Type Here to Get Search Results !

ভোক

 হিতেশ নাথ,  ছিপাঝাৰ(দৰং)


ভোক এটাই কূটকূটাই ঘূৰি ফুৰে

কেতিয়াবা কেঁ‌চা আলিত

কেতিয়াবা ৰাজপথত
কেতিয়াবা পদপথত
কেতিয়াবা নিষিদ্ধ এলেকাত ।
স্বাভাৱিক ভাৱেই
ভাগৰিব খুজিও
ভাগৰি নাযায়
অপদস্ত হোৱাৰ যন্ত্ৰণাত
বেনামী হোৱাৰ ভয়ত ।
চিনাকি হয় বহুতৰে লগত
কেতিয়াবা তাড়নাত
কেতিয়াবা প্ৰবঞ্চনাত
কেতিয়াবা বিশ্বাসঘাতকতাত ।
আশ্ৰয় বিচাৰি পায়গৈ
আধুনিকতাৰ ফলক থকা
অট্টালিকাৰ বেলকনি
কলিং বেলত হাত দিলেই
তলাবদ্ধ কুকুৰৰ ভুক-ভুকনি ।
উভতনি ৰাস্তাত
এটি ডাষ্টবিনেৰে হয় সাক্ষাৎ
ডাষ্টবিনটোৱে কয়-
তোমাক মই চিনিব পাৰিছোঁ‌
তোমাৰ বাবেই মোৰ লগত চিনাকি
এই চহৰৰ প্ৰতি ঘৰৰ এন্ধাৰ কুঠৰি  ।
ভোকৰ প্ৰতিবেশী সকলে কয়-
ভোক,সেয়া তোমাৰ বাসস্থান নহয়
কিয়নো তাত তোমাৰ আপ্যায়ন কৰা নহয়
সেয়া মানৱতাৰ ডাষ্টবিন
তাত মানৱতাক বিসৰ্জন দিয়া হয়