Type Here to Get Search Results !

দুটা প্ৰেমিক পিপৰাৰ আত্মপাঠ

 জয়ন্ত ৰাজবংশী,

বৰঙাজুলি চাহ বাগিছা,ওডালগুৰি
দূৰভাষ:9365490281

জোকৰ পিচল দেহৰ সʼতে
দুটা পিপৰাই বৰকৈ যুঁজে
এটা পিপৰাই ভোকৰ ঠেঙৰ সʼতে
আনটোৱে আকৌ জোখৰ দেহত বিচাৰে তেজ ।

ট্ৰেইনৰ ডবা বগাই আকাশ চুই চাৱ
পিপৰা দুটাৰো আছিল ওখ মন
কিন্তু ঝক ঝক্ ট্ৰেইনৰ চকাত
কেতিয়া পিপৰা দুটা চেপেতা হয়
ইয়াৰ হে নাছিল কোনো বতৰা ।

পিপৰা দুটাই বগাইছিল ঘৰৰ বেৰ,
নঙলাৰ জপনা, নিশাৰ বিছনা
তথাপি পিপৰা দুটাই জীয়া উশাহ পোৱা নাছিল
কাৰণ আপোনাৰ দেহত থকা
তেজৰ বাবে যে নাছিল পিপৰা দুটাৰ লোভ ।

লাহে লাহে পিপৰা দুটাই
সাৱতা- সাৱতি কৰি জোখ লৈছিল দুয়োৰে বুকুৰ
বৰ তপত হৈ আছিল
আপোনাৰ দেহ বগোৱাৰ পিছত
পিপৰা দুটাৰ বুকু দুখনি
ঠহ্ ঠহীয়া জ্বৰ ঘামত তিতিছিল দুয়োৰে দেহ ।

সজাই থোৱা ভাতৰ থালত
পিপৰা দুটাই পাইছিল মিষ্টি ৰসৰ স্বাদ
এটা মাত্ৰ পৰা আনটো ভাতৰ দেহত
পিপৰা দুটাই লাহে লাহে জপিয়াইছিল ।

পিপৰা দুটাই সদায় অহা যোৱা কৰিছিল
নিজ বাটে, যি বাটত কাঁইট থাকিলেও নাছিল ভয়
কাৰণ মুৰ তুলি থকাবোৰলৈ
পিপৰা দুটাৰ আছিল অভিমান
এই অভিমানেৰে দুয়োৱে বগাইছিল কথাৰ ওঁঠ
" মুৰ তুলি থকাবোৰৰ আকাশলৈ ইমান লোভ
অথচ দুহাত ওখ কৰাবলৈ নাছিল
তেওঁলোকৰ দুহাতত পোন হাড় ।

দুটা পিপৰাই বগাইছিল নৈৰ দেহ
পথাৰৰ আলিত জুম পাতি পিন্ধিছিল
সমন্বয়ৰ এযুঁৰি শুভ্ৰ পোছাক
অথচ ভুঁই ৰোৱা ৰোৱনীৰ ভৰিৰ পতাত
পিপৰা দুটাই আকাশৰ ঠিকনা চুইছিল
হোৱা নাছিল প্ৰয়োজন কোনো চুচাইড্ নোটৰ ।

মৰিশালিৰ পৰা সিজি থকা মঙহত
পিপৰা দুটাই লৈছিল জোখ প্ৰেম অভিনয়ৰ
" প্ৰেমৰ নাছিল হৃদয়
তথাপি এই ৰাজহাড় পোন কেইজনে
প্ৰেমৰ অভিনয়ৰে নিজৰ দেহ নিজেই চুৱাইছিল " ।

লাহে লাহে দুটা পিপৰাই নাভাগৰিবৰ বাবে
বগাইছিল ভাগৰুৱা কামিজ
কামিজৰ সূতাত নাছিল
অভিজাত হোৱাৰ অকোঁৱা- পকোৱা ভাঁজ
তথাপি ইস্ট্ৰিৰ হেঁচুকত পোন হৈ থকা
কামিজৰ পকেটত পিপৰা দুটাই
প্ৰসৱ কৰোৱাইছিল প্ৰেমিক প্ৰজন্ম ।

পিপৰা দুটাৰ প্ৰেমৰ বুকু দুখনিলৈ
নাছিল কোনোজনৰেই স্নেহৰ চকু
চকুৰ চেলাউৰিটো যে নাছিল শীতলতা
তথাপি পিপৰা দুটাই ভীষণ উত্তাপেৰে
আকাশলৈ মুৰ তুলিছিল-
" হে আকাশ,
তুমি নীলা হৈও লাজ নুবুজিলা
সেয়ে সাগৰৰ দেহত তোমাৰ প্ৰেমৰ আয়োজন
যি আয়োজন
ৰাজহাড় পোনজনৰো হৃদয়ত শিপাই নুঠে ।।।