Type Here to Get Search Results !

শেলুৱৈ ধৰা বেঙুনীয়া জীৱন

 সঞ্জীৱ কুমাৰ বাইলুং


                              (চৈধ্য )
গোবিন্দৰ এটি মাত্ৰ কন্যা সন্তান । তাইও ঈশ্বৰ পৰায়ণ । হাঁহিত ফুলি উঠে পদুম । পূৰ্ণিমাৰ চন্দ্ৰ সম মুখমণ্ডল ..কঁকাললৈ বৈ পৰা চুলি..
          ঘৰখনলৈ অহা বিদেশী পৰ্যটকৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পৰিৱেশটো তীৰ্থভূমিত পৰিণত হৈছে । বিভিন্ন ভাষা- ভাষি লোকৰ মাজত সম্পৰ্ক কৰোঁতে তাই এগৰাকী স্মাৰ্ট ছোৱালীলৈ ৰূপান্তৰিত হৈ পৰিছে । এনেও মেধাৱী তাতে বিভিন্ন জনৰ সান্নিধ্যত অতি মেধাৱী লৈ পৰিগনিত হৈছে । কি হিন্দী ,কি ইংৰাজী, কি ফাৰ্চী সকলো ভাষা সলসলীয়াকৈ ক'ব পাৰে । তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ইংলিছ এণ্ড ফৰেইন লেংগুৱেজত মাষ্টাৰ ডিগ্ৰী লাভ কৰাৰ পাছত টাই আহোম ভাষা আৰু সংস্কৃতিৰ ওপৰত গবেষণা কৰি আছে । ভাল অভিনয় কৰে । দেখাতো সাইলাখ গোঁসানী । সহজ সৰল প্ৰকৃতিৰ । গৌৰৱ একেবাৰে নাই । ফ্ৰী এণ্ড ফ্ৰেঙ্ক । ছোৱালীজনী পিংগলতকৈ ছবছৰ মানৰ সৰু হ'ব ।
তাইৰ নাম বোলে ইপ্সিতা ।
              হে ভগৱান কিনো তোমাৰ লীলা!!!

              ৰাতিপুৱা আজি অলপ সোনকালে উঠিলোঁ । শ্ৰীমতীয়ে ৰেডিঅ'টো অন্ কৰি দিলে .....বন্দে মাতৰম্ সুজলাম সুফলাম মলয়জ শীতলাম .... মন প্ৰফুল্লিত হৈ পৰিল ।
বন্ধু গোবিন্দৰ লগতো ব্যস্ততাৰ বাবে বহু বছৰ যোগসূত্ৰ স্থাপন কৰিব পৰা নাছিলোঁ । পিংগল বোলে গোবিন্দৰ ঘৰলৈ গৈছিল এক বিশেষ সংক্ৰান্তত । কথাৰ মাজতে মোক চিনি পাইনেকি বুলি পিংগলক সুধাত পিংগলে একেমুখে মোৰ কথা বহুত কৈ পেলালে হেনো। মোৰ মোবাইল নম্বৰটো খুজিছিল বোলে কিন্তু মোৰ অনুমতি নোলোৱাকৈ দিবলৈ কুন্ঠাবোধ কৰিলে ।
             মহাকবি কালিদাসৰ অভিজ্ঞানম শকুন্তলম পঢ়িছোঁ । দুষ্যন্ত শকুন্তলাৰ পুনৰ মিলন... ভাল লাগে । প্ৰতাৰিত প্ৰেমৰ ছবি অংকন হলেও যোগাত্মক দিশ এটাৰ সূচনা হয় । পিংগলৰ অন্ত:জগত আৰু বহিঃজগতৰ মিলন যদি হয় সেয়া হ'ব শকুন্তলা নাটকৰ উৰ্ধত । কাৰণ  সিহঁতৰ মিলন  জীৱাত্মা পৰমাত্মাৰ মিলন হ'ব । নাৰায়ণ নাৰায়ণ নাৰায়ণ ......
            চেমুৱেল ব্ৰেকেটৰ উদ্ভত নাটক গদোৰ প্ৰতীক্ষাত  (Waiting for Godot) লৈ মনত পৰিছে । কাৰণ মোৰ মন মগজুত উদ্ভট চিন্তাই আমনি কৰিছে  । মই কিন্তু নিজেও ধৰ্মত কৈ ঈশ্বৰ বিশ্বাসীহে.... 
          👉আহে সভাসদ লোক আকাশে কি বাদ্য বাজত ?
           👉 দেব দুন্দুভি বাজত ।
           👉 আ হা হা মিলল মিলন...... নিৰন্তৰে হৰি বোল হৰি ।
                         
                            (পোন্ধৰ )
মোবাইল ফোন । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এক মহান অৱদান । যাৰ যোগেদি সমগ্ৰ বিশ্ব খনকে হাতৰ মুঠিত কঢ়িয়াই লৈ ফুৰিব পাৰি । প্ৰথমতে মই মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ খোজা নাছিলোঁ । মোৰ ৰিটায়াৰমেন্টৰ আগে আগে সহকৰ্মী এজনে লোৱাৰ পোষকতা কৰাত তেওঁকে এটা আনি দিবলৈ কলোঁ ।  দাম আছিল তিনিহাজাৰ তিনিশ টকা । এতিয়া বোলে তাৰ দাম পোন্ধৰ শ মানহে হ'ব । Nokia কোম্পানীৰ ।  ইলেক্ট্ৰনিকচ বস্তু বোৰৰ প্ৰথমতে দামটো বেছি হয় বোলে । সেইদিনা ল'ৰাটো গুৱাহাটীৰ পৰা আহোতে মোলৈ দামী মোবাইল হেণ্ডচেট এটা দি থৈ গৈছে । মোৰটো বোলে আউট ডেটেড হ'ল । গুৱাহাটীৰ তাৰ ফ্লেটলৈ গ'লে সেইটো লৈ যাবলৈ মাকক কৈ গৈছে । তাৰ তাত status maintain কৰিব লাগে বোলে । হেণ্ডচেট টো লৈ গ'লে কি হ'ব চলাব টো জানিব লাগিব । এই বয়সত স্ক্ৰীন টাচ মোবাইল ! ! বাৰু যেই কি নহওঁক সিওযে দেউতাকক বুঢ়া বুলি ভবা নাই । Be positive. ..
হা হা হা ....
         পিংগলক সুধিলোঁ - মোৰ বন্ধু গোবিন্দৰ লগতে ইপ্সিতাৰ কথা । ক'ত কেনেকৈ কিদৰে সিহঁতৰ ঘৰৰ লগত সম্পৰ্ক হবলৈ পালে ।
       সি যথাযথ উত্তৰ দি কথাখিনি বুজাই কোবাত মই আচৰিত হলোঁ আৰু লগে লগে মানসে দিয়া হেণ্ডচেট টো অপাৰেট কেনেকৈ কৰে শিকাই দিবলৈ কলো । তাত বোলে 4G sim card লাগিব । সেয়ে সি মোৰ পৰা পইচা ফটো নথিপত্ৰ লৈ নগৰৰ পৰা একেদিনাই নতুন চিম সংযোগ কৰি দিলে ।
        পিছদিনা ৰাতিপুৱা ন মান বজাত পিংগল আমাৰ ঘৰলৈ আহিলে । সি আনি দিয়া sim card টো jio.    Call centre ৰ লগত যোগাযোগ কৰি মোৰ নম্বৰটো এক্টিভ কৰি দিলে । তাৰ পাছত মোৰ পুৰণি হেণ্ডচেট টোৰ পৰা ফোন নম্বৰ সমূহ নতুন টোলৈ ট্ৰান্সফাৰ কৰি কেনেকৈ Call কৰিব লাগে শিকাই দিলে । সৰু ল'ৰাৰ দৰে দুবাৰমান আঙুলি লগাই দিলো কিবা কিবি খেলি মেলি হৈ থাকিল । পিংগলে হাতত ধৰি ধৰি চাৰ এনেকৈ তেনেকৈ বুলি সহজ কৰি দিলে । প্ৰথম দুদিন মান অলপ অসুবিধা হৈছিল যদিও পিছত এইটোহে বেছি ভাল লগা হ'ল । 
      - হেল্ল ' মানস নেকি? 
     - হয় কোনে কৈছে? 
     - মই তোৰ দেউতা ।
     - বা: দেউতা তোমাৰ নতুন নম্বৰ ।
     - হয় । পিংগলে আনি দিলে । তই দিয়া হেণ্ডচেট টোত মোৰ পুৰণি চিম কাৰ্ড টোৱে কাম নকৰা বাবে নতুন ললো ।
        দুদিনমানৰ ভিতৰতে ফাংচন বোৰ শিকি ললোঁ । পিংগলে whatsapp খুলি দিলে । কেনেকৈ whatsapp ব্যৱহাৰ কৰিব লাগে তাকো শিকাই দিলে । মোৰ পুত্ৰৰলগতে মোৰ কিছুমান লাগতিয়াল মানুহক whatsapp ৰ অন্তৰ্ভূক্ত কৰি দিলে । ভিডিঅ কলিং কৰিবলৈও শিকাই দিলে ।
--- হেৰা হেৰা শুনিছানে ...দৌৰি আহা
--- কিহে পালে নো ইমান চিঞৰিবলৈ ?
--- চোৱা তোমাৰ নাতি 
--- অ' মোৰ সোণগুটি টো । কি কৰিছা?  কিবা কিবি খালানে? দেউতা মা কি কৰিছে ? পঢ়া শুনা কৰিছা নে?  ........
      নাতিটোক মোবাইলত দেখি আইতাকৰ গা সাতখন আঠখন কৰিবলৈ ধৰিলে ।
     মই আগতেই আপোনাক কৈছিলোঁ নহয় এনেকুৱা মোবাইল ফোন এটা কিনা । শুনিছিলা জানো । পলিহঁতৰ দেউতাকে জীয়েক হঁতৰ লগত ভিডিঅ কলিং কৰা দেখিছো নহয় । সকলোকে ওচৰত পাই থকা যেন লাগে ।
     হেৰা দেখিছাহে । কৰিটো  পোৱা নাছিলা । আজি কৰিলা কেনে লাগিল ?
     মোৰ হলে সোণগুটি লৈহে মনত পৰি আছে । বৰটো হৈছে বুজিছা । ওচৰ বাট হোৱা হলে সদায়ে যাব পাৰিলোঁ হেঁতেন । ছে: দূৰ হৈহে আহুকাল হ'ল ।
    এটা কাম কৰিবা তেনেহলে অলপদিনৰ কাৰণে ফুৰি আহাগৈ যোৱা । গা মন বোৰো ফৰকাল লাগিব ।
     কবলৈহে পালোঁ একেবাৰে জাপ মাৰি উঠিল । পঠাবলৈ মন নাছিল যদিও মোৰ পিংগল হঁতৰ লগত কেইটামান কৰিব লগা কাম আছে । এই ছেগতে কৰি লব পাৰিম । নহলে বৰ কেতকেতাই থাকে নহয় । মেজাজ গৰম কৰি দিয়ে ।
        পিংগল হঁতে ইতিমধ্যে এটা গ্ৰুপ কৰিছে social networking site ত । গ্ৰুপটোৰ নাম দিছে ---
VIOLET--The colour of Life. বেঙুনীয়া জীৱন@gmail.com
            গ্ৰুপ টো খোলাৰ লক্ষ্য আৰু উদ্দেশ্য মহ্ত । সিহঁতৰ গ্ৰুপত এতিয়ালৈকে প্ৰায় পাঁচশত কৈ অধিক মেম্বাৰ আছে । মোক গ্ৰুপটোৰ মুখ্য উপদেষ্টা পাতিব খুজিছে । কাৰণ অহা মাহত তেওঁলোকৰ এখন get together হ'ব । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সিহঁতৰ বন্ধু বান্ধৱী সকল আহিব ।
অনুষ্ঠান জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হ'ব । প্ৰধান উদ্যোক্তা হ'ল পিংগল আৰু ইপ্সিতা ।
        ইপ্সিতাৰ লগত ইমান কম সময়তে পিংগলৰ কেনেকৈ সম্পৰ্ক হবলৈ পালে?  
        পিংগলৰ এটা দামী মোবাইল হেণ্ডচেট আছে । বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষলৈ আৰোহণ কৰা social media ৰ ফেচবুক তাৰ প্ৰিয় । এইকাৰণেই প্ৰিয় সি ইতিমধ্যে বহুতো পুৰণি বন্ধুক ফেচবুকৰ জৰিয়তে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । তাৰোপৰি তাৰ ল'ৰালি বন্ধু বান্ধৱী সকলকো ঘূৰাই পাইছে । ল'ৰালিৰ বন্ধু বান্ধৱী পিন্টু, পঞ্চমী, প্ৰিঞ্চ,বকুল, ইমন সকলোকে ওচৰত পোৱা যেন অনুভব কৰিছে । তাৰ ল'ৰালি বন্ধু পিন্টু থাকে মুম্বাইত , প্ৰজ্ঞা থাকে আমেৰিকাত , পঞ্চমী গুৱাহাটীত, প্ৰিঞ্চ দিল্লীত, বকুল পণ্ডিচেৰীত, ইমন শিৱসাগৰত  ।
                                 (ষোল্ল )
ইমন সংগীত নাটক একাডেমীৰ লগত জড়িত । শিবসাগৰতে সংগীত আৰু নাট্য শিক্ষাৰ প্ৰতিষ্ঠান নিজাকৈ খুলি আজি বহু বছৰে সাংস্কৃতিক জগত খনত অৰিহনা যোগাই আহিছে । ল'ৰালি কালত সকলো বন্ধু বান্ধৱীৰ ভিতৰত আগৰণুৱা ইপ্সিতাকহে নিষ্ঠুৰ ভাবে ভগৱানে কাঢ়ি লৈ গ'ল ।
        এদিন পিংগলে ফেচবুকত ইপ্সিতা নামৰ কোনো ছোৱালী আছে নেকি search কৰিলে । তেনে নামৰ ছোৱালী অলেখ আছে । তাৰেই এগৰাকীৰ নামৰ আগত ৰাজকুমাৰী ইপ্সিতা বুলি পালে । তাইলৈ Friend request পঠালে । তাইও accept  কৰিলে । তাৰ পাছত ফেচবুকত ভাবৰ আদান প্ৰদান হ'ল । দুয়ো দুয়োৰে ফোন নম্বৰ লৈ কথা বতৰা আৰম্ভ কৰিবলৈ ধৰিলে ।
         -হেল্ল ' কোনে কৈছে? 
         - সুপ্ৰভাত । মই পিংগল প্ৰসন্নই  কৈছো ।
        - অ' পিংগল দা । খবৰ কেনে? 
      প্ৰথম সম্ভাষনতে পিংগলে যেন তাৰ মন মগজুত বিচাৰি ফুৰা ইপ্সিতা জনীক বিচাৰি পাইছে ।
      - ভালে আছো ইপ্সিতা ।
     - অ' পিংগল দা সিদিনা যে আপুনি গল্প এটা আপডেট দিছিলে বৰ ভাল লাগিল । চকু পানী ওলাই গৈছিল জানা । 
     - ধন্যবাদ জ্ঞাপন কৰিলোঁ । 

       সঁচাকৈয়ে তাই মোৰ লৰালি বন্ধু ইপ্সিতা নহয় তো ? একে মাতকথা একে ব্যৱহাৰ ।
       - পিংগল দা মই ফাকুৱাৰ বন্ধত ঘৰলৈ যাম । তুমি আমাৰ ঘৰলৈ ফুৰিবলৈ আহিবা । মা দেউতাই বহুত ভাল পাব । 
        ইমান আঢ্যৱন্ত ঘৰৰ  তাতে P.hd কৰি থকা ছোৱালীজনীয়ে ইমান গাঁৱলীয়া বেকাৰ ল'ৰা এটাৰ লগত ফেচবুকত চিনাকি হৈ ঘৰলৈ মাতিছে । সি ভাবি উৱাদিহ নোপোৱা হ'ল । কি কৰিব?  যাব নে নাযাব । শেষত সিদ্ধান্ত ল'লে সি যাবই । অন্তত: ইপ্সিতা নামৰ ছোৱালীজনীক প্ৰত্যক্ষ ভাৱে চাবলৈকে যোৱাৰ সি সিদ্ধান্ত ললে । 
             ইপ্সিতাৰ কথাই তাৰ মনত সঘনে দোলা দিবলৈ ধৰিলে । দৌল উৎসৱৰ দিনা ৰাতিপুৱা ন বজাত সি ইপ্সিতাৰ ঘৰলৈ ৰাওনা হ'ল । তাই আগতিয়াকৈ দি থোৱা ঠিকনা অনুসৰি কাকো নুসুধাকৈয়ে ইপ্সিতাৰ ঘৰ পালেগৈ ।
           সেইদিনা তাইৰ ঘৰত পোৱা আতিথ্যই পিংগলক বেলেগ এখন জগতলৈ লৈ গ'ল । ইপ্সিতাৰ দেউতাক যেন সাক্ষাৎ ঈশ্বৰ । মাক যেন লক্ষ্মী দেৱী স্বৰূপা । যাক সি ভাষাৰে বৰ্ণাব নোৱাৰে ।
          ইপ্সিতাই তাক কৈছিল --
যিহেতু আমি শিক্ষা দীক্ষাৰে পৰিপূৰক হৈছো সমাজৰ, দেশৰ ,দহৰ হকে কৰিব লগীয়া বহুতো কৰ্তব্য আছে । আমি নতুন প্ৰজন্মক আদৰ্শৰ বাট দেখুৱাই এখন  প্ৰগতিশীল দেশ গঢ়াৰ ক্ষেত্ৰত দায়বদ্ধতা আছে । এই যে দেখিছা যুব উশৃংখলতা............... ক্ৰমশ