজ্ঞৰ আহুতিৰ দ্ৰব্যই ৰোগীৰ কৃমি নাশ কৰে ৷সমিধৰ ধোৱাই ও ৰোগ নাশ কৰে ৷যজ্ঞ স্থলিৰ বায়ু প্ৰদুষণ মুক্ত হয় ৷
ঋষি  সকল আছিল একোজন মহান বৈজ্ঞানিক ৷বৈজ্ঞানিক নোহোৱা হ’লে তেওঁলোকে পৃথিৱীৰ গতি বিধিলৈকে নখদৰ্পণত ল’ব নোৱাৰিলে হেতেন ৷
নমো জ্যেষ্ঠায় চ কনিষ্ঠায় চ
নমং পূর্বজায় চাপৰজায় চ
নমো মধ্যমায় চাপগল্ভায় চ
নমো জঘন্যায় চ বুধ্ন্যায় চ।।
(যজুর্বেদ ১৬.৩২)
নমস্কাৰ জ্যেষ্ঠজনক ,কনিষ্ঠ জনক,  ধনী- দৰিদ্ৰ, জ্ঞানী অথবা স্বল্পজ্ঞানী সকলোকে জনাব পাৰি।
কোনো ভেদাভেদ নাই।
নমস্কাৰ এক অনন্য অভিবাদন।
সনাতন সংস্কৃতিৰ বিজ্ঞ সাধক সকলে নমস্কাৰ আদিৰ দৰে কিছু নিয়ম অকাৰণত সমাজত ব্যৱহাৰৰ উপদেশ দিয়া নাছিল।
যাৰ দ্বাৰা আত্মিক সম্ভাষনৰ লগতে দূৰৰ পৰাই আগত জনক অভিবাদন জনাব পৰা হয় ৷
বৰ্ত্তমান ক'ৰণাৰ আগমনে চৌদিশত হাহাকাৰ সৃষ্টি কৰি সকলোকে সনাতন সংস্কৃতিৰ নিয়মৰ গুৰুত্ব পুনৰ সোঁৱৰাই দিলে৷ পুৰাতন১০০০ বছৰ আগত প্ৰচলন কৰা নিয়মৰ গুৰুত্ব এতিয়া বোধগম্য হ’ল ৷ঘৰলৈ অহা আলহীক মুখ ভৰি হাত ধুইহে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ নিয়ম আছিল৷ কৰবাৰ পৰা উভতি আহি ঘৰৰ সদস্যসকলেও মুখ ভৰি হাত ধুইহে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰনিয়ম আছিল, কাল সন্ধ্যা শোৱা নিষেধ আছিল৷ অসাৱধানবশতঃ কিবা কথাত এজনৰ গাত এজনৰ ভৰি লাগিলেও সেৱা কৰাৰ পৰম্পৰা আছিল,পৰিয়ালৰ মুৰব্বী লোকজনৰ অনুমতিৰ পিছতহে ঘৰখনত একোটা সিদ্ধান্ত লোৱা হৈছিল,মাহেকে পষেকে বা কোনো  শুভকাৰ্যৰ আগতে ভগৱন্তলৈ শৰাই এভাগি আগবঢ়াই পুথি এভাগ পঢ়া প্ৰধানতঃ এইবোৰ আচাৰ নীতিয়েই সনাতন আচাৰনীতি৷

সকলো নিয়মৰ মাজত বৈজ্ঞানিক ভিত্তি বিচাৰি ফুৰা অতি আধুনিক সকলক ক'ৰণাই আকৌ প্ৰাচীন নিয়মৰ মাজলৈ উলটি যাবলৈ বাধ্য কৰিলে৷
সকলো সতৰ্ক হওঁক। ।
নিৰ্ধাৰিত  নিয়মৰ মাজেৰে সনাতন যাত্ৰা আৰম্ভ কৰক, আত্মশক্তি আহৰণ কৰক।
এটা সময় আছিল ,যি সময়ত গোময় বা গোবৰৰ ব্যৱহাৰ প্ৰতিখন অসমীয়া ঘৰত কৰিছিল ৷
বৰ্তমান সময়ত মানুহৰ জীৱন ধাৰণৰ মান উন্নত হ’ল ৷মানুহে গোৱৰ পানীৰ উপকাৰীতালৈ আওকাণ কৰিবলে ল’লে ৷তথাপিও অসমৰ গাওঁ চহৰ নিবাসী প্ৰতিগৰাকী মহিলালৈ বিনম্ৰ অনুৰোধ আপোনালোক সকলোৱে নিজৰ পৰিয়ালটিৰ স্বাস্থ্যৰ খাতিৰতে পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰক  যিবোৰ নিয়ম আছিল সেই সমুহ আখৰে আখৰে নিজেও পালন কৰক আনকো পালন কৰিবলৈ শিকাওক ৷ ঘৰলৈ আলহি আহিলে বাহিৰতে হাত মুখ ধোৱাৰ ব্যৱস্থাৰ পাছতহে ভিতৰ সোমাবলৈ দিব ৷ কোনে কি ভাইৰাছ লৈ আপোনাৰ নঙলা দাল পৰ্দা খন চুই গ’ল আপুনি নাজানে ৷জাতি বৰ্ণ নিৰ্বিশেষে নিয়মবোৰ মানিবলে লওক ৷ এটা কথা অতি সত্যবুলি সময়ে প্ৰমান কৰি দেখুৱালে অসমৰ সমাজত প্ৰচলিত প্ৰতিতো পৰম্পৰা অতি বৈজ্ঞানিক আছিল ৷ আগৰ মানুহ সকলে সেই নিয়মবোৰ পালন কৰিছিল মানে তাত বহুত বিজ্ঞান সোমাই আছিল ৷ কালক্ৰমত আমি নিয়মবোৰ পাহৰি গ’লো আৰু আজি আহি এই ভয়ঙ্কৰ অৱস্থাৰ সন্মুখীন হ’লো ৷ সকলোৱে স্বাস্থ্য সন্মত ভাৱে জী থকাৰ অভ্যাস কৰক ৷ তাৰ বাবে আপোনাক কোনোবাই সংকীৰ্ণ মনৰ বুলি কলেও কওক ৷ আপুনি আপোনাৰ পৰিয়াল চুবুৰীয়া গাওঁ আৰু সমাজৰ বাবে নিজকে এগৰাকী বৈজ্ঞানিক  অসমীয়া নাৰীলৈ  পৰিবৰ্তন কৰক ৷আনকো শিকাওক ৷কাৰণ চাফ চিকুনতাইহে এতিয়া পৃথিৱী ৰক্ষা কৰিব পাৰিব ৷ "সৰ্বে সুখীনা শন্তু সৰ্বে শন্তু নিৰাময়ঃ ৷"