গীতাঞ্জলি দেৱী
আপোনত্বয়েবা কি
যি পৰিধি ব্যাপ্তি সংজ্ঞা নিদিয়ে ।
সম্বন্ধয়েবা কি
যি পৰমাত্মাৰ ওচৰত পৰিচয় নাৰাখে ।
কাক লৈ আজুৰি থাকোঁ ?
কিয় বা হেৰাই যাই যায়
পুৰুষে-পুৰুষে গঢ়ি উঠা সম্পৰ্কৰ পৰা সম্পৰ্কবোৰ ?
ক্ষণিকতে হেৰাই যায় টান ,
ককাৰ পৰা দেউতালৈ
দেউতাৰ পৰা মোলৈ
আৰু মোৰ পৰা তোমালৈ ।
"মই" , "মোৰ",
অঘৰী আত্মাত নিগাজীকৈ বহে
শূণ্য অহংকাৰ ।
নুবুজা সাঁথৰ হয় -
একেইটো শোণিত
একেইটো লোতক
একেইটো স্পন্দন ।
আচলতে , ইপাৰে তুমি অকলে
মইও অকলে এই পাৰে
মাজত মাথো এখনি ঘৰ ।
মৃত্যুলৈকে জীয়াই ৰাখোঁ সম্পৰ্কবোৰ ।
তুমিও জানা
মইও জানো
কিহৰ বাবে ।