Type Here to Get Search Results !

শেষ যাত্ৰা

 নিৰঞ্জন শৰ্মা   ছিপাঝাৰ

মানুহৰ যাত্ৰাবোৰ একে নহয়।

যেনিবা আজি মই পশ্চিমে যাম।
কিন্তু আপুনি যাবলৈ ওলাইছে পূৱে।
যাত্ৰা বুলি আমি পৰিধান কৰা সাজখনো একে নহয়।
যেনিবা মই পৰিধান কৰিছো
ফুটপাথত কিনা এটা তেনেই সাধাৰণ পোচাক।
আৰু আপুনি পিন্ধিছে
কোনোবা বিখ্যাত বিপনীৰ পৰা অনা বিখ্যাত কোম্পানীৰ সাজ।
যাত্ৰাৰ মাধ্যমো একে নহয়।
খোজেই মোৰ সহোদৰ।
আৰু আপুনি?
আপুনি পোনচাতেই গ'ল চাৰিচকীয়া বাহন চলাই।
পিছে??
কিয় জানো??
আপোনাৰ আৰু মোৰ
শেষ যাত্ৰা দেখোন একেই।
যেনে,
এখনেই স্হান।
এখনেই বাহন।
আৰু একেই প্ৰক্ৰিয়াবোৰ।
ছাই হৈ যায় জীৱন।