জয়ন্ত ৰাজবংশী, বৰঙাজুলি চাহ বাগিছা,ওডালগুৰি
বাদুলিৰ পাখি দুখন কাতি
তেজত তেজ মিলাই চোৱা হৈছে,
বাদুলিৰ তেজত ৰঙা ৰঙা তিৰবিৰণি
মানুহৰ তেজত এঙাৰ পচা গোন্ধৰ বতাহ ।
জ্বৰৰ বাবে দহাব বিচৰা নাই
কছাইৰ দোকানত ওলমি থকা কেঁচা মঙহ
মঙহবোৰৰ তেজতো তেজ মিলোৱা হৈছে
তেজৰ উশাহ হʼলে দেখা নাই দুচকুৱে
মাথোন কছাইৰ দোকানত মানুহৰ ভিৰ
ভিৰৰ উশাহত মঙহৰ দামত ওঁঠৰ সভা ।
বগলীয়ে জাক পাতি আকাশত ছোঁ ঘৰ সাঁজে
মানুহে মাটি কাতি মাটি তপতাই তপতাই
শিলৰ দেৱাল সজাই ভাগ ভাগ কৰে উশাহ
যি উশাহৰ বাবে
শিল্প হোৱাৰ নাথাকে হাবিয়াস
মাথোন তেজত তেজ মিলাই সুখী শিল পিন্ধা হয়
নিৰোগী হৈ থাকি ৰোগৰ বিজাণু খুচৰিব ।
ৰোগ এটাই বুকুলৈ উজাই আহিবৰ বাবে
নাথাকে বৰ বেছি সময়ৰ অহা- যোৱা
হয়তো এই ৰোগ হ'ব পাৰে
ইজনে সিজনক সাৱতি লোৱাৰ যৌনতা
নেতাৰ কৰাৰ মহলা দেখি
মুৰ তুলি নেতাৰ মুখলৈ প্ৰজাই চাই থকা মৌনতা ।
ৰোগৰ বাবে ৰোগ বাঢ়ি নাহে
ৰোগীৰ উশাহত শূন্যতাইও থৰথৰকৈ কঁপে বাবে
ৰোগৰ ভৰি দুখন শকত হয়
ৰোগৰ হাত দুখন ব্যস্ততাত ঘামি উঠে ।
সাপৰ ডিঙি কাতি তেজত তেজ মিলাই
আইনা এখনত বহলোৱা হয় ৰোগৰ উৎস
আইনাখনৰ পিঠিত যি ৰঙ থাকে
সেই ৰঙ আইনাই নেদেখে বাবে
মানুহে মানুহক দেখি পাহৰে বৰফৰ দিন ।
দিনবোৰ এতিয়া বাদুলিৰ ডেউকাত নাই
বগলীৰ সবাহতো নাই দিনৰ বাবে দিনৰ আখৰা
শগুণৰ শ খোৱা জিভাবোৰো এতিয়া দেখোন
মানুহৰ দাঁতৰ আঁৰত কৰকৰাই থাকে ।
সেয়ে এটা ভেকচিনৰ শিল বিচৰা হৈছে
যি ভেকচিনে শিৰাত সোমাই তেজ জীয়াই তুলিব
যি তেজে ৰোগৰ মাটিত এঙাৰ হোৱাৰ কথা নকয় ।
বুকুৰ ভিতৰৰ পৰা খহাই দিয়া হৈছে
অৰ্থৰ বাবে অৰ্থক হিচাপ কৰা আঙুলি
ৰাজনীতিৰ পৰা সমাজনীতিলৈ এটা ভেকচিন লাগে
যি ভেকচিনৰ বাবে মানুহবোৰ
অমানুহ হোৱাৰ নাথাকে কোনো এখন খোলা দৰ্জা ।
ভেকচিন এটা নাপালে উলঙ্গ হʼব দিনবোৰ
এন্দুৰৰ দাঁততো নাথাকিব কবৰৰ মাটি
তথাপি মানুহবোৰৰ ইমান কেঁচা লোভ
অʼ মোৰ দেশৰ মানুহ
আপুনি যে আপোনাৰ বাবে ডাঙৰ ভেকচিন
এই কথাৰে ৰোপন কৰা সেউজীয়া কঁঠিয়া
নহʼলে কাইলৈও আঁচলেও হেৰুৱাব মাটিৰ গোন্ধ
মাতাল ৰাতিত উলঙ্গ হৈ বিচাৰিব ভেকচিনৰ বিষ ।