Type Here to Get Search Results !

ভাল মাৰ্কছিটবোৰ গাঁৱৰ পৰা হেৰাই গৈ থাকিব নেকি ?

  শ্ৰী অপূৰ্ব নাথ        ছাত্ৰ, কটন বিশ্ববিদ্যালয় যোগাযোগ: ৬০০৩৪৬৫৭১৪


ব্যক্তি আৰু সমাজৰ এক বিশেষ সমন্ধ আছে । সমাজখন আগবাঢ়ি গৈ থাকে ব্যক্তিৰ সহযোগত।সমগ্ৰ মানৱ  সমাজখনৰ প্ৰতি আমাৰ এক বিশেষ দায়িত্ব থকাটো প্ৰয়োজনীয় বুলি ভাবোঁ। এগৰাকী শিশু যিদিনাখন মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ হয়,সেইদিনাই পিতৃ মাতৃ ৰ লগতে ঘৰৰ আত্মীয় স্বজনে সেই সন্তানটিক লৈ সপোন ৰচে,যদিও প্ৰকাশ নকৰে।তাৰ সমপৰিমানে সেই শিশুটিৰ ভবিষ্যতকলৈ একেধৰনৰ বিশেষ আশা কৰে পৰিয়ালটো আৰু ওচৰ-চুবুৰীয়াসকলে।দিন বাগৰি যোৱাৰ লগে লগে সেই শিশুটি ক্ৰমান্বয়ে বৃদ্ধি আৰু বিকশিত হবলৈ ধৰে।গাওঁ খনৰ সকলোৱে এগৰাকী শিশু ৰ বিকাশ বা সাফল্যক লৈ আনন্দ কৰে।শিশু এগৰাকী ডাঙৰ হৈ বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে আৰু তাৰ লগে লগে শিশুটিৰ জ্ঞান বৃদ্ধি হবলৈ ধৰে।এটি শিশুৱে যিখন গাঁৱত জন্ম গ্ৰহণ কৰে সেই গাওঁ খনৰ প্ৰতি সদায় এক দায়িত্ব থাকিব লাগে।গাওঁ খনৰ প্ৰত্যেক গৰাকী ব্যক্তিয়ে আশা কৰে এগৰাকী নৱপ্ৰজন্মক লৈ,গতিকে ব্যক্তিগৰাকীয়ে গাওঁ খনৰ সৰ্বাংগীন বিকাশৰ বাবে সচেতন হোৱা উচিত।

         কিন্তু আমি এই মাৰ্কছিটধাৰীসকলক হেৰুৱাই গৈ আছোঁ নেকি? অতি পিছপৰা ভিতৰুৱা গাওঁ এখনৰ পৰাও মানৱ সম্পদৰ জন্ম হব পাৰে।সফলতাৰ প্ৰথম অৱস্থাত সেই সফল ব্যক্তিগৰাকীয়ে গাওঁ খনত থাকিয়েই জীৱন নিৰ্বাহ কৰে।গাওঁ এখনৰ পৰা সৃষ্টি হোৱা উজ্বল নক্ষত্ৰবোৰ বিভিন্ন সূত্ৰে বহু ঠাইত সিঁচৰিত হৈ থাকে।, অতি সাধাৰনভাৱে কবলৈ গলে যিসকল লোক ভাল মানুহ তথা মানৱ সম্পদলৈ ৰূপান্তৰিত হয় সেই সন্মানধাৰী ব্যক্তিসকলৰ এটি মহান দায়িত্ব হল তেওঁলোকে যি স্থানত জন্ম গ্ৰহণ কৰিছিল সেই গাওঁ খনৰ মানুহবোৰৰ সৰু সৰু সপোন বোৰ পূৰণ কৰা।প্ৰত্যেকগৰাকী সফল ব্যক্তিয়ে মনত ৰখা উচিত যে তেওঁলোকক লৈ গাওঁ খনৰ মানুহবোৰে সপোন দেখিছিল।গাওঁ খনৰ মানুহবোৰৰ সৰু সৰু ওজৰ-আপত্তি বোৰ, সৰু সৰু সমস্যাবোৰ ,জীৱন যুজঁ ৰ বাবে প্ৰয়োজন হোৱা সৰু সৰু বস্তু বোৰ পূৰণ কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে হলেও সেই সফল ব্যক্তিগৰাকীয়ে খৱৰ লোৱা খুবেই দৰকাৰ ।

           মই যদি এনেকৈ কও বিষয়টো আৰু সহজ হৈ পৰিব । আমি প্ৰত্যেকেই জনা উচিত যে গছডালৰ শিপাডাল নাথাকিলে অতি সোনকালে উঘালি পৰিব ।অথাৎ আমি প্ৰত্যেকেই যদি একো একো ডাল গছ বুলি ভাবোঁ তেতিয়াহলে গাওঁখন বা জন্মস্থানটি হব আমাৰ বাবে শিপা।গতিকে আমি শিপাডাল ৰ কথা পাহৰি যাব নেলাগে।মই কব খোজা নাই যে প্ৰত্যেকগৰাকী সফল ব্যক্তি সদায় গাওঁতেই বসবাস কৰিব লাগিব। বিভিন্নজনে বিভিন্ন সূত্ৰে অৰ্থাৎ কোনোবাজন যদি চাকৰিসূত্ৰে ,কোনোবাজন যদি ব্যবসায় সূত্ৰে আৰু আন কোনোবাজন হয়তো উচ্চশিক্ষাৰ হকে বিভিন্ন স্থানত থাকিব লাগিব ই । কিন্তু তাৰ মাজতো আমি যিখিনি সময় পাওঁ আমাৰ সাধ্যানুসাৰে গাওঁ খনৰ মানুহক সহায় কৰিব পাৰোঁ।সফল ব্যক্তিসকলে বা চাকৰি সূত্ৰে জড়িত ব্যক্তিসকলে গাওঁখনৰ মানুহক একো দিব নোৱাৰিলেও জীয়াই থকাৰ সাহসখিনি বা মানসিক মনোবল যোগাব পাৰে। বহু সময়ত মই বহুতকে দেখিছোঁ গাওঁখনত জন্ম লৈ ধুলি-বালি ৰ মাজত ডাঙৰ হৈ যেতিয়া উজ্বল নক্ষত্ৰ হয় তেতিয়া গাওঁখনৰ বা ওপজা ঠাইখনৰ লগত সম্পৰ্ক নোহোৱা কৰে।মই বহু সময়ত এইটোও দেখিছোঁ বহু সফল ব্যক্তিয়ে বা ডাঙৰ ডিগ্ৰীধাৰী লোকসকলে নিজৰ ওপজা পবিত্ৰ গাওঁ খনৰ কেৱল মাত্ৰ নামটোহে মনত ৰাখে,পাহৰি পেলায় গাওঁখনৰ আশা, সপোন বোৰ।

        শেষত মই কও মানুহ থিকেই বিকশিত হৈছে, পৃথিৱীখন বহুখিনি আগুৱাই গৈছে, তাৰ লগে লগে যেন পৃথিৱীখনত ভাল মানুহৰ সংখ্যা দিনক দিনে কমি গৈছে ‌। মই আশা কৰোঁ প্ৰত্যেক গৰাকী ব্যক্তিয়ে যেন নিজৰ শিপাডালক কেতিয়াও পাহৰি নাযায়।নিজৰ গাওঁ খনৰ মানুহক যেন সহায় সহানুভূতি আগবঢ়ায়।
       
           এনেবোৰ কাৰনৰ ভিত্তিতেই বৰ্তমান সঘনাই সন্মুখীন হোৱা ডাঙৰ প্ৰশ্নটি হ'ল ভাল মাৰ্ক্সশ্বীতধাৰী ব্যক্তিসকল গাওঁ ৰ পৰা হেৰাই গৈ থাকিব নেকি?????