Type Here to Get Search Results !

কৰোণা মহামাৰী আৰু অসমীয়াৰ খাদ্যসম্ভাৰ

 সদানন্দ শইকীয়া   খান্দাজান,দৰং


ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ খাদ্যাভাস নিৰ্ভেজাল, পৰম্পৰাগত আৰু নিজে উৎপাদিত৷ অসমৰ গাৱে ভূঞে গঢ়ি তোলা ঘৰৰ চৌহদৰ শাকনি বাৰী খন বা বাৰীৰ মাজৰ পুখুৰীটোতো আছে বহু শৰীৰৰ উপযোগী খাদ্যবস্তু৷পুখুৰীৰ থলুৱা বিভিন্ন মাছ,কুচিয়া, কেঁকোৰাৰ লগতে বাৰীখনৰ ঔটেঙা,কৰ্দৈ, অমৰা,শিলিখা, আমলখি,আম,নাৰিকল, কঠাল,কুজি ঠেকেৰা, কলাকচু, লাই লফা, পালেং,কলডিল, পচলা, চজনা, বাহগাজ, তুলসী, জালুক, তেজপাত আদিও পুষ্টিদায়ক আৰু শক্তিবৰ্ধক৷ অসমৰ গাঁও, চহৰ, নগৰ সকলোতে উভৈনদী মানিমুনি, ভেদাইলতা, নৰসিংহ,ঢেঁকীয়া,বালিভতুৱা,পদিনা,শগুনীলতা,
খুটুৰা,ক'লাকচু, কলডিল,আদা, হালধি, ইলাচি নেমু,গোল নেমু আদিও মহৌষধি গুণসম্পন্ন৷ এইবোৰৰ ৰোগ প্ৰতিৰোধক গুনাগুনো উপলব্ধ৷ইফালে থলুৱা জলপান,পিঠা পনা আৰু ফলমূলো বহু উপাদেয় খাদ্য৷অসমৰ চাহপাতৰো আছে অনেক ৰোগ প্ৰতিৰোধ  ক্ষমতা৷ অসমীয়াৰ দৈনন্দিন খাদ্য তালিকাৰ সেউজীয়া শাকপাচলিৰ লগতে থলুৱা ক'লা চাউল,জহা চাউল,উখোৱা চাউলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তথা পুষ্টিগুনৰ বাবে বিদেশতো আজি জনপ্ৰিয়৷ অসমৰ চিৰসেউজীয়া পথাৰত সোণগুটি সিঁচা ৰাম আৰু ৰহিমৰ ঘৰৰ মানুহজনীয়ে গৃহস্থই পথাৰত কাম কৰি থাকিলে আজিও বাৰিষাৰ ৰাতিপুৱা এবাৰ যদি কঠাল আৰু জলপান একাহি লৈ যায় দুপৰীয়াৰ সাজত লৈ যায় পথাৰলৈ পঁইতা ভাত,মাছপোৰা, আলু বেঙেনা পোৰাৰে ভাত একাহি ৷ জাল বাই ধৰি অনা সৰু মাছ অসমীয়া গাঁৱৰ চহাৰ দৈনিক খাদ্য তালিকাত থাকেই৷ ইয়াৰোপৰি বিবিধ আচাৰো তৈয়াৰ কৰে অসমীয়া গৃহিনীয়ে৷ আনহাতে আঠিয়াকলৰ পচলা আৰু মোৱা দৰিকনাৰ আঞ্জাৰ সোৱাদেই সুকীয়া৷ কলডিল,ঢেকীয়া,ঔ টেঙা, অমৰা,মাটি ডাইল আদিৰ তৰকাৰীৰ কথা নকলোৱেই যেনিবা৷ এইসমূহৰো আছে সমানেই পুষ্টিগুন ৷

কৰোণা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে ৷ যিসকল বয়োজ্যেষ্ঠ লোকৰ কৰ্কট, ডায়েবেটিছ, হৃদৰোগ, ৰক্তচাপ, নিউমেনিয়া আদি আছে তেওঁলোকৰ বাবে ক'ৰোণা আৰু বিপদজনক৷ ক'ৰোণা ৰোগীয়ে শ্বাসকষ্ট, ডায়েৰীয়া, কাহ, জ্বৰত ভোগে,গাৰ বিষ হয় আৰু শেষত মৃত্যু হয়৷ এতিয়ালৈকে যিহেতু কোনো প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই সেয়ে ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিয়েই ইয়াৰ প্ৰধান ঔষধ৷ জীৱ এটা জীয়াই থাকিবলৈ অনৰ্গল সংগ্ৰামৰ প্ৰয়োজন হয় ৷ আমাৰ পৰিশ্ৰমী গাঁৱৰ ৰাইজৰ ইমিউনিটিও সেয়ে অলপ শক্তিশালী৷কুঁহিয়াৰ, নাৰিকল,থলুৱা কল-কঠাল আদিও ইমিউনিটি গঢ়িব পৰা ফলমূল৷ সেয়ে এইবোৰো নজনাকৈয়ে ৰাইজে মাহেকে পষেকে খায়েই থাকে সেয়ে এইবোৰ খোৱাৰ বাবেই যেন ইমিউনিটি বাঢ়ি থাকে ৷

কঠোৰ সংগ্ৰামৰ ফলত কেতিয়াবা একো একোটা প্ৰজাতি নিঃশেষ হৈ যায়৷ জীৱ দেহ এটায়ো নিজক বজাই ৰাখিবলৈ সংগ্ৰাম চলাই যায়৷ ইয়েই ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা৷ এই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে আমি নিৰ্ভেজাল আৰু পুষ্টিদায়ক খাদ্য খোৱাৰ অতি প্ৰয়োজন৷ বিশেষকৈ ৰাষায়নিক সাৰৰ বিপৰীতে প্ৰাকৃতিক সাৰ ব্যৱহাৰ কৰা খাদ্যহে আমাৰ শৰীৰৰ বাবে উত্তম৷ অসমৰ জনসাধাৰণৰ ওচৰত উল্লেখিত সহজলভ্য ৰোগ প্ৰতিৰোধকাৰী খাদ্য থকাৰ ফলতেই কৰোণাৰ দৰে মহামাৰীয়ে অসমৰ জনসাধাৰণক হাৰ মনাব পৰা নাই ৷
   এটি নিৰোগী সুন্দৰ স্বাস্থ্য আৰু মনোবল বৃদ্ধিৰ বাবে ব্যায়াম অতিকৈ প্ৰয়োজনীয় ৷ কাম বন কৰি থাকোতেই অসমৰ গাঁৱৰ জনসাধাৰণৰ ব্যায়াম হৈয়েই যায়৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাম কীৰ্তন কৰি হাত চাপৰিৰে ভগৱানৰ শ্ৰীচৰণত একাত্ম হোৱাৰ অন্তৰালতো এটি বিজ্ঞান সাঙোৰ খাই আছে ৷ নাম, পুথি পাঠ বা প্ৰসংগৰ অন্তত  বা মাংগলিক অনুষ্ঠানৰ অন্তত যি মাহ প্ৰসাদ খোৱা হয় তাত থকা বুট, নাৰিকল, কল, আদা, চাউল সকলোৱেই ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰা খাদ্য সামগ্ৰী৷ মুছলমান সমাজত যি নামাজৰ নিয়ম আছে  সেয়াও ১০০% বিজ্ঞানসন্মত আৰু দেহমন নিৰোগী কৰি ৰখাৰ এক আদৰ্শ ৷ ভগৱান আল্লাৰ উপসনা স্হলীত সমবেত হৈ প্ৰাৰ্থনা কৰিলেও শৰীৰ আৰু মনত এক আনন্দ বৰ্ধক হ’ৰমনৰ সৃষ্টি হয় আৰু যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হয়৷ লগতে ই মানসিক অৱসাদ দূৰ কৰি জীৱন সহজতৰ কৰে৷
  ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ এই পৰম্পৰাগত খাদ্যাভাষৰ বাবেই কৰোণাৰ দৰে এক মহামাৰীয়েও বিস্তৰ ক্ষতিসাধন কৰিব পৰা নাই৷ ইয়াৰ প্ৰধান কাৰণ আন ৰাজ্যৰ তুলনিত অসমৰ মানুহৰ ইমিউনিটি ভালেখিনি শক্তিশালী৷ আমি যদি সকলোৱে গাঁৱলীয়া থলুৱা তথা পৰম্পৰাগত খাদ্যাভাষত মনোনিৱেশ কৰি পাশ্চাত্যৰ খাদ্য এৰি দিও তেনেহলে এই বেমাৰৰ পৰা হাত সাৰিব পাৰিম৷ ক'ৰোনাকালত আদা,হালধি,জালুক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় বুলি খবৰ পাইছিলো, পিছে আমাৰ দৈনন্দিন তৰকাৰীত এইবোৰ দিয়াই হয়,আনহাতে শগুনীলতাও অতীজৰে পৰা অসমীয়া সমাজত বিভিন্ন ৰোগৰ পথ্য হিচাপেও খাই আহিছে৷ শেহতীয়াভাবে কঠালগুটি, ৰঙালাউ গুটিৰো কৰোণা প্ৰতিৰোধ ক্ষমতা আছে বুলিও বাতৰি পঢ়িবলৈ পাইছিলো, আনহাতে এইবোৰো আমাৰ ৰাজ্যৰ প্ৰতিঘৰ মানুহৰ খাদ্য তালিকাত আছেই৷ কিন্তু সেইবুলি চৰকাৰী নীতি নিয়ম নামানিলে নহব৷ ক'ৰোণাক প্ৰতিহত কৰিবৰ বাবে নাক মুখ ঢাকি মাস্ক পিন্ধা,সামাজিক দূৰত্ব বজাই ৰখাৰ উপদেশো আমি মানি চলিবই লাগিব৷