ধীৰেন শইকীয়া
উন্নৈশ শতিকাত সাত সাগৰ তেৰ নদী অতিক্ৰমি সম্পূৰ্ণ অচিন অজান অৰণ্য,বিভিন্ন বেমাৰ আজাৰ তথা ভয়াবহ প্ৰাকৃতিক ঘটনা পৰিঘটনাৰে আবৃত এইখন অসমলৈ আমেৰিকান বেপ্টিষ্ট মিছনেৰিসকল আহিছিল। সাহসী,আত্মবিশ্বাসী আৰু ভগৱান যীশুৰ প্ৰতি থকা অচলা ভক্তি থকা বাবেহে মৃত্যুকো হাতৰ মুঠিত লৈ এনেদৰে আহিব পাৰিছিল তেওঁলোক।আনকি বৃটিছ চৰকাৰেও আৰম্ভণিতে তেওঁলোকৰ সৈতে সহজ হব পৰা নাছিল,তথাপি তিনি চাৰি মাহৰ বিৰক্তিকৰ সমুদ্ৰযাত্ৰা অতিক্ৰমি অসমলৈ আহিছিল মিছনেৰিসকল কেৱল ভগৱান যীশুৰ অমূল্য বাণী বিলাবলৈ, যাতে সমস্যাপীড়িত এই অঞ্চলৰ জনসাধাৰণে জীৱনটো সহজতৰ কৰিব পাৰে।থোৰতে এয়াই আছিল আমেৰিকান বেপ্টিষ্ট মিছনেৰিসকলৰ উদ্দেশ্য।
অসমলৈ কেতিয়া আৰু কেনেকৈ বেপ্টিষ্ট মিছনেৰিসকল আহিছিল তাৰ সুসংহত তথ্য আজিও পোৱা নাযায়।তথাপি ড.নাথান ব্ৰাউন আৰু অলিভাৰ কাট্টাৰকে অসমলৈ অহা প্ৰথম মিছনেৰি বুলি জনা যায়। নাথান ব্ৰাউন আৰু তেওঁৰ পত্নী এলিজা ব্ৰাউনৰ লগত সাতমহীয়া সন্তান ছোফিয়াক লৈ 1832 চনৰ 22 ডিচেম্বৰত কলিকতাৰ পৰা প্ৰথমে বাৰ্মালৈ বুলি জাহাজত উঠিছিল বুলি জনা যায়।তাৰ তিনিবছৰ পিছতহে আহে অসমলৈ।
যিটো সময়ৰ কথা কবলৈ ওলাইছো সেই সময়ত বৃটিছ কমিছনাৰ তথা ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ উত্তৰ পূবৰ এজেন্ট আছিল মেজৰ ফ্ৰাণ্সিছ জেনকিনছ।এওঁ তেতিয়া শদিয়া শিৱিৰত আছিল। এওঁৰ আমন্ত্ৰনতেই 1836 চনত বাৰ্মাৰ পৰা আমেৰিকান বেপ্টিষ্ট মিছনেৰী ড.নাথান ব্ৰাউন আৰু অলিভাৰ কাট্টাৰ অসমলৈ আহিছিল খৃষ্ট ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ বাবে।ওঠৰ শতিকাত খৃষ্টান ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমেৰিকাত এটা সংগঠনৰ জন্ম হৈছিল।তেনে এটা সংগঠনেই হ'ল The BAPTIST SOCIETY for Propagating the Gospel Among the Heathens।এই সংগঠনৰ কৰ্ণধাৰ আছিল উইলিয়াম কেৰি,1793 চনত তেওঁ ভাৰতলৈ খৃষ্টান ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আহিছিল।লগত আহিছিল এগৰাকী বৃটিছ চিকিৎসক ডা. জন থমাছ,উল্লেখ্য যে তেওঁ ইতিপূৰ্বে কলিকতাত চিকিৎসক হিচাপে কাম কৰাৰ অভিজ্ঞতাও আছিল।ভাৰতৰ মাটিত ভৰি দিয়াৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ লোকে সন্দেহ কৰি দুয়োকে ধৰ্ম প্ৰচাৰৰ কামত সহায় কৰিবলৈও মান্তি নহ'ল।উপায়বিহীন হৈ শ্ৰীৰামপুৰ পালেগৈ দুয়ো।তেতিয়া শ্ৰীৰামপুৰ আছিল ডেনমাৰ্ক শাসনাধীন।1793 চনৰ পৰাই উইলিয়াম কেৰি শ্ৰীৰামপুৰত থাকি ধৰ্মান্তৰকৰণৰ কিছু কাম কৰি থাকি তাতেই এটা ছপাশাল পাতি ধৰ্মীয় কিতাপ পত্ৰ প্ৰকাশ কৰি আছিল,1834 চনত তেওঁৰ মৃত্যু ঘটে। 1810 চনত আমেৰিকাত স্থাপন হয় 'United States of America for foreign Missions' নামৰ আন এটা সংগঠন। এই সংগঠনৰ প্ৰতিনিধি হিচাপে 1812 চনত ভাৰতলৈ অহা এদিনৰাম জাদচনকো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সন্দেহৰ চকুৰে চোৱাত জাদচনে ভাৰত এৰি চুবুৰীয়া বাৰ্মা পায়গৈ। তেওঁ 37 বছৰ বাৰ্মাত থাকি কেইবা হেজাৰো লোকক ধৰ্মান্তৰিত কৰিছিল বুলি জনা যায়।এইসময়তে উত্তৰ পূব সীমান্তৰ পলিটিকেল এজেন্ট জেনকিনছে শদিয়ালৈ বেপ্টিষ্ট মিছনেৰি বোৰ্ডক মাতি পঠিয়ালে, লগতে চিঠি লিখিলে শদিয়ালৈ আহি তেওঁলোকে যদি শ্ৰীৰামপুৰৰ দৰে ছপাখানা পাতে তেনে হলে দুহেজাৰ টকা আগবঢ়াব। তেতিয়া ড.নাথান ব্ৰাউন আৰু অলিভাৰ কাট্টাৰে এই কথা ৰাখিয়েই অসমৰ শদিয়ালৈ আহিছিল খৃষ্টধৰ্ম প্ৰচাৰৰ বাবে।মিছনেৰী বোৰ্ডৰ মানুহে চুবুৰীয়া চীন,বাৰ্মা,শ্যাম দেশক ধৰ্মপ্ৰচাৰৰ আওতাত ৰাখিয়েই 1836 চনত বাৰ্মাত কৰ্মৰত ড.নাথান ব্ৰাউন আৰু তেওঁৰ পত্নী এলিজা ব্ৰাউন আৰু অলিভাৰ কাট্টাৰক অসমলৈ পঠিয়াইছিল।জনামতে তিনিবছৰ কটাইছিল নাথান ব্ৰাউনহত বাৰ্মাৰ মৌমেনত। উল্লেখ্য যে মিছনেৰী বোৰ্ডৰ মানুহে বাৰ্মাৰ পৰা চীনলৈ যাবলৈ সুৰুঙা বিচাৰি বিফল হৈ শদিয়াৰ পৰাই তেনে প্ৰচেষ্টা হাতত লবলৈও শদিয়ালৈ আহিছিল বুলিও বহুতে কব খোজে।
নাথান ব্ৰাউন যেতিয়া শদিয়া পাইছিল তেওঁৰ বয়স আছিল প্ৰায় ত্ৰিশ বছৰ।গ্ৰেজুৱেট ড.নাথান ব্ৰাউনে কিছু বছৰ শিক্ষকতাৰ কৰাৰ লগতে বাতৰি কাকত সম্পাদনাৰ লগতো জড়িত আছিল।জনামতে শদিয়ালৈ আহোতে তেওঁলোকে নাৱত এটা ছপাশালো লৈ আনিছিল। সেইসময়ত শদিয়াৰ পৰিৱেশ পৰিস্থিতি সম্পৰ্কে একো নজনাকৈয়ে তেওঁলোক শদিয়া পাইছিলহি 1835 চনত।তেওঁলোক বাৰ্মাৰ পৰা কলিকতা আৰু কলিকতাৰ পৰাহে শদিয়ালৈ আহিছিল।শদিয়াত তেওঁলোকে খামটি আৰু অসমীয়া ভাষাত খৃষ্ট ধৰ্মৰ বানী বিলাবলৈ আৰম্ভ কৰি থাকোতেই 1839 চনত শদিয়াত খামটি বিদ্ৰোহে চুড়ান্ত পৰ্যায় পাইছিল,ফলত তেওঁলোকে বুঢ়ীদিহিঙৰ পাৰৰ জয়পুৰলৈ কৰ্মস্থলী সলনি কৰিবলৈ বাধ্য হৈছিল।সেই সময় জয়পুৰ আছিল সুচল ঠাই,বৃটিছৰ কেইবাখনো চাহবাগানো গঢ়ি উঠিছিল তাত,চাহবাগানৰ মালিক আছিল বৃটিছ, সেইগুনে সকলো খৃষ্টান আছিল,তেওঁলোকেও নাথান ব্ৰাউনহতক সহায়ৰ প্ৰতিশ্ৰুতি দিয়াত জয়পুৰলৈ গৈ তাৰ পৰাই মিছনেৰী কাম কাজ চলাইছিগৈ তেওঁলোকে। জয়পুৰ সেইসময়ত আওহতীয়া, বিভিন্ন বেমাৰ আজাৰৰ ঠাই হোৱাৰ লগতে বিবিধ বন্য জন্তুৰ ৰম্যভূমি আছিল,ফলত সঘনাই বেমাৰত পৰিছিল পৰিয়ালটো। ফলস্বৰূপে এবাৰ ভাল চিকিৎসকক দেখুৱাবলৈ এলিজা ব্ৰাউনে দুটি সন্তান বুকুত বান্ধি কলিকতা পালেগৈ। তেতিয়া নাথান ব্ৰাউন থাকিল জয়পুৰতে। এনেবোৰ দুৰ্যোগৰ পিছতে 1841চনত তেওঁলোক শিৱসাগৰলৈ আহি তাৰ পৰাই মিছনৰ কামকাজ কৰিবলৈ ধৰিলে।এইখন জয়পুৰতে 1841 চনত প্ৰথম অসমীয়া বেপিষ্ট নিধিৰাম ফাৰৱেলে খৃষ্ট ধৰ্ম গ্ৰহন কৰিছিল। মিছনৰ সমুদায় কাম সদায় অন্তঃকৰণেৰে কৰা নাথান দম্পতীৰ পাঁচটা সন্তানৰ তিনিটাৰেই মৃত্যু ঘটিছিল ধৰ্মপ্ৰচাৰত ব্যস্ত থকা কালত,পিছত বাকী দুজনক লৈ 1846 চনত আমেৰিকাত দুবছৰ কটাই সন্তান দুটিক তাতেই থৈ পুনৰ অসমলৈ উভতিল পত্নী এলিজা ব্ৰাউন। আহি এইবাৰ জয়পুৰৰ পৰিৱেশো ভাল নেদেখিলে।ধৰ্মান্তৰকৰণক লৈ বিভিন্ন কথা ওলাব ধৰিলে সমাজত,ফলত ছপাখানা শিৱসাগৰলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হয় নাথান দম্পতী।
এইবাৰ শিৱসাগৰত বিদ্যালয় এখনো আৰম্ভ কৰি শিক্ষা প্ৰদানৰ লগতে বিভিন্ন কিতাপো প্ৰকাশ কৰি গ'ল দুয়ো।শিৱসাগৰৰ পৰাই অলিভাৰ কাট্টাৰৰ সহযোগিতাত অসমৰ প্ৰথমখন সংবাদপত্ৰ 'অৰুনোদয়' উলিয়ায় ড. নাথান ব্ৰাউনে।পিছে স্বাস্থ্যজনিত কাৰণত 1855 চনত নাথান দম্পতীয়ে অসম এৰি স্বভূমিলৈ গৈ পৰৱৰ্তী সময়ত জাপানলৈ যায়গৈ।1836ৰ পৰা 1855লৈ সুদীৰ্ঘ উন্নৈশ বছৰ কাল অসমত কটোৱা এই নাথান দম্পতীৰ নাম অসমৰ জাতীয় জীৱনে কেতিয়াও পাহৰিব নোৱাৰিব।নাথান ব্ৰাউনৰ 'আমাৰ ত্ৰানকৰ্তা যীশুখৃষ্টৰ নতুন নিয়ম','খৃষ্টৰ বিৱৰণ আৰু শুভযাত্ৰা','Grammatical Notices of the Assamese Languages'আদি উল্লেখযোগ্য গ্ৰন্থ আনহাতে এলিজা ব্ৰাউনৰ 'সাধুৰ পুথি','গননাৰ পুথি','ভূগোলৰ বিৱৰণ' আদি উল্লেখযোগ্য গ্ৰন্থ।
পৰৱৰ্তী সময়ত এই একে উদ্দেশ্যেৰেই অসমলৈ আহে বহুজন মিছনেৰী,যিসকলৰ বৰঙণি ইতিহাস হৈ আছে আজিও।